অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তেজপুৰ মহাবিদ্যালয়

তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰত, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ দক্ষিণ দিশত আৰু অগ্নিগড় পাহাৰৰ নিচেই কাষত অবস্থিত।

হালনাগাদ: ১৮ মে’ ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰত, ব্ৰহ্মপুত্ৰ নদ নদীৰ উত্তৰ পাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ দক্ষিণ দিশত আৰু অগ্নিগড় পাহাৰৰ নিচেই কাষত অবস্থিত।

ইতিহাস

মহাবিদ্যালয়খন ১৯৬৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ মূল গুৰি ধৰোঁতা আছিল দুলাল চন্দ্ৰ ভট্টাচাৰ্য। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল কুমাৰ পদ্ম প্ৰসাদ। ১৯৬৭ চনত চন্দ্ৰ মোহন মেধি দেৱক সৰ্বপ্ৰথম স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

পথ নিৰ্দেশনা

তেজপুৰ চহৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় ৩৫ মিনিটৰ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটতম অসামৰিক বিমানকোঠ হৈছে শালনি। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে ইয়াত অট'ৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি।

বিভাগ

তেজপুৰ মহাবিদ্যালয়
তেজপুৰ মহাবিদ্যালয়ছবি: Bishnu Saikia · CC BY-SA 3.0

মহাবিদ্যালয়খনত বৰ্ত্তমান তলত উল্লিখিত বিভাগসমূহ আছে।

  1. অসমীয়া
  2. অৰ্থনীতি বিজ্ঞান
  3. ইতিহাস
  4. ইংৰাজী
  5. উদ্ভিদ বিজ্ঞান
  6. গণিত
  7. তৰ্কবিজ্ঞান আৰু দৰ্শন
  8. বাণিজ্য
  9. ভূগোল
  10. ৰাজনীতি বিজ্ঞান

পাঠ্যক্ৰম

তেজপুৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য), স্নাতক মহলাত বিভিন্ন পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। বৰ্তমান স্নাতক মহলাত উপলব্ধ থকা পাঠ্যক্ৰম সমূহ হৈছে:

কলা শাখা

  • সাধাৰণ ইংৰাজী (General English)
  • অৰ্থনীতি বিজ্ঞান
  • ৰাজীনীতি বিজ্ঞান
  • দৰ্শন
  • ভূগোল
  • বুৰঞ্জী
  • আধুনিক ভাৰতীয় ভাষা (Modern Indian Language, MIL)
    • অসমীয়া
    • হিন্দী
    • বাংলা

পেছাদাৰী পাঠ্যক্ৰম:

  • কম্পিউটাৰ ব্যৱহাৰৰ স্নাতক (bachelor of computer application)
  • তথ্য-প্ৰযুক্তি বিজ্ঞান স্নাতক (B.Sc. IT)

বাণিজ্য শাখা

  • সাধাৰণ স্নাতক পাঠ্যক্ৰম
  • মেজৰ: একাউণ্টেন্সী, ব্যৱসায় পৰিচালনা

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহতেজপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০৭১৩৩ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।