মনোজ গগৈ (Manoj Gogoi, জন্ম: ৪ জানুৱাৰী ১৯৭৫) এগৰাকী ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী পুনৰসংস্থাপনবিদ। তেওঁ বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৫০০০তকৈ অধিক প্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কৰিছে।১ অসমৰ বাৰ্ষিক বানপানীৰ কৱলত পৰা বনৰীয়া প্ৰাণী ৰক্ষা কৰাৰ বাবে তেওঁ বহুলভাৱে জনাযায়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৫ চনৰ ৪ জানুৱাৰী তাৰিখে গোলাঘাট জিলাৰ কাজিৰঙাৰ বচাগাঁৱত মনোজ গগৈৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোনাৰাম গগৈ আৰু মাতৃ ৰূপা গগৈ। তেওঁ ১৯৯২ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁৰ অনুৰাগ অনুসৰণ কৰিবলৈ তেওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা আধৰুৱা এৰিছিল। প্ৰাৰম্ভিক দিনত তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকসকলক জিপচী চালক তথা পৰ্যটক সকলৰ গাইড হিচাপে কাম কৰিছিল।
ৰ সৈতে মনোজ গগৈ]]
বন্যপ্ৰাণী সংৰক্ষণৰ কাম
মনোজ গগৈ এগৰাকী পক্ষী নিৰীক্ষক তথা এগৰাকী প্ৰাকৃতিবিদ। তেওঁ বিভিন্ন পক্ষী, গঁড়, বাঘ, সাপ আনকি বিষাক্ত ৰং-পতংগৰ সৈতে ভৰা প্ৰকৃতিৰ কোলাত ডাঙৰ-দীঘল হৈছিল। ২০১৩ চনলৈকে পৰ্যটকৰ জিপচী গাড়ী চালক আৰু পৰ্যটক গাইড হিচাপে কাম কৰিছিল। তাৰপিছত তেওঁ কৰবেট ফাউণ্ডেচনৰ পৰিচালক কেদাৰ গৰেৰ সৈতে সাক্ষাৎ লাভ কৰে আৰু ইয়াৰ পিছত তেওঁ প্ৰকৃতিবিদ হিচাপে কাম কৰিবলৈ অগ্ৰসৰ হয়।৩ অসমৰ বছৰেকীয়া বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পানীৰে উপচি পৰে। বানপানীৰ সময়ত ইয়াৰ বন্যপ্ৰাণীৰ প্ৰচুৰ দুৰ্দশা হয়। তেওঁ এই প্ৰাণী সমূহৰ উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ হকে কাম কৰি আহিছে। বৰ্তমানলৈকে তেওঁ ৫০০০তকৈ অধিক পশু-পক্ষী উদ্ধাৰ কৰিছে।
এডালৰ সৈতে মনোজ গগৈ]]
বঁটা আৰু সন্মান
তেওঁৰ সমাজ সেৱাৰ পৰিৱেশ শিতানত 'ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড ২০১৯' লাভ কৰিছে।৪ তেওঁ এনিমেল প্লেনেট আৰু ডিস্ক'ভাৰী চেনেলত সম্প্ৰচাৰিত বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাতা বিজয় বেদিৰ দ্বাৰা চিত্ৰিত টেলিভিছন তথ্যচিত্ৰৰ অংশ আছিল। কৰবেট ফাউণ্ডেচনে তেওঁক ২০১৪ চনত 'বন্যপ্ৰাণী যোদ্ধা' শিৰোনাম প্ৰদান কৰিছিল। ধৃতিমান কাকতিয়ে প্ৰকৃতিৰ সৈতে “কথা পতা” মনোজ গগৈক লৈ চুটি ছবি “The Man who ‘Speaks‘ Nature” নিৰ্মাণ কৰিছিল। উক্ত ছবিখনে বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কাৰো লাভ কৰিছিল।৫
ব্যক্তিগত জীৱন
২০০৫ চনত তেওঁ কাশ্মিৰী শইকীয়া গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
তথ্যসূত্ৰ
- ↑ Meet Manoj Gogoi, the Man who has Rescued over 5,000 Animals in Kaziranga. Inside NE
- ↑ Watch: This wildlife conservationist is saving desperate animals from the Assam floods. Scroll.in
- ↑ Meet Assam’s Manoj Gogoi, warden of stranded animals in Kaziranga. Eastmojo
- ↑ Assam's Wildlife Rescuer Manoj Gogoi Receives ‘India Star Passion Award 2019’. Guwahati Plus
- ↑ কৃতিৰে কথা পতা মানুহজন: বিশ্বৰ শ্ৰেষ্ঠ শাখাত মনোজ গগৈ বিষয়ক অসমৰ চুটি ছবি. Northeast Now
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ গগৈ” প্ৰবন্ধৰ সংশোধন ৫৩০৫৪৩ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।