ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত এখনি বাণিজ্য মহাবিদ্যালয়। ১৯৬০ চনত স্থাপিত হোৱা এইখন মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয়। মহাবিদ্যালয়খনে বাণিজ্য বিভাগৰ দুবছৰীয়া উচ্চতৰ মাধ্যমিক আৰু তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। ইয়াৰ উচ্চতম মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু স্নাতক পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১
ইতিহাস
ইয়াত উচ্চতৰ মাধ্যমিক শ্ৰেণী পোনপ্ৰথমে ১৯৪৫ চনত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ সন্ধিয়াৰ শ্ৰেণীত আৰম্ভ হৈছিল। ইয়াৰ মূল চৌহদৰ আধাৰশিলা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ডাঙৰীয়ায়ে স্থাপন কৰিছিল। ডিব্ৰুগড় চহৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ প্ৰাৰম্ভিক কালছোৱাত বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ ১৯৬৮ চনলৈ ইয়াতেই অনুষ্ঠিত হৈছিল। এইখন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয়।২
অৱস্থান
মহাবিদ্যালয়খন ডিব্ৰুগড়ৰ কদমনিৰ কেশৱ চন্দ্ৰ গগৈ পথত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মহাবিদ্যালয় খনৰ কাষেৰে পাৰ হৈ গৈছে। ডিব্ৰুগড় ৰেল ষ্টেচন আৰু ডিব্ৰুগড় বিমানবন্দৰ মহাবিদ্যালয় খনৰ পৰা ক্ৰমে ৫ আৰু ১৬ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ কাষতে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় অৱস্থিত।
শিক্ষা
মহাবিদ্যালয়খনে বাণিজ্য শাখাত দুবছৰীয়া উচ্চতৰ মাধ্যমিক আৰু তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু স্নাতক পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত।
বহিঃ সংযোগ
তথ্যসূত্ৰ
- ↑ Course offered - Dibrugarh Hanumanbax Surajmall Kanoi Commerce College. www.dhskcommercecollege.edu.in
- ↑ DHSK Commerce College. www.dhskcommercecollege.edu.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮১১৯৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।