অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় (Guwahati College of Architecture) অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্যবিদ্যাৰ শিক্ষাৰ বাবে ২০০৬ চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় (Guwahati College of Architecture) অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্যবিদ্যাৰ শিক্ষাৰ বাবে ২০০৬ চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।

মহাবিদ্যালয় খনে গুজৰাটৰ আহেমদাবাদৰ কেন্দ্ৰীয় পৰিবেশ পৰিকল্পনা আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ লগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ আদান প্ৰদানৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।১ মহাবিদ্যালয় খনে পিডিলাইট উৎকৃষ্ট বঁটাৰ বাবেও অংশগ্ৰহণ কৰিছিল।২

শিক্ষা

মহাবিদ্যালয়খনে স্থাপত্যবিদ্যাৰ দুটা পাঠ্যক্ৰম আগবঢ়ায়:

  • স্থাপত্যবিদ্যাৰ স্নাতক (Bachelor of Architecture) – ৫ বছৰ
  • স্থাপত্যবিদ্যাৰ স্নাতকোত্তৰ (Master of Architecture) – ২ বছৰ৩

চৌহদ

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় পশ্চিম গুৱাহাটীৰ জু ৰোডত অৱস্থিত।৪ মহাবিদ্যালয়ৰ চৌহদত এটা পুথিভঁৰাল, এটা ৫৫০খন এখন যুক্ত প্ৰেক্ষাগৃহ, দুটা কৰ্মশালা, ক্ৰীড়াৰ সা-সুবিধা আৰু কম্পিউটাৰ কেন্দ্ৰ আছে। গোটেই মহাবিদ্যালয় চৌহদত ৱাই-ফাই ইণ্টাৰনেটৰ সুবিধা আছে। ইয়াৰ শ্ৰেণীকক্ষ সমূহত আধুনিক প্ৰযুক্তি যেনে ডিজিটেল অংকন ষ্টুডিঅ আদিৰ সুবিধা আছে।৫

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ About Us. guwarchcollege.com. Guwahati College of Architecture
  2. ↑ Building Blocks. telegraphindia.com. The Telegraph India
  3. ↑ Courses. guwarchcollege.com. Guwahati College of Architecture
  4. ↑ Top B Arch Colleges in Assam. mapsofindia.com
  5. ↑ Campus. guwarchcollege.com. Guwahati College of Architecture

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮০৬৯৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।