অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কলাই কোঁচ

কলাই কোঁচ (১৯১৭, - ১৯৪২) ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী। তেখেতৰ জন্মস্থান নগাঁও চহৰৰ ৩ মাইল পশ্চিমে শেনচোৱা কুমাৰ গাঁৱত। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাই এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০১৮ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কলাই কোঁচ (১৯১৭, - ১৯৪২) ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী। তেখেতৰ জন্মস্থান নগাঁও চহৰৰ ৩ মাইল পশ্চিমে শেনচোৱা কুমাৰ গাঁৱত। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাই এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৫ আগষ্টৰ দিনা বেবেজীয়া ৰাজপথৰ ওপৰত থকা কাঠৰ দলঙত অগ্নিসংযোগ কৰাৰ ফলত নগাঁৱৰ মাজত পথ সংযোগ বিচ্ছিন্ন হৈ পৰে। এই কাৰ্যৰ ফলত ২৬ আগষ্টৰ দিনা পুলিচৰ দলে সশস্ত্ৰ মিলিটেৰী লগত লৈ বেবেজীয়ে গাৱঁত সোমাই দোষী-নিৰ্দোষী সকলোকে নিৰ্বিচাৰে বহুসংখ্যক নিৰীহ লোকৰ ওপৰত নানা ধৰণে অত্যাচাৰ কৰি তেওঁলোকক আটক কৰি ৰাখে। তাৰে ৩০ জনৰ পিছত বিচাৰত জেল হয় আৰু বাকীসকলক মুক্তি দিয়া হয়। কিন্তু আটক কৰি ৰখা লোকসকলক নগাঁৱলৈ নিয়া বাতৰি বিয়পি পৰাৰ লগে লগে এই লোকসকলৰ খবৰ ল’বলৈ দলে দলে মানুহ বেবেজীয়া কাঠৰ দলঙৰ ওচৰ আহি পাওঁতেই তলত লুকাই থকা মিলিটেৰীয়ে হঠাৎ গুলি চলাবলৈ ধৰে। এই গুলি চালনাত চাৰিজন আহত হয়, কিন্তু হেমৰাম বৰা আৰু কলাই কোঁচ গুলীৰ আঘাতত থিতাতে মৃত্যু মুখত পৰে১

তথ্যসূত্ৰ

  1. ↑ অসমা-২০১১, Assam Information

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলাই কোঁচ” প্ৰবন্ধৰ সংশোধন ১৭৪৫১৮ (৮ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।