অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খহুলী দেৱী

খহুলী দেৱী ( Khahuli devi) বা খহুলী নাথ বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হোৱা অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি দি তেওঁ বিয়াল্লিছৰ গণ-আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ গৰ্ভৱতী অৱস্থাতে পুলিচৰ গুলীত নিহত হৈছিল।

হালনাগাদ: ৪ জুলাই ২০২৫ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

খহুলী দেৱী ( Khahuli devi) বা খহুলী নাথ বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হোৱা অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি দি তেওঁ বিয়াল্লিছৰ গণ-আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ গৰ্ভৱতী অৱস্থাতে পুলিচৰ গুলীত নিহত হৈছিল।

জন্ম আৰু পৰিয়াল

১৯২০ চনত নগাঁও জিলাৰ ধিং অঞ্চলৰ ডুমডুমীয়াৰ এটা কৃষক পৰিয়ালত খহুলীৰ জন্ম হয়। তেওঁৰ তিনিজন ভাই-ককাই-বলোৰাম কাটনি, বগীৰাম কাটনি আৰু জোনাৰাম কাটনি। তেওঁলোক নাথ সম্প্ৰদায়ৰ আছিল আৰু পাট, এৰী সূতা কটাও জীৱিকা আছিল বাবে কাটনি বোলা হৈছিল। বগীৰামৰ কপালৰ ওপৰতে মুদ্ৰা এটাৰ দৰে ঘূৰণীয়াকৈ বগা চুলি আছিল বাবে তেওঁক বগীৰাম ফোঁটালো বোলা হৈছিল। বগীৰামে নগাঁৱৰে বালিসত্ৰৰ ছোৱালী বালিকাক বিয়া কৰাইছিল। তেওঁলোকৰ চাৰিটা সন্তানৰ মাজত তৃতীয়টো সন্তান আছিল খহুলী দেৱী।১

বিবাহ

আনুষ্ঠানিক শিক্ষা নথকা খহুলী হাতৰ কামত পাকৈত আছিল আৰু ১৯৩৭ চনত দৰং জিলাৰ ঢেলিয়াজুলি থানা এলেকাৰ নাহৰবাৰী মৌজাৰ কাটনি গাঁৱৰ পোনাৰাম নাথৰ সৈতে বিবাহ হৈছিল।১২৩ তেওঁলোকৰ ১৯৩৮ চনত এগৰাকী কন্যা জন্ম হৈছিল, নাম দিছিল দাৰিকী। পোনাৰামে ১৯৩০ চনৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল আৰু পত্নী খহুলীকো এই কাৰ্যত উৎসাহ যোগাইছিল। ১৯৪০ চনত খহুলীৰ দ্বিতীয় কন্যা সন্তান ভেবেলীৰ জন্ম হয়।১

ঢেকিয়াজুলিত আন্দোলন

ছেপ্তেম্বৰ মাহৰ ১৫ তাৰিখে পুষ্পলতা দাসৰ সভাপতিত্বত হোৱা সভাত ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত নিচান উৰুওৱাৰ সিদ্ধান্ত লোৱা হয়। বগীৰামে এই কথা খহুলীৰ আগত কোৱাত তেঁৱো থানালৈ যাবলৈ সাজু হয়।১ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা খহুলী নাথ আছিল সন্তান সম্ভৱা৷৪১ থানাৰ দাৰোগা মহীধৰ বৰা আৰু সমদলৰ নেতা কমলাকান্ত দাসৰ মাজত বাক-বিতণ্ডা চলিল। এই বাক-বিতণ্ডাৰ মাজতে জনগণ উত্তেজিত হৈ পৰে আৰু লৰা-ঢপৰা হয়। পুলিচে গুলী চালনা কৰে। গুলীচালনাত আনসকলৰ লগতে গৰ্ভৱতী খহুলী নাথো গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ নিয়া হয়; কিন্তু সৎকাৰৰ বাবে তেওঁৰ মৃতদেহ স্বামী পোনাৰামক ঘূৰাই দিয়া নহ’ল।১ ১৯৮৭ চনত কাটনি গাঁৱৰ ৰাইজে তেওঁৰ স্মৃতিত শ্বহীদ খহুলী দেৱী প্ৰাথমিক বিদ্যালয় স্থাপন কৰে।১

মৃত্যু

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলিত বৰগাঁও, নাহৰবাৰী, মিছামাৰী, ঢেকিয়াজুলি আৰু বৰছলা;- এই পাঁচখন মৌজাৰ প্ৰায় ৫ হাজাৰ সাধাৰণ ৰাইজ সমদল কৰি থানা অভিমুখে আগবাঢ়ি গৈছিল৷ নেতৃত্বত আছিল কমলাকান্ত দাস৷ সেইদিনা থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা লোকসকলৰ একেলগে ১১জন লোক পুলিচৰ গুলীত নিহত হৈছিল৷ তাৰ ভিতৰত খহুলী দেৱীও আছিল৷৫৬

তথ্যসূত্ৰ

  1. ↑ বৰদলৈ, ডিমচাঁদ. (২০১৪). বিয়াল্লিছৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰাংগনা খহুলী দেৱী. দেওবৰীয়া খবৰ. পৃ. ৯, ১৫
  2. ↑ কলিতা, ৰমেশচন্দ্ৰ. (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃ. ১৭৮
  3. ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৪১০
  4. ↑ দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা
  5. ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০৩
  6. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খহুলী দেৱী” প্ৰবন্ধৰ সংশোধন ৫২২০৯৭ (৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।