সাদিন-প্ৰতিদিন গোষ্ঠী (ইংৰাজী ভাষা: Sadin-Pratidin Group) অসমৰ এটা সংবাদ মাধ্যম বিষয়ৰ গোষ্ঠী। ১৯৮৯ চনত সাদিন নামৰ অসমীয়া সাপ্তাহিক কাকত প্ৰকাশৰ জৰিয়তে এই গোষ্ঠীটোৰ যাত্ৰা আৰম্ভ হয়। বৰ্তমান এই গোষ্ঠীটো Pratidin Media Network নামেৰেও পৰিচিত। ইয়াৰ অধীনত সাদিন, অসমীয়া প্ৰতিদিন, নন্দিনী, সাতসৰী (আলোচনী), প্ৰতিদিন টাইম আদি সংবাদপত্ৰ, আলোচনী আৰু গণমাধ্যম সম্পৰ্কীয় বিভিন্ন প্ৰতিষ্ঠান অন্তৰ্ভুক্ত হৈ আছে।১
ইতিহাস
১৯৮৯ চনত সাদিন সাপ্তাহিক কাকতৰ প্ৰকাশৰ জৰিয়তে সাদিন-প্ৰতিদিন গোষ্ঠীৰ আৰম্ভণি হয়। সাদিনৰ প্ৰতিষ্ঠাপক আছিল জয়ন্ত বৰুৱা। গোষ্ঠীটোৰ তথ্য অনুসৰি, সাদিনৰ প্ৰাৰম্ভিক পৰ্যায়ত সাহিত্যিক আৰু সাংবাদিকসকলৰ এটা গোটে অসমৰ সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহক কেন্দ্ৰ কৰি নতুন প্ৰকাশন গোষ্ঠী গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত জ্যেষ্ঠ সাংবাদিক তিলক হাজৰিকাৰ সৈতে আন কেইবাগৰাকীও সাহিত্য-সাংবাদিকতাৰ সৈতে জড়িত ব্যক্তিয়ে এই উদ্যোগত ভূমিকা গ্ৰহণ কৰিছিল।২
সাদিনৰ পাছত ১৯৯৫ চনৰ মাৰ্চ মাহত অসমীয়া প্ৰতিদিন নামৰ দৈনিক কাকতখন প্ৰকাশ কৰা হয়। জয়ন্ত বৰুৱাই সাদিন কাকতৰ অভিজ্ঞতাৰ ভিত্তিত এই দৈনিক কাকতখন আৰম্ভ কৰিছিল।৩ পৰৱৰ্তী সময়ত গোষ্ঠীটোৱে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি আলোচনী, সংবাদ মাধ্যম আৰু ডিজিটেল মাধ্যমৰ ক্ষেত্ৰলৈ বিস্তাৰ লাভ কৰে। বৰ্তমান এই গোষ্ঠীটোৰ অধীনত সাদিন, অসমীয়া প্ৰতিদিন, নন্দিনী, সাতসৰী, প্ৰতিদিন টাইম আৰু প্ৰতিদিন ডিজিটেল ছাৰ্ভিচেছ আদি মাধ্যমসমূহ চলি আছে।১
প্ৰকাশন
সাদিন
মূল প্ৰবন্ধ: সাদিন'সাদিন' হৈছে এই গোষ্ঠীটোৰ প্ৰথম প্ৰকাশন। ১৯৮৯ চনত আৰম্ভ হোৱা এইখন অসমীয়া সাপ্তাহিক কাকতত স্থানীয়, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ সংবাদ, মতামত, ৰাজনীতি, সমাজ আৰু অন্যান্য বিভিন্ন বিষয়ৰ লেখা প্প্ৰৰকাশ কৰা হৈছিল৷ সাদিনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল তিলক হাজৰিকা। বৰ্তমানৰ সম্পাদক হৈছে অনুৰাধা শৰ্মা পূজাৰী।২
অসমীয়া প্ৰতিদিন
মূল প্ৰবন্ধ: অসমীয়া প্ৰতিদিন'অসমীয়া প্ৰতিদিন' কাকত হৈছে গোষ্ঠীটোৰ অন্যতম মুখ্য প্ৰকাশন। ১৯৯৫ চনৰ মাৰ্চ মাহত এই বাতৰি কাকতখনৰ প্ৰকাশ আৰম্ভ হয়। বৰ্তমান কাকতখনৰ গুৱাহাটী, ডিব্ৰুগড়, বঙাইগাঁও আৰু উত্তৰ লখিমপুৰৰ পৰা সংস্কৰণ হৈ প্ৰকাশ হয়৷৩ ভাৰতৰ Press Registrar General of Indiaৰ পঞ্জীয়ন তথ্য অনুসৰি অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অসমীয়া ভাষাৰ দৈনিক কাকত আৰু ইয়াৰ মালিক হিচাপে জয়ন্ত বৰুৱাৰ নাম পঞ্জীয়নভুক্ত হৈ আছে।৪
নন্দিনী
নন্দিনী হৈছে গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত এখন অসমীয়া মাহেকীয়া মহিলা আলোচনী। ২০০০ চনৰ জুলাই মাহত ইয়াৰ প্ৰথম প্ৰকাশ হয়। আলোচনীখনত মহিলা, জীৱনশৈলী, স্বাস্থ্য, সম্পৰ্ক, ব্যক্তিগত বিকাশ আৰু অন্যান্য সামাজিক বিষয়ৰ লেখা প্ৰকাশ পায়। মাইনী মহন্ত আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।৫
সাতসৰী
মূল প্ৰবন্ধ: সাতসৰী (আলোচনী)'সাতসৰী' হৈছে অসমীয়া সাহিত্যকেন্দ্ৰিক এখন আলোচনী। সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ উদ্যোগত আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল। কবিতা, গল্প, প্ৰবন্ধ, কলা-সংস্কৃতি আৰু নতুন লেখকৰ সৃষ্টিশীল লেখা প্ৰকাশৰ ক্ষেত্ৰত আলোচনীখনৰ ভূমিকা আছে। আলোচনীখনৰ বৰ্তমান সম্পাদক হৈছে অনুৰাধা শৰ্মা পূজাৰী ৬
প্ৰতিদিন টাইম
প্ৰতিদিন টাইম হৈছে গোষ্ঠীটোৰ অসমীয়া টেলিভিছন সংবাদ মাধ্যম। ২০১৫ চনত এই সংবাদ মাধ্যমটোৰ যাত্ৰা আৰম্ভ হয়। পিছলৈ গোষ্ঠীটোৱে ডিজিটেল সংবাদ মাধ্যম আৰু অনলাইন প্লেটফৰ্মৰ ক্ষেত্ৰতো কাম আৰম্ভ কৰে।৭
এই গোষ্ঠীটোৱে অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। হেমকোষৰ প্ৰকাশন আৰু ইয়াৰ বিভিন্ন সংস্কৰণৰ সৈতে গোষ্ঠীটোৰ সম্পৰ্ক আছে। এই গোষ্টীটোৱেই ২০২৩ চনত হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰে৷৮
প্ৰকাশনসমূহ
- সাদিন
- অসমীয়া প্ৰতিদিন
- নন্দিনী
- সাতসৰী (আলোচনী)
- প্ৰতিদিন টাইম
- প্ৰতিদিন ডিজিটেল ছাৰ্ভিচেছ
তথ্যসূত্ৰ
- ↑ About Us. Pratidin Media Network
- ↑ Sadin. Pratidin Media Network
- ↑ Asomiya Pratidin. Pratidin Media Network
- ↑ Registered Title: ASOMIYA PRATIDIN. Press Registrar General of India
- ↑ Nandini. Pratidin Media Network
- ↑ Satsori. Pratidin Media Network
- ↑ Chairman's Profile. Pratidin Media Network
- ↑ (9 May 2023). Braille version of 'Hemkosh' presented to Tezpur University. Tezpur University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাদিন-প্ৰতিদিন গোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬৩৭০৫৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।