অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চক্ৰেশ্বৰ শইকীয়া

চক্ৰেশ্বৰ শইকীয়া (Chakreswar Saikia) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনতো যোগদান কৰিছিল। চক্ৰেশ্বৰ শইকীয়াই তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰিছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২১ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চক্ৰেশ্বৰ শইকীয়া (Chakreswar Saikia) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনতো যোগদান কৰিছিল। চক্ৰেশ্বৰ শইকীয়াই তিতাবৰ মহকুমাৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় (আৰম্ভণিতে তিতাবৰ কলেজ নামেৰে জনাজাত) আৰু গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকাৰ লগতে মহাবিদ্যালখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তেওঁ যোৰহাট, তেজপুৰ আৰু ছিলেট জেলত তৃতীয় শ্ৰেণীৰ বন্দীৰূপে কাৰাবাস খাটিব লগা হৈছিল। ১৯৫২ চনত তেওঁ চছিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তিতাবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ পূৰৱী বৰা. (২০১৯). মহীৰূহ. চক্ৰেশ্বৰ শইকীয়া জন্ম শত বাৰ্ষিকী (২০১৯) উদ্‌যাপন সমিতি. পৃ. ১৭১-১৭২

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামীঅসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চক্ৰেশ্বৰ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩০৫৩১৭ (৩১ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।