অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কিৰণ বালা বড়া

কিৰণ বালা বড়া (১৯০৪ - ৮ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৪৪ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কিৰণ বালা বড়া (১৯০৪ - ৮ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল।১ তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা স্বাধীনতা সংগ্ৰামী পেঞ্চন লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯০৪ চনত অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত কিৰণ বালা বড়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কমল চন্দ্ৰ পণ্ডিত আৰু মাতৃ সৰোজ আইদেউ। কমল চন্দ্ৰ পণ্ডিত এগৰাকী শিক্ষক আছিল। কিৰণ বালা বড়ায়ে সেইসময়ত সমাজৰ পৰা স্ত্ৰীশিক্ষাৰ বিৰুদ্ধে থকা প্ৰৱল বাধা নেওচি তৃতীয় শ্ৰেণীলৈ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। সেইসময়ত প্ৰচলিত বাল্য বিবাহৰ ৰীতি মতে নগাঁৱৰ কামপুৰৰ পাৰলি গুৰিৰ চাকি ৰাম লস্কৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। কিন্তু বিবাহৰ কিছুকাল পিছতেই তেওঁৰ স্বামীৰ মৃত্যু ঘটে। হয়ে কিৰণ বালাৰ পিতৃ কমল চন্দ্ৰয়ে তেওঁক কন্যাৰ সৈতে নিজ গৃহলৈ লৈ আনে। তেওঁৰ কৈশোৰ কালৰ পৰায়ে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু বিদ্ৰোহৰ প্ৰতি আকৰ্ষিত হৈছিল।

স্বাধীনতা আন্দোলনত অৱদান

১৯২০ৰ দশক

কিৰণ বালা বড়ায়ে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ বিশেষকৈ পুঁজি সংগ্ৰহৰ কামৰ লগত জড়িত আছিল। ইয়াৰ বাবে তেওঁ পূৰ্ণ চন্দ্ৰ শৰ্মা, মহীধৰ বৰা, হলধৰ ভূঞা আৰু দেৱকান্ত বৰুৱাৰ পৰা উৎসাহ আৰু সহযোগ লাভ কৰিছিল। সেইসময়তে তেওঁ চন্দ্ৰপ্ৰভা শইকীয়ানীক লগ পায় আৰু তেওঁৰ নিৰ্দেশত কিৰণ বালায়ে বিভিন্ন সমাজ সংস্কাৰমূলক কাম হাতত লয়। তেওঁ সমাজৰ পৰা ৰাগীয়াল দ্ৰব্য যেনে কানি আৰু ভাঙৰ বিৰুদ্ধে যুঁজ দিছিল। ১৯২৯ চনত কংগ্ৰেছৰ লাহোৰ অধিবেশনত গ্ৰহণ কৰা পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ ১৯৩০ চনৰ ২৬ জানুৱাৰীত উদযাপন কৰোঁতে কিৰণ বালায়ে প্ৰায় ৪০০ মহিলাৰ সৈতে কলিয়াবৰ মহকুমাত এক সভা অনুষ্ঠিত কৰিছিল।২

১৯৩০ৰ দশক

আইন ভংগ কৰাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস কাটিবলগীয়া হৈছিল। ১৯৩১ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জেলত থাকোতে তেওঁ গুৰুতৰ ভাবে অসুস্থ হয়। তাৰ চাৰি মাহৰ পিছত তেওঁক জেলৰ পৰা অব্যাহতি দিয়া হয়। ১৯৩২ চনত তেওঁক শ্বিলংৰ জেললৈ বদলি কৰা হয়।৩

এইসময়ত তেওঁ সনত ৰাম বড়াৰ সৈতে দ্বিতীয় বিবাহ কৰে। সনত ৰামৰ আগৰ ঘৈণীৰ ফালৰ পাঁচ গৰাকী সন্তান আছিল। তেওঁ নতুনকৈ স্থাপিত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰ লগতে কিৰণ বালা বড়ায়েও সংঘৰ লগত জড়িত হৈ পৰে।

তেওঁ মোহনদাস কৰমচান্দ গান্ধীয়ে আৰম্ভ কৰা আইন অমান্য আন্দোলনত জঁপিয়াই পৰে। তেওঁ ঘৰে ঘৰে গৈ গাঁৱৰ মানুহক সজাগ কৰিবলৈ লৈছিল। ইয়াৰ লগতে তেওঁ মানুহ আৰু খাদ্য সংগ্ৰহৰ কাম নিয়াৰিকৈ পৰিচালনা কৰিছিল।

তেওঁ সতীদাহ প্ৰথা, বাল্য বিবাহ আদি সামাজিক ব্যাধিৰ বিষয়ে সজাগতা সৃষ্টি কৰিছিল ইয়াৰ লগতে তেওঁ নাৰী শিক্ষাৰ মানুহক উৎসাহিত কৰিছিল।

১৯৪০ৰ দশক

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত কিৰণ বালায়ে যোগ দি লাঠী চাৰ্চ খাইছিল। এইসময়ত তেওঁ ব্ৰিটিছৰ পৰা ৰক্ষা পাবলৈ আত্মগোপন কৰিছিল। এনেকৈ তেওঁ ভাৰতে স্বাধীনতা লাভ কৰাৰ লৈকে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল।৪

স্বাধীনোত্তৰ কাল

কিৰণ বালা বড়া
কিৰণ বালা বড়াছবি: Jayanta.bora · CC BY-SA 4.0

ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰাৰ পিছত কিৰণ বালা বড়ায়ে নিজৰ সংসাৰ আৰু সন্তানৰ ওপৰত মনোনিবেশ কৰে। তেওঁক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে স্বাধীনতা সংগ্ৰামী পেঞ্চন প্ৰদান কৰিছে।৫৬

১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে কিৰণ বালা বড়াৰ মৃত্যু হয়। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কৰ্মী হিচাপে জড়িত আছিল।

তথ্যসূত্ৰ

  1. ↑ Bora, Nilima. Luit paror Mahila Swadhinota Sangramir Jivan Gatha. District Library Guwahati, Assam, India. পৃ. 39
  2. ↑ Pathak, Guptajit. Reflection of Young Martyr Kanaklata Barua and the Dependability of Assamese Women in India’s Freedom Movement. The Creative Launcher
  3. ↑ Sharma, Dr. Dipti. (1993). Assamese women in the freedom struggle. Punthi-Pustak
  4. ↑ Sharma, Dipti. (31 December 1987). Role of the women of Assam in the freedom movement during the period 1921 1947 with special reference to the Brahmaputra valley. Gauhati University
  5. ↑ Government of Assam's Freedom Fighter Pension no: Pol/2791
  6. ↑ Government of India's Freedom Fighter Pension no: Pol/C/1137

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ স্বাধীনতা সংগ্ৰামীঅসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ বালা বড়া” প্ৰবন্ধৰ সংশোধন ৩৮০৪৬৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।