অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিত্ৰা ফুকন

মিত্ৰা ফুকন (Mitra Phukan: জন্ম- ১৯৫৩ চন, ১৬ মে')হৈছে এগৰাকী ভাৰতীয় লেখিকা,অনুবাদক আৰু স্তম্ভলেখক। লগতে তেওঁ এগৰাকী ধ্ৰুপদী কণ্ঠশিল্পী। তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত অন্যতম। তেওঁ শিশু সাহিত্য, চুটি গল্প, উপন্যাস, অনুবাদ সাহিত্যৰ পৰা আৰম্ভ কৰি স্তম্ভলেখালৈকে লিখিছিল।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মিত্ৰা ফুকন (Mitra Phukan: জন্ম- ১৯৫৩ চন, ১৬ মে')হৈছে এগৰাকী ভাৰতীয় লেখিকা,অনুবাদক আৰু স্তম্ভলেখক।১ লগতে তেওঁ এগৰাকী ধ্ৰুপদী কণ্ঠশিল্পী।২ তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত অন্যতম। তেওঁ শিশু সাহিত্য, চুটি গল্প, উপন্যাস, অনুবাদ সাহিত্যৰ পৰা আৰম্ভ কৰি স্তম্ভলেখালৈকে লিখিছিল। গুৱাহাটী গেজ মিত্ৰা ফুকনৰ প্ৰকাশিত স্তম্ভলেখাৰ সংকলন। মননশীল সাহিত্য নিৰ্মাণৰ স্বীকৃতিস্বৰূপে মিত্ৰা ফুকনে ইউনিচিফ-চিবিটি(UNICEF-CBT) বঁটা,কথা বঁটা, টেলিগ্ৰাফ ভিনেট গুপ্তা মেম'ৰিয়েল বঁটা আদিকে কৰি কেইবাটাও বঁটা লাভ কৰিছে।৩

ব্যক্তিগত জীৱন আৰু শিক্ষা

মিত্ৰা ফুকনৰ জন্ম হৈছিল ১৯৫৩ চনৰ ১৬ মে'ত অসমত। তেওঁৰ পিতৃৰ নাম প্ৰমোদ চন্দ্ৰ গোস্বামী আৰু মাতৃৰ নাম গীতা গোস্বামী। তেওঁৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া। মিত্ৰা ফুকনে ভাৰতৰ লগতে আফ্ৰিকাৰো বিভিন্ন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শ্বিলঙৰ ল'ৰেট' কনভেণ্টৰ পৰা হাইস্কুলীয়া শিক্ষা সাং কৰিছিল। তেওঁ শ্বিলঙৰ ছেইণ্ট মেৰিজ কলেজৰ পৰা ১৯৭৩ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী পায়। ৩

মিত্ৰা ফুকনৰ দিলীপ ফুকনৰ সৈতে বিবাহ হয়। তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে।

কৰ্মজীৱন

'দ্য আছাম ট্ৰিবিউন' কাকতত প্ৰকাশিত All Things Considered স্তম্ভলেখাটি মিত্ৰা ফুকনে লিখে। ৩ মিত্ৰা ফুকন নৰ্থ ইষ্ট ৰাইটাৰ্ছ ফ'ৰামৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। তেওঁ ইয়াৰ সভাপতি হিচাপেও কাম কৰি গৈছে।

মিত্ৰা ফুকনে লিখা দ্য কালেক্টৰছ ৱাইফ শীৰ্ষক উপন্যাসখনৰ পটভূমি অসম ভিত্তিক য'ত ১৯৭০ আৰু ৮০ ৰ দশকৰ অসম আন্দোলনৰ বিৰুদ্ধে অৱতাৰণা কৰা হৈছে।৪ এগৰাকী অনুবাদক হিচাপে, মিত্ৰা ফুকনে "ব্লুছমছ ইন দ্য গ্ৰেভিয়াৰ্ড" নামেৰে জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ "কবৰ আৰু ফুল" গ্ৰন্থখন অনুবদ কৰিছে। সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত হৰেকৃষ্ণ ডেকাৰ গল্প অনুবাদ কৰি মিত্ৰা ফুকনে গিল্‌ট এণ্ড আদাৰ ষ্টৰিজ নামেৰে এখন অনুবাদ গল্প সংকলন ৰচনা কৰে। ইয়াৰ উপৰিও কেইবাজনো অসম লেখকৰ ৰচনা তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছে। মিত্ৰা ফুকনৰ প্ৰকাশিত স্তম্ভলেখাৰ সংকলন হৈছে 'গুৱাহাটী গেজ'। তেওঁ ২০০৮ চনত আৰ জি বৰুৱাঃ দ্য আৰ্কিটেক্ট অব মদাৰ্ণ আছাম নামেৰে এখন জীৱনী গ্ৰন্থ প্ৰণয়ন কৰে। গ্ৰন্থখন ৰাধাগোবিন্দ বৰুৱাক লৈ ৰচনা কৰা।

সাহিত্যৰাজি

শিশুগ্ৰন্থ

  1. মামনিজ এডভেন্সাৰছ (১৯৮৬)
  2. চুমকি পোষ্ট এ লেটাৰ (১৯৮৯)
  3. দ্য বিৰাটপুৰ এডভেন্সাৰ (১৯৯৪)

জীৱনী

  1. আৰ জি বৰুৱাঃ দ্য আৰ্কিটেক্ট অব মদাৰ্ণ আছাম (২০০৮)

উপন্যাস

  1. দ্য কালেক্টৰছ ৱাইফ (২০০৫)
  2. এ মনছুন মিউজিক (২০১১)

প্ৰকাশিত স্তম্ভলেখাৰ সংকলন

  1. গুৱাহাটী গেজ

চুটিগল্প

  1. এ ফুল নাইটছ থিভাৰী (২০১৬)

অনূদিত চুটিগল্প

  1. অগ্নি বাই এণ্ড আদাৰ ষ্টৰিজ (২০১৯)
  2. গিল্‌ট এণ্ড আদাৰ ষ্টৰিজ

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 'কবৰ আৰু ফুল' উপন্যাসখন 'ব্লুছমছ ইন দ্য গ্ৰেভিয়াৰ্ড' নামেৰে ইংৰাজীলৈ অনুবাদ কৰে। ৩

বঁটা

শিশুৰ বাবে লিখা কল্পবিজ্ঞানমূলক গ্ৰন্থৰ বাবে মিত্ৰা ফুকনে ইউনিচিফ-চিবিটি(UNICEF-CBT) বঁটা লাভ কৰে। লগতে অনুবাদৰ বাবে তেওঁ কথা বঁটা, চুটি কল্পবিজ্ঞানৰ বাবে টেলিগ্ৰাফ ভিনেট গুপ্তা মেম'ৰিয়েল বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ প্ৰতিলিপি প্ৰফাইল
  2. ↑ (Assam) About 'A Bowstring Winter'
  3. ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ২৪৯. ISBN 978-81-950015-4-5
  4. ↑ দ্য কালেক্টৰছ ৱাইফ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ লেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিত্ৰা ফুকন” প্ৰবন্ধৰ সংশোধন ৪৮৭০৯০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।