কমলাকান্ত দাস ( Kamalakanta Das) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগাৰকী সংগ্ৰামী আছিল৷ তেওঁ এগৰাকী সমাজ সেৱক, ৰাজনৈতিক সংগঠক আৰু মোহনদাস কৰমচান্দ গান্ধীৰ অনুগামী লোক আছিল৷ ১৯২৮ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দি তেওঁ স্বাধীনতা সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছিল আৰু ইয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিবলগীয়া হৈছিল৷
জন্ম, পৰিচয় আৰু শিক্ষা
কমলাকান্ত দাসৰ জন্ম হৈছিল, ১৯০৪ চনত বেছেৰীয়াৰ বগাই চুকত৷ দেউতাকৰ নাম আছিল নন্দিৰাম সুত১ আৰু মাকৰ নাম বন্দুলি দাস৷ তেওঁলোকৰ পৰিয়ালটো ১৯১০ চনত তেজপুৰৰ ওচৰৰ জহামাৰীলৈ উঠি যায় আৰু তাতে বসতি কৰিবলৈ লয়৷ জহামাৰীতে প্ৰাথমিক শিক্ষা আৰু মজলীয়া শিক্ষা শেষ কৰি তেওঁ তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯২৩ চনত এণ্ট্ৰেন্স পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ তেওঁৰ প্ৰতিভা দেখি বৃটিছ চৰকাৰে তেওঁক চৰকাৰী চাকৰি যাচিছিল যদিও তেওঁ সেয়া প্ৰত্যাখ্যান কৰিছিল৷২
সংগ্ৰামী জীৱন
১৯২৮ চনতে মহাত্মা গান্ধীৰ প্ৰতি অনুৰক্ত হৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি স্ৱাধীনতা আন্দোলনত জঁপিয়াই পৰে৷ বিয়াল্লিছৰ গণ-আন্দোলনত তেওঁ সংগ্ৰামী প্ৰশিক্ষণ শিবিৰ পৰিচালনাৰ দায়িত্ব পালন কৰি জহামাৰীৰ শিবিৰৰ প্ৰায় ৬০০জনমান প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিছিল৷ ১৯৪২ চনৰ ১৫-১৬ ছেপ্তেম্বৰত বৰগাঁও নামঘৰত এখনি সভাত পুষ্পলতা দাস, ত্ৰিনয়ন বৰকাকতী আদি নেতা-নেত্ৰীৰ উপস্থিতিত ঢেকিয়াজুলি থানাত পতাকা উত্তোলনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল৷ সভাই পতাকা উত্তোলনৰ সকলো কাম নিয়াৰিকৈ কৰিবলৈ তিনিজন মানুহৰ ওপৰত দায়িত্ব দিছিল৷ তেওঁলোক আছিল, কমলাকান্ত দাস, ফণীধৰ দাস আৰু বাপুৰাম গগৈ৷ পৰিকল্পনামতে, এই তিনিগৰাকী ব্যক্তিৰ পৰিচালনাত কেউফালৰ পৰা তেতিয়াৰ তেজপুৰ আদালতৰ বিশেষ বিচাৰপতি এছ,কে, দাসৰ মতে ২০০০ আৰু বেচৰকাৰী হিচাপমতে প্ৰায় ৫০০০ লোক থানাৰ সম্মুখত সমবেত হৈছিল৷ ঢেকিয়াজুলি থানাৰ তেতিয়াৰ দাৰোগা মহীধৰ বৰা আছিল কমলাকান্ত দাসৰ সহপাঠী৷ থানাত প্ৰৱেশ কৰাক লৈ দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হয় আৰু মহধৰ বৰাই থানাত প্ৰৱেশ কৰিলেই গুলী চলাব বুলি সঁকিয়াই দিয়ে৷ সেই সঁকিয়নিত ভীতিগ্ৰস্ত নহৈ কমলাকান্তৰ নেতৃত্বত সমবেত জনতা থানা চৌহদত সোমাই পৰে৷ লগে লগে লাঠি-চালনা আৰু পিছত গুলীচালনা হয়৷ কমলাকান্ত দাস বয়নেটৰ আঘাতত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ১ বাগৰি পৰাত ৰক্ষী বাহিনীয়ে তেওঁক সেই ঠাইৰ পৰা আঁতৰাই নিয়ে৷ তেজপুৰত বহা বিশেষ আদালতত "King Emperor Vrs Kamalakanta Das and Others’’ নামৰ মোকৰ্দমাত তেওঁ দোষী সাব্যস্ত হৈ ভাৰতীয় দণ্ডবিধিৰ ১৪১ নং ধাৰাত ডেৰ বছৰ আৰু ৩৫৩ ধাৰাত এবছৰ, মুঠ আঢ়ৈবছৰ সশ্ৰম কাৰাদণ্ড ভোগে৷২
কৰ্মজীৱন
স্বাধীনতা সংগ্ৰামী কমলাকান্ত দাসে তেজপুৰ লোকেল বোৰ্ডৰ দুবাৰো সদস্য নিৰ্বাচিত হৈছিল৷ কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি তেওঁ মিছামাৰী বিধান সভা সমষ্টিৰ পৰা আশা কৰাতো অসম বিধান সভালৈ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে টিকট লাভ নকৰিলে৷ তেওঁক পঞ্চায়ত বিভাগৰ এটা সাধাৰণ চাকৰিত মকৰল কৰাত নিজ কৰ্মক্ষেত্ৰৰ পৰা দূৰৈলৈ গৈছিল৷২
ইতিহাসত দ্ব্যৰ্থতা
ভাৰতৰ স্বাধীনতা সংগ্ৰাম অসমৰ ইতিহাসত কমলাকান্ত দাস কিছু পৰিমাণে উপেক্ষিত হৈ ৰ’ল৷ যদিও সেই সময়ৰ তেজপুৰ আদালতৰ বিশেষ বিচাৰপতি এছ,কে, দাসে তেওঁৰ ৰিপ’ৰ্টৰ শিৰোনামাত “King Emperor Vrs. Kamalakanta Das and Others’’ বুলি তেওঁৰ বিবৃতি দিছিল, অসমৰ ইতিহাস অধ্যয়নকাৰীৰ দৃষ্টিত কমলাকান্ত দাসৰ ত্যাগক যেন সমুচিত মূল্য দিয়া নহ’ল৷ পুষ্পলতা দাসৰ দৰে জিলা পৰ্যায়ৰ নেত্ৰীয়ে তৃণমূল পৰ্যায়ৰ সাহসী কংগ্ৰেছ বীৰৰ বিষয়ে “কোনো এজন লোকে’’ বুলিহে তেওঁৰ লেখাত উল্লেখ কৰিছিল৷২
মৃত্যু
১৯৬৯ চনৰ ১৬ অক্টোবৰত কমলাকান্ত দাসৰ মৃত্যু হয়৷২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলাকান্ত দাস” প্ৰবন্ধৰ সংশোধন ৩৭৯৪৫৯ (২৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।