অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বৰনগৰ মহাবিদ্যালয়

বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে। ২০২৩ বৰ্ষত NAAC B++ গ্ৰেড লাভ কৰে।

হালনাগাদ: ১৮ জানুৱাৰী ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে। ২০২৩ বৰ্ষত NAAC B++ গ্ৰেড লাভ কৰে।১

শৈক্ষিক

পাঠ্যক্ৰমসমূহ

বৰনগৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক স্তৰত কলা, বিজ্ঞান আৰু বাণিজ্য শাখা আৰু স্নাতক পৰ্যায়ত কলা, বাণিজ্য় আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। শেহতীয়াকৈ এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান, অসমীয়া আৰু ইতিহাস বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে।তদুপৰি শেহতীয়াকৈ জৈৱ প্ৰযুক্তিবিদ্যা, গাড়ীচালনা, টুৰিজিম আদি ভ'কেছনেল পাঠ্যক্ৰমো এই মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে।বৰনগৰ মহাবিদ্যালয়ৰ স্নাতক শাখা আৰু উচ্চতৰ মাধ্যমিক শাখা ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ।

বিভাগসমূহ

কলা শাখা

  • অসমীয়া
  • অৰ্থনীতি-বিজ্ঞান
  • ইংৰাজী
  • ইতিহাস
  • তৰ্কবিজ্ঞান আৰু দৰ্শন
  • বাংলা
  • শিক্ষা
  • ৰাজনীতি-বিজ্ঞান
  • লোক-সংস্কৃতি

বাণিজ্য শাখা

  • বিত্ত
  • হিচাপবিজ্ঞান
  • ব্যৱস্থাপনা
  • পৰিসংখ্যা

বিজ্ঞান শাখা

  • গণিত
  • ৰসায়নবিজ্ঞান
  • পদাৰ্থবিজ্ঞান
  • প্ৰাণীবিজ্ঞান
  • উদ্ভিদবিজ্ঞান

মহাবিদ্যালয়ৰ সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ

অধ্যক্ষৰ তালিকা

১৯৬২ চনৰপৰা ২০১৫ চনলৈকে মহাবিদ্যালয়খনত মুঠতে নজন অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।

ক্ৰমিক নংঅধ্যক্ষকাৰ্যকাল
১স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ০৩/০৯৯/১৯৬২-২৮/০২/১৯৮৯
২অধ্যাপক এ দাস স্বৰ্গীয়০১/০৩/১৯৮৯-২০/১০/১৯৮৯
৩অধ্যাপক গোলক চন্দ্ৰ দাস২১/১০/১৯৮৯-২৮/০২/১৯৯৯
৪স্বৰ্গীয় বি. চি. দাস (i/c)০১/০৩/১৯৯৯-১৬/০৬/১৯৯৯
৫আৰ. এন. পাটোৱাৰী১৭/০৬/১৯৯৯-৩১/০১/২০০৮
৬অধ্যাপক আৰ. কে. দাস (i/c)০১/১১/২০০৮-৩১/০১/২০০৯
৭অধ্যাপক বি. বি. দাস (i/c)০১/০০২/২০০৯-২০/১১/২০০৯
৮অধ্যাপিকা স্বপ্না দাস (j/e)০১/১২/২০০৯-১৭/০১/২০১২
৯ড° বীৰেণ কুমাৰ চক্ৰবৰ্তী১৯/০১/২০১২- ২০২৩

১০) ড০ জগদীশ চন্দ্ৰ শৰ্মা(ভাৰপ্ৰাপ্ত) ১/১/২০২৪ - ৩১/০৮/২০২৫

১১) শ্ৰী দীপশিখা দাস দত্ত(ভাৰপ্ৰাপ্ত) ১/৯/২০২৫ -

তথ্যসূত্ৰ

  1. ↑ Introduction about the College

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰনগৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৭০৩৮৬ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।