অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছিদ্দিক আলি

ছিদ্দিক আলি ( Siddique Ali) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সংগ্ৰামী৷ জন্ম দৰং জিলাৰ ৰইনাকুছি মৌজাৰ মুছলিমঘোকাত৷ তেওঁ অসহযোগ আন্দোলনত যোগ দি দুবছৰ সশ্ৰম কাৰাদণ্ড ভোগ কৰিছিল৷ তেওঁৰ জন্ম ১৮৮৮ চনত, মঙলদৈত৷ দেউতাকৰ নাম কেৰকেৰীয়া মোল্লা আৰু মাকৰ নাম কুঠিবিবি৷ মজলীয়া স্কুল উত্তীৰ্ণ হৈয়েই, স্বাধীনতা…

হালনাগাদ: ২৯ আগষ্ট ২০২৩ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

ছিদ্দিক আলি ( Siddique Ali) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সংগ্ৰামী৷ জন্ম দৰং জিলাৰ ৰইনাকুছি মৌজাৰ মুছলিমঘোকাত৷ তেওঁ অসহযোগ আন্দোলনত যোগ দি দুবছৰ সশ্ৰম কাৰাদণ্ড ভোগ কৰিছিল৷১ তেওঁৰ জন্ম ১৮৮৮ চনত, মঙলদৈত৷ দেউতাকৰ নাম কেৰকেৰীয়া মোল্লা আৰু মাকৰ নাম কুঠিবিবি৷ মজলীয়া স্কুল উত্তীৰ্ণ হৈয়েই, স্বাধীনতা আন্দোলনত যোগ দিয়াৰ আগলৈ তেওঁ শিক্ষকতা কৰিছিল কাৰণে সমাজত তেওঁ ছিদ্দিক আলি মাষ্টাৰ বুলি জনাজাত আছিল৷ ২

কৰ্মজীৱন

মজলীয়া স্কুলৰ শিক্ষা শেষ কৰি ছিদ্দিক আলিয়ে পাথৰিঘাট এম ভি স্কুলত শিক্ষকতা কৰে৷ তাৰপৰাই তেওঁ যোৰহাটৰ নৰ্মাল স্কুলৰ পৰা নৰ্মাল ট্ৰেইনিং পাছ কৰি পাথৰিঘাট চাটগাৰী এম ভি স্কুললৈ যায়৷ তাৰপৰা পদোন্নতিসহ প্ৰধান শিক্ষকৰূপে শোণিতপুৰৰ বেৱেৰীয়া এম ভি স্কলুলৈ যায়৷২

ৰাজনৈতিক জীৱন

প্ৰধান শিক্ষক হৈ থকা সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনে গা কৰি উঠাত তেওঁ দেশপ্ৰেমৰ তাড়নাত চাকৰি ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰে৷ তেওঁৰ একান্ত সহযোগী আছিল জেহিৰুদ্দিন আহমেদ৷১ মহাত্মা গান্ধী অসমলৈ আহি দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰত বাহৰ পাতোঁতে ছিদ্দিক আলিয়ে গৈ দেখা কৰিছিল আৰু বিদেশী বস্ত্ৰ দাহনত নিজৰ গাৰ কাপোৰ খুলি জুইত জাপি দিছিল৷ তাৰপৰা ঘূৰি আহি অন্যান্য ভলণ্টিয়াৰসকলৰ সৈতে ঘূৰি গাঁৱে গাঁৱে বিদেশী বস্ত্ৰ জ্বলাই ফুৰিছিল৷ ১৯২৪ চনত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেললৈ পঠিয়ায় আৰু দুবছৰ সশ্ৰম কাৰাদণ্ড বিহে৷ ১৯২৬ চনত মুক্তি পাই তেওঁ মঙলদৈত সহযোগী জেহিৰুদ্দিনৰ সৈতে “স্বদেশী দোকান’’ নামে এখনি কিতাপৰ দোকান খোলে৷ এওঁলোকই মঙলদৈৰ প্ৰথম কিতাপৰ ব্যৱসায়ী৷ ১৯৩৫-৩৬ চনত তেওঁ মঙলদৈ টাউন কমিটীৰ চেয়াৰমেন হৈছিল৷২

সাহিত্য-কৃতি

ছিদ্দিক আলিয়ে “শান্তি সমাচাৰ’’ নামৰ এখন কবিতা পুথি আৰু নতুন সাধু, গল্পৰ পুথি, ন-পাটীগণিত আৰু লগতে “কিমে চাদাত’’ নামৰ বঙলা পুথি “সৌভাগ্য পৰশমণি’’ নামেৰে অসমীয়াত অনুবাদ কৰিছিল৷২

মৃত্যু

১৯৫৩ চনৰ ছেপ্তেম্বৰ মাহত ছিদ্দিক আলিৰ মৃত্যু হয়৷২

তথ্যসূত্ৰ

  1. ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৫০৮
  2. ↑ ৰহমান, আবদুৰ. (২০০৮). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃ. ৪২৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিদ্দিক আলি” প্ৰবন্ধৰ সংশোধন ৩৭৬২৬২ (২৯ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।