অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মানকাচৰ মহাবিদ্যালয়

মানকাচৰ মহাবিদ্যালয় (Mankachar College) অসমৰ মানকাচৰ চহৰৰ পৰা এক কিঃমিঃ দূৰত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জেহিৰুল ইছলামৰ লগতে মানকাচৰ অঞ্চলৰ কিছু উদ্যমী লোকৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল মিহিৰ দেৱ।

হালনাগাদ: ২৪ আগষ্ট ২০২১ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মানকাচৰ মহাবিদ্যালয় (Mankachar College) অসমৰ মানকাচৰ চহৰৰ পৰা এক কিঃমিঃ দূৰত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান।১ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জেহিৰুল ইছলামৰ লগতে মানকাচৰ অঞ্চলৰ কিছু উদ্যমী লোকৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল মিহিৰ দেৱ। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খন ২০১৬ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (ইংৰাজী: National Assessment and Accreditation Council চমুকৈ NAAC) -ৰ দ্বাৰা 'B+' শ্ৰেণীৰ মহাবিদ্যালয় হিচাপে চিহ্নিত হৈছে৷

সংক্ষিপ্ত ইতিহাস

ভাৰতে স্বাধীনতা লাভৰ ২৪ বছৰ পিছত ১৬আগষ্ট, ১৯৭১ত মানকাচৰ মহাবিদ্যালয় প্ৰতিষ্ঠাপিত হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ইয়েই একমাত্ৰ প্ৰাদেশীকৰণ উচ্চ শিক্ষাৰ অনুষ্ঠান। মাত্ৰ ৭৯ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা এই মহাবিদ্যালয় বৰ্তমান এক বৃহৎ শিক্ষানুষ্ঠান। ১৯৯৯ চনত এই মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি হোৱাত ইয়াৰ ইতিহাসত এক নতুন পৃষ্ঠা সংযোজিত হয়।

সা-সুবিধাসমূহ

এই মহাবিদ্যালয়খনৰ মাটিকালি ০৩ একৰ (আনুমানিক)। ইয়াত কলা আৰু বিজ্ঞান শাখাত শিক্ষাদানৰ বাবে বহুকেইটা ভৱন আছে। স্নাতক পৰ্যায়ত ইয়াত ছয়টা বিভাগে পাঁচটা বিষয়ক প্ৰধান বিষয় হিচাপে শিক্ষাদান কৰে। লগতে ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL আৰু KKHOU -ৰ অধীনত কেবাটাও বিষয়ত স্নাতকোত্তৰ শিক্ষা লাভৰো সুবিধা আছে। এই মহাবিদ্যালয়ত থকা আন আন সা-সুবিধাসমূহ হ'ল- এটা স্থায়ী পুথিভঁৰাল, এটা ছাত্ৰীনিবাস, জিম, comunity information center কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, স্মাৰ্ট ক্লাচৰুম, অত্যাধুনিক কনফাৰেন্স ৰুম, বাস্কেটবল ফিল্ড, মহাবিদ্যালয় কেণ্টিন আদি।

শিক্ষা

মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়:

  • স্নাতক কলা (সন্মানসহ)
  • স্নাতক কলা (সাধাৰণ)
  • স্নাতক বিজ্ঞান (সন্মানসহ)
  • স্নাতক বিজ্ঞান (সাধাৰণ)
  • উচ্চতৰ মাধ্যমিক (কলা)

অন্যান্য পাঠ্যক্ৰমসমূহৰ ভিতৰত হ'ল

  • এক বছৰীয়া কম্পিউটাৰ ডিপ্ল'মা
  • ছয় মহীয়া কম্পিউটাৰ প্ৰমাণ-পত্ৰ শিক্ষা
  • স্নাতকোত্তৰ (IDOL আৰু KKHOU ৰ অন্তৰ্গত)

বিভাগ

কলা

  • অসমীয়া বিভাগ
  • ইংৰাজী বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ

বিজ্ঞান

  • জীৱ বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • গণিত বিভাগ

তথ্যসূত্ৰ

  1. ↑ (2019-20). Prospectus, Mankachar College. Mankachar College. পৃ. ৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানকাচৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৯২২৪৩ (২৪ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।