অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জাগীৰোড মহাবিদ্যালয়

জাগীৰোড মহাবিদ্যালয় (Jagiroad College) অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এখন স্নাতক শিক্ষাৰ মহাবিদ্যালয়। ১৯৭৯ চনৰ ৮ আগষ্টত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বিজ্ঞান,কলা আৰু বাণিজ্য শাখাৰ বিভিন্ন পাঠ্যক্ৰম প্ৰদান কৰা মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

জাগীৰোড মহাবিদ্যালয় (Jagiroad College) অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এখন স্নাতক শিক্ষাৰ মহাবিদ্যালয়। ১৯৭৯ চনৰ ৮ আগষ্টত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বিজ্ঞান,কলা আৰু বাণিজ্য শাখাৰ বিভিন্ন পাঠ্যক্ৰম প্ৰদান কৰা মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

জাগীৰোড মহাবিদ্যালয় প্ৰাচীন তিৱা জনগোষ্ঠী ৰাজ্যৰ ৰাজকোঁৱৰৰ বাসস্থান "ন- খোলা"ৰ সমীপত অৱস্থিত। এই অঞ্চলৰ এচাম দূৰদৰ্শী আৰু সংকল্পবদ্ধ সমাজকৰ্মীৰ প্ৰচেষ্টাতে মহাবিদ্যালয়খন গঢ় লৈ উঠিছিল।

বিভাগসমূহ

কলা

বিজ্ঞান

অন্যান্য

  • বাণিজ্য
  • খুচুৰা ব্যৱস্থাপনা
  • মনোৰঞ্জন (অভিনয়)
  • পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা

পুথিভঁৰাল

মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় পুথিভঁৰালত শিক্ষক আৰু অনাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলৰ বাবে এটা প্ৰশস্ত পঢ়া হল আৰু কেইবাটাও কোঠা আছে। ইয়াত আলোচনী, ভিডিঅ' চিডি আদিকে ধৰি কিতাপৰ এক সমৃদ্ধ সংগ্ৰহ আছে। অনুষদৰ সদস্যসকলৰ পৰামৰ্শ অনুসৰি কিতাপবোৰ নিয়মীয়াকৈ ক্ৰয় কৰা হয়। মহাবিদ্যালয়খনৰ পুথিভঁৰালে বুক বেঙ্ক সুবিধা(উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে) শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে প্ৰৱৰ্তন কৰিছে। বুক বেঙ্কে মেধাৱী শিক্ষাৰ্থী আৰু অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষাৰ্থীসকলক পাঠ্যপুথি আৰু প্ৰসংগ-পুথিসমূহ প্ৰদান কৰে। মহাবিদ্যালয়ৰ অভ্যন্তৰীণ অংশীদাৰসকলৰ (শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ) দান কৰা কিতাপৰ জৰিয়তে এই সুবিধা বিকশিত হৈছে।২

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University
  2. ↑ Library facilities

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাগীৰোড মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮১০০২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।