হেমচন্দ্ৰ বৰুৱা (Hemchandra Barua; ১৮৯৩ – ১৯৪৫)১ অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক আছিল। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল।২
চমু জীৱনী
১৮৯৩ চনৰ ২৫ এপ্ৰিলত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।২ পিতৃৰ নাম পোৱাল চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম পদ্মাৱতী বৰুৱা। ১৯১৫ চনত বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ১৯১৯ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২১ চনত মোহনদাস কৰমচান্দ গান্ধীৰ আহ্বানত মহাবিদ্যালয় বৰ্জন কৰে। পৰৱৰ্তী কালত ১৯২৫ চনত কলিকতালৈ গৈ আইনৰ শিক্ষা সম্পূৰ্ণ কৰি বি.এল. উপাধি লাভ কৰে।২
কৰ্মজীৱন
ছাত্ৰাৱস্থাৰে পৰা বৰুৱাই সমাজৰ বিভিন্ন জনহিতকৰ কামত আত্মনিয়োগ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেখেত এজন আগৰণুৱা যুঁজাৰু আছিল। ১৯১৮ চনত কটন কলেজ ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক আৰু ১৯১৯ চনত অসম ছাত্ৰ সন্থাৰ সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ১৯২১ চনত ৫ মাহ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হৈছিল। ১৯২২ চনত অসম প্ৰাদেশিক কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৩০ চনত আইন অমান্য আন্দোলন আৰু ১৯৪২ৰ গণ আন্দোলনৰ গুৰি ধৰিছিল। তেজপুৰত শৈক্ষিক দিশটো উন্নয়নৰ হেতু তেজপুৰ একাডেমী তেখেতৰ একান্ত প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৪৫ চনৰ ১১ আগষ্টত গুৱাহাটীত মৃত্যু হয়।২
সাহিত্য কৰ্ম
বাঁহী আলোচনীত বিভিন্ন প্ৰবন্ধ আদি লিখাৰ উপৰি ‘কংগ্ৰেছ বুৰঞ্জী’, ‘বিলাতত মহাত্মা’ আদি গ্ৰন্থ ৰচনা কৰিছিল।২
সন্মান
হেমচন্দ্ৰ বৰুৱাই অসমীয়া সমাজ জীৱনত আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল। তেজপুৰৰ চহৰৰ মাজমজিয়াত থকা সদৰ থানাৰ সন্মুখত তেখেতৰ নামত "হেম ভৱন" বা "হেম বৰুৱা হল" স্থাপন কৰা হৈছে। এই ভৱনৰ সন্মুখতে তেখেতৰ এটা আৱক্ষ মূৰ্ত্তিও স্থাপন কৰা হৈছে। তেওঁৰ নামেৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অৱস্থিত জামুগুৰি কলেজৰ নাম ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় ৰখা হয়
বাহ্যিক সংযোগ
- Assam in Indian Independence By Arun Bhattacharjee
- Quit India Movement In Assam By Anil Kumar Sharma
তথ্যসূত্ৰ
- ↑ (1972). Books India. National Book Trust
- ↑ নৱজ্যোতি দেৱ চৌধুৰী. (২০০৯). ঐতিহাসিক তেজপুৰ. প্ৰবোধ কলিতা, চিটিজেন স্পৰ্টজ. পৃ. ৬১-৬২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেম বৰুৱা (ত্যাগবীৰ)” প্ৰবন্ধৰ সংশোধন ৪৮৮৬৫৮ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।