অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাহাদুৰ গাঁওবুঢ়া

বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল। তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৩ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল।১ তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল। বাহাদুৰ গাঁওবুঢ়াই প্ৰথমে মালিবাৰীত বনুৱা হিচাপে আৰু তাৰ পাছত এজন ৰাজনৈতিক বিষয়াৰ ঘৰত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত আছিল। পাছলৈ ইংৰাজে তেখেতক যোৰহাট আৰু তিতাবৰৰ গাঁওবুঢ়া পাতে। তেখেতৰ সাহসৰ বাবে ৰাইজে "বাহাদুৰ" নাম দিছিল।২১

চিপাহী বিদ্ৰোহত ভূমিকা

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ১৮৫৭ৰ সময়ত মণিৰাম দেৱানে অসমৰ ব্ৰিটিছ শাসন ওফৰাবলৈ যো-জা কৰিছিল। বাহাদুৰ গাঁওবুঢ়াক মুছলমানসকলৰ সমৰ্থন গোটোৱাৰ দায়িত্ব দিয়া হৈছিল। তাৰ উপৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দেশী সৈনিকৰ সহযোগত অস্ত্ৰ-শস্ত্ৰৰ যোগাৰতো তেখেত জড়িত আছিল।২ বাহাদুৰ আৰু ফৰ্মুদ আলীয়ে নুৰ মহম্মদ নামৰ এজন সেনা বিষয়াক কন্দৰ্পেশ্বৰ সিংহৰ ওচৰলৈ বিদ্ৰোহৰ আলোচনাৰ বাবে লৈ গৈছিল।৩ ১৮৫৮ চনত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অপৰাধত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ সৈতে তেখেতক দোষী সাব্যস্ত কৰা হয়। দেৱান আৰু বৰুৱাক যোৰহাট ফাঁচী দিয়া হয় আৰু বাহাদুৰ গাঁওবুঢ়াক দুটিৰাম বৰুৱা, ফৰ্মুদ আলী, বিনয় লস্কৰ, গোপেন ৰয় আদিৰ সৈতে কলিয়াপানীলৈ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জে'ল) নিৰ্বাসন দিয়া হয়।

মৃত্যু

আন্দামানৰ পৰা মুক্তি পাই অহাৰ দুই দশকৰ পাছত ১৮৯১ চনত১ তিতাবৰৰ ওচৰৰ দফলাটিঙত কনিষ্ঠ পুত্ৰ দোষ্ট মহম্মদৰ বাসভৱনত তেখেতৰ মৃত্যু ঘটে। যোৰহাটৰ নতুন বালিবাটত তেখেতক সমাধি দিয়া হয়। এই পথটো বৰ্তমান তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে। তিতাবৰতো তেখেতৰ নামত এক স্মাৰক নিৰ্মাণ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ ৰহমান, আবদুৰ. (২০১৩). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃ. ১৮১. ISBN 978-93-244-0318-6
  2. ↑ Wasim Rahman. (13 November 2010). Titabor memorial to honour freedom fighter. The Telegraph
  3. ↑ (2 September 2013). Jorhat remembers heroes of Sepoy Mutiny. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহাদুৰ গাঁওবুঢ়া” প্ৰবন্ধৰ সংশোধন ৩৭৫৯৬৫ (২৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।