অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনক উজনি অসমৰ কটন বুলিও জনা যায়। NAAC ৰ মূল্যাংকনত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনক উজনি অসমৰ কটন বুলিও জনা যায়। NAAC ৰ মূল্যাংকনত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

পাঠ্যক্ৰম

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক পাঠ আগবঢ়ায়। আৰু ইয়াৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ইয়াৰ লগতে মহাবিদ্যালয়খনে কিছুমান পেছাদাৰী শিক্ষাও আগবঢ়ায়। সেইবোৰ হ'ল:

  • চাৰ্টিফিকেট ইন স্পকেন ইংলিছ
  • চাৰ্টিফিকেট ইন বিউটিচিয়ান
  • চাৰ্টিফিকেট ইন ভিডিঅ'গ্ৰাফী এণ্ড এডিটিং
  • চাৰ্টিফিকেট ইন বেছিক কম্পিউটাৰ এণ্ড ইণ্টাৰনেট ব্ৰাউজিং
  • চাৰ্টিফিকেট ইন টেলি
  • চাৰ্টিফিকেট ইন ডেস্কটপ পাব্লিছিং

ইয়াৰোপৰি ইয়াত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ আছে।

বিভাগসমূহ

বিজ্ঞান

  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অংকশাস্ত্ৰ বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পৰিসংখ্যা বিজ্ঞান বিভাগ
  • কম্পিউটাৰ বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ

কলা আৰু বাণিজ্য

  • অসমীয়া বিভাগ
  • ইংৰাজী বিভাগ
  • ইতিহাস বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • ভূগোল বিভাগ
  • বাণিজ্য বিভাগ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪০৩০৭৭ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।