হেমৰাম বৰা( Hemaram Bora) (জন্ম ১৫ অক্টোবৰ, ১৯০০, মৃত্যু ২৬ আগষ্ট, ১৯৪২)১ ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ। তেখেতৰ জন্মস্থান নগাঁও জিলাৰ হাতীগড় গাৱঁত। পিতৃৰ নাম বৃকোদৰ গাঁওবুঢ়া১ আৰু মাতৃৰ নাম এফেৰি বৰা৷ হেমৰামৰ মাতৃ এফেৰি বৃকোদৰ বৰাৰ দ্বিতীয়া পত্নী আছিল৷ তেওঁলোকৰ তেলদৈ নামে এগৰাকী কন্যাসন্তানো আছিল৷ জন্মৰ সময়ত হেমৰামৰ সোঁহাতত ছটা আঙুলি থকা বাবে তেওঁ ছয়আঙুলীয়া বুলিও বহুতে মাতিছিল৷২
আদি জীৱনকাল
সৰু কালত অতিস্বাস্থ্যবান হেমৰাম বৰা বৰ অঘাইতং আছিল৷ পঢ়া-শুনাতো আগবঢ়া আছিল৷ সদায় শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ প্ৰাথমিক শিক্ষা শেষ কৰি ম’হমৰীয়া মজলীয়া বিদ্যালয়ৰ ষষ্ঠমানলৈকে পঢ়ি ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া সামৰিবলগীয়া হৈছিল৷ শিক্ষা আধৰুৱাকৈ এৰাৰ কিছুদিন পাছতেই পিতৃ বৃকোদৰৰ মৃত্যু হোৱাত ঘৰৰ সকলো দায়িত্ব হেমৰামৰ মূৰলৈ আহে৷ অন্ন সংস্থাপনৰ বাবে কিছুদিন লিডু, মাৰ্ঘেৰিটা, ডিব্ৰুগড় আদি ঠাইত ঘূৰি ডিগবৈ তেল কোম্পানীত চাকৰি কৰিবলৈ লয় যদিও কিছুদিন পিছতে চাকৰি ত্যাগ কৰি ঘৰলৈ উভতি আহি খেতি-খোলাত মনোনিৱেশ কৰে৷ বিয়াল্লিছৰ গণ-আন্দোলনৰ আগে আগে তেওঁৰ মাকৰো মৃত্যু ঘটে আৰু অকলশৰীয়া হেমৰামে কৈকেয়ী নামৰ এগৰাকী কন্যা বিয়া কৰায়৷২
আন্দোলনত অংশগ্ৰহণ
১৯৪২ চনৰ “ভাৰত ত্যাগ” আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাই এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৫ আগষ্টৰ দিনা বেবেজীয়া ৰাজপথৰ ওপৰত থকা কাঠৰ দলঙত অগ্নিসংযোগ কৰাৰ ফলত নগাঁৱৰ মাজত পথ সংযোগ বিচ্ছিন্ন হৈ পৰে। এই কাৰ্যৰ ফলত ২৬ আগষ্টৰ দিনা পুলিচৰ দলে সশস্ত্ৰ মিলিটেৰী লগত লৈ বেবেজীয়া গাৱঁত সোমাই দোষী-নিৰ্দোষী সকলোকে নিৰ্বিচাৰে বহুসংখ্যক নিৰীহ লোকৰ ওপৰত নানা ধৰণে অত্যাচাৰ কৰি তেওঁলোকক আটক কৰি ৰাখে। তাৰে ৩০ জনৰ পিছত বিচাৰত জেল হয় আৰু বাকীসকলক মুক্তি দিয়া হয়। কিন্তু আটক কৰি ৰখা লোকসকলক নগাঁৱলৈ নিয়া বাতৰি বিয়পি পৰাৰ লগে লগে এই লোকসকলৰ খবৰ ল’বলৈ দলে দলে মানুহ বেবেজীয়া কাঠৰ দলঙৰ ওচৰ আহি পাওঁতেই তলত লুকাই থকা মিলিটেৰীয়ে হঠাৎ গুলি চলাবলৈ ধৰে। এই গুলি চালনাত চাৰিজন আহত হয়, কিন্তু হেমৰাম বৰা আৰু কলাই কোঁচ গুলীৰ আঘাতত থিতাতে মৃত্যু মুখত পৰে৩৪৫১
তথ্যসূত্ৰ
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৩২১
- ↑ কলিতা, বেণুধৰ. (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহীদ. লক্ষেশ্বৰ, যুগল, যুক্তিকুমাৰ, হিৰণ্য কলিতা. পৃ. ৩১
- ↑ অসমা-২০১১, Assam Information
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০২
- ↑ বৰা, সুশীল. (২০০৬). স্বাধীনতা সংগ্ৰামত বৃহত্তৰ হাতীচোং. সুশীল বৰা. পৃ. ৪৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমৰাম বৰা” প্ৰবন্ধৰ সংশোধন ৩৭৭১২৫ (৫ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।