অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুহিবুৰ ৰহমান

মুহিবুৰ ৰহমান (Muhibur Rahman) অসমৰ লখিমপুৰ জিলাৰ এগৰাকী জিকিৰ গায়ক। জিকিৰ গায়ক হিচাপে তেওঁ সমগ্ৰ অসমতে পৰিচিত৷ শিল্পীগৰাকীয়ে লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ সমীপৱৰ্তী বিলতীয়া গাঁৱত জন্মলাভ কৰিছিল৷ তেওঁৰ জিকিৰৰ সুৰত ভদীয়া নামৰ সুৰ শুনিবলৈ পোৱা যায় বাবে অঞ্চলটোত তেওঁ ভদীয়া কাই বা ভদীয়া নানা নামেৰে…

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

মুহিবুৰ ৰহমান (Muhibur Rahman) অসমৰ লখিমপুৰ জিলাৰ এগৰাকী জিকিৰ গায়ক।

জিকিৰ গায়ক হিচাপে তেওঁ সমগ্ৰ অসমতে পৰিচিত৷ শিল্পীগৰাকীয়ে লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ সমীপৱৰ্তী বিলতীয়া গাঁৱত জন্মলাভ কৰিছিল৷ তেওঁৰ জিকিৰৰ সুৰত ভদীয়া নামৰ সুৰ শুনিবলৈ পোৱা যায় বাবে অঞ্চলটোত তেওঁ ভদীয়া কাই বা ভদীয়া নানা নামেৰে পৰিচিত৷১ জিকিৰ আৰু জাৰীৰ লগতে ভদীয়া কাইয়ে দিহানাম, টোকাৰী গীত, শলিতা লগোৱা নাম, ভকতীয়া বিহু নাম আদিৰ দৰে অন্যান্য লোকগীতৰ প্ৰচাৰৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছে। অনুষ্ঠানিক শিক্ষা নাই যদিও তেওঁ এশৰো অধিক জিকিৰ আৰু জাৰী সাৱলীলভাৱে গাব পাৰে।১

২০১২ চনত সদৌ অসম ছাত্ৰ সন্থাই ৯৫ বছৰীয়া ৰহমানক প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে।১২

তথ্যসূত্ৰ

  1. ↑ (27 December 2010). Pratima Pandey award for Muhibur Rahman. The Assam Tribune. Assam Tribune Pvt. Ltd
  2. ↑ (28 December 2012). AASU seeks zikir archive. Telegraph India. ABP Group

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুহিবুৰ ৰহমান” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৩৮ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।