বিশ্বনাথ মহাবিদ্যালয় শিৱ জিলাৰ লগতে উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ৷ ২০১০ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়খনে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে দাঁতিকাষৰীয়া শোণিতপুৰ আৰু লক্ষীমপুৰ জিলাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
অন্যান্য তথ্য
১৯৬০ চনৰ ৭ ছেপ্তেম্বৰত বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰা হয়৷ বৰ্তমান মহাবিদ্যালয়খনত ১৭০৩ জন ছাত্ৰ-ছাত্ৰী, ৬৭ গৰাকী শিক্ষক আৰু ৫২ গৰাকী অন্যান্য কৰ্মচাৰী আছে৷
শিক্ষা
মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়:
- উচ্চতৰ মাধ্যমিক কলা শাখা
- উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা
- স্নাতক কলা শাখা
- স্নাতক বিজ্ঞান শাখা
- স্নাতক বাণিজ্য শাখা (বৰ্তমানলৈকে অপ্ৰাদেশীকৃত)
মহাবিদ্যালয়ৰ সুবিধাসমূহ
গ্ৰন্থাগাৰ
১৯৬০ চনত প্ৰতিষ্ঠা হোৱা গ্ৰন্থাগাৰটোত বৰ্তমান ২০ হাজাৰৰো অধিক কিতাপ-আলোচনী আছে৷
অধ্যক্ষসকল
- ড° কমল নাৰায়ণ দাস (১৭.১১.১৯৬০-২২.১০.১৯৬৩) (প্ৰতিষ্ঠাপক অধ্যক্ষ)
- ললিত চন্দ্ৰ বৰা (২৩.১০.১৯৬৩-১৫.০১.১৯৬৪) পুনৰ ১৯৮৬-১৯৮৭
- সদানন্দ চলিহা (১৬.০১.১৯৬৪-৩০.০৩.১৯৮৬)
- ভূবন চন্দ্ৰ চুতিয়া (৩১.০৩.১৯৮৬-১০.০৮.১৯৮৬ পুনৰ ১৯৮৭-১৯৯০ পুনৰ ১৯৯০-১৯৯৫)
- মাধৱ চন্দ্ৰ তালুকদাৰ (০১.০৩.১৯৯৫-৩০.০৯.১৯৯৬)
- ৰাজেন্দ্ৰ নাথ বৰঠাকুৰ (০১.১০.১৯৯৬-২৮.০২.১৯৯৭)
- প্ৰভাত চন্দ্ৰ গগৈ (০১.০৩.১৯৯৭-৩১.০৫.১৯৯৯) পুনৰ (০১.০৬.১৯৯৯-৩১.০৩.২০০০)
- পূৰ্ণ হাজৰিকা (০১.০৪.২০০০-৩০.১১.২০০৩)
- ৰাজাবালা দাস (২০০৩-২০০৫ পুনৰ ২০০৬-২০০৭)
- ড° যতীন বৰুৱা (২০০৫-২০০৬)
- মেহ্তাব উদ্দিন আহমেদ (২০০৭-২০০৭)
- ড° নিত্যানন্দ গগৈ (২০০৭-২০১০)
- মহেশ চন্দ্ৰ শৰ্ম্মা (২০১০-২০১১)
- ড°বলীন হাজৰিকা (২০১২-২০১৪)
- মীৰা মুদৈ বৰা (২০১৪-২০১৬ পুনৰ ২০১৯-২০১৯)
- কুলেন্দ্ৰ চন্দ্ৰ শৰ্মা (২০১৬-২০১৬)
- অমৰজ্যোতি বৰঠাকুৰ (২০১৭-২০১৭)
- ড°মৃণাল কুমাৰ বৰা(২০১৭-২০১৯)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বনাথ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪২৯১৪ (৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।