অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
সোণেশ্বৰ বৰা
সোণেশ্বৰ বৰা (Soneswar Borah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ গোলাঘাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৮ চনত তেওঁ জনতা দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অসমৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
হলিচৰণ নাৰ্জাৰী
হলিচৰণ নাৰ্জাৰী (Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগত বেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।
-
হেম ভৰালী
হেম ভৰালী (১৯১৯-২০২০) এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সেৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী। তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়।
-
হেমেন্দ্ৰ কুমাৰ গগৈ
হেমেন্দ্ৰ কুমাৰ গগৈ (১৯৪০-২০২০) একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে।
-
ৰঞ্জন কলিতা
ড° ৰঞ্জন কলিতা (ইংৰাজী: Dr. Ranjan Kalita) এগৰাকী লেখক, গৱেষক, শিক্ষাবিদ আৰু সমাজকৰ্মী। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কলিতাই ২০১২ চনত অসমীয়া আৰু নেপালী প্ৰৱচন: এটি তুলনামূলক অধ্যয়ন বিষয়ক গৱেষণাপত্ৰৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
ৰবীন বৰুৱা
ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।
-
ৰমেশ চন্দ্ৰ ডেকা
ৰমেশ চন্দ্ৰ ডেকা(Ramesh Chandra Deka) এগৰাকী প্ৰখ্যাত চকু,নাক আৰু কাণ বিশেষজ্ঞ তথা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীৰ প্ৰাক্তন সঞ্চালক। ভাৰতবৰ্ষত 'cochlear implant surgery'ৰ প্ৰৱৰ্ত্তনৰ ক্ষেত্ৰত তেওঁ অন্যতম পথপ্ৰদৰ্শক।
-
ৰাধানাথ ফুকন
ৰাধানাথ ফুকন (Radhanath Phukan) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।
-
ৰিণিকি ভূঞা শৰ্মা
ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।
-
ৰূপম ভূঞা
ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক। তেওঁ অসমীয়া ভাষাৰ বাহিৰেও হিন্দী,বাংলা,ৰাজস্থানী আদি ভাষাত গীত গাইছে। ইয়াৰ উপৰি তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে। তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা বেণ্ডৰ অন্যতম সদস্য।
-
ৰেৱকান্ত মহন্ত
ৰেৱকান্ত মহন্ত (Reba Kanta Mohanta, জন্ম: ১৯ এপ্ৰিল ১৯৩৫) এগৰাকী ভাৰতীয় অংকীয়া নাট আৰু মুখা শিল্পী। অসমৰ মুখা শিল্প জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৪ চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। ২০২৫ বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰে।
-
ৰোহিনী কুমাৰ বৰুৱা
ৰোহিনী কুমাৰ বৰুৱা (Rohini Kumar Barua; ) অসমৰ এজন লিখক, চিন্তাবিদ আৰু প্ৰশাসনিক বিষয়া আছিল। চাকৰি জীৱনৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ নতুন দৈনিক কাকতৰ সম্পাদক ৰূপে কৰ্মৰত আছিল।'ইণ্ডিয়া ভিউড থ্ৰু ইটচ্ নৰ্থ ইষ্ট ৱিণ্ড তেওঁৰ শেহতীয়া কিতাপ।
-
ৱাজেদ আলী চৌধুৰী
ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ…
-
অজয় কুমাৰ দত্ত
অজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী। তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।
-
অনিল ৰায়চৌধুৰী
অনিল ৰায়চৌধুৰী (Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল।
-
অমিতা মালিক
অমিতা মালিক (Amita Malik, ১৯২১ - ২০ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় মিডিয়া সমালোচক। টাইম আলোচনীয়ে তেওঁক ভাৰতৰ "আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন সমালোচক" বুলি বৰ্ণনা কৰিছিল আৰু "ভাৰতীয় মাধ্যমৰ প্ৰথম মহিলা" আৰু "ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জনাজাত চিনেমা বৰ্ণনাকাৰী" বুলি অভিহিত কৰিছিল।
-
অমৃতভূষণ দেৱ অধিকাৰী
অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া সাহিত্যিক। তেখেত ১৯২৩ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চম অধিবেশনৰ সভাপতি আছিল। ১৯শ শতিকাৰ শেষৰ ফালে গোৱালপাৰাত বাংলা ভাষাৰ প্ৰচলনৰ বাবে কৰা ষড়যন্ত্ৰক বাধা দিয়া ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম আছিল।
-
অম্বিকাচৰণ চৌধুৰী
অম্বিকাচৰণ চৌধুৰী (Ambika Charan Choudhuri) অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।
-
অশোক শইকীয়া
অশোক শইকীয়া (Ashok Saikia) ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) যুটীয়া সম্পাদক আছিল। ১৯৮০ দশকত তেওঁ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অৰুণলোচন দাস
অৰুণলোচন দাস(Arunlochan Das) হৈছে অসম, ভাৰতৰ এগৰাকী চিত্ৰ-সাংবাদিক আৰু সমালোচক৷ ১৯৭৬ চনতে কৰ্মজীৱনৰ পাতনি মেলা অৰুণলোচন দাসে পৰৱৰ্তী সময়ত অসমৰ বহুতসংখ্যক কাকত-আলোচনীত চলচ্চিত্ৰ সম্পৰ্কীয় ভালেমান লেখা-মেলা কৰে৷ 'অৱকাশ', 'কাদম্বৰী', 'চিত্ৰ সংবাদ' আদি একাধিক কাকত-আলোচনীৰ সম্পাদনাৰ লগতো তেখেত জড়িত…
-
অৰূপ কুমাৰ নাথ
অৰূপ কুমাৰ নাথ (Arup Kumar Nath) অসমৰ এগৰাকী গল্পকাৰ তথা কবি। সাউদ আৰু অন্যান্য গল্প,ইথাৰৰ ঈশ্বৰ, অন্নখন, আদিকে ধৰি তেওঁৰ চাৰিখন গল্প-সংকলন, এখন কাব্য গ্ৰন্থ আৰু চাৰিখন উপন্যাসিকা প্ৰকাশিত হৈছে।
-
আনোৱাৰুদ্দিন চৌধুৰী
আনোৱাৰুদ্দিন চৌধুৰী এগৰাকী ভাৰতীয় প্ৰকৃতিবিদ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণী বিশেষজ্ঞ। তেওঁ এগৰাকী পক্ষীবিদ, স্তন্যপায়ীবিদ, অসামৰিক সেৱা বিষয়া, ফটোগ্ৰাফাৰ আৰু লেখক। তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সমূহৰ অধ্যয়ন কৰাৰ বাবে বিখ্যাত।
-
ইমৰান হুছেইন
ইমৰান হুছেইন (১৯৬৬) এজন লেখক, সমালোচক, অধ্যাপক। ২০০৩ চনত সাহিত্য একাডেমীয়ে অসমীয়া ভাষাত প্ৰকাশ কৰা তেওঁৰ প্ৰথম গল্পপুথিখনৰ নাম হৈছে- হুদুমদেও আৰু অন্যান্য৷ তেওঁ অসমৰ সাহিত্য আলোচনী ভূমিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ অসমৰ ছিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেওঁৰ ‘বাঁক’ শীৰ্ষক গল্পটোক…
-
ইলাৰাম দাস
আচাৰ্য ইলাৰাম দাস (১৯২৯ - ২০০৩) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, বক্তা, সাধক পণ্ডিত আৰু সমাজ সংস্কাৰক। তেওঁ এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আছিল। ২০০১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল।
-
ইলিয়াছ আলি
ইলিয়াছ আলি অসমৰ এগৰাকী শল্য চিকিৎসক। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক আছিল। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঘাত কেন্দ্ৰ আৰু আপাতকালীন চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও কৰ্মৰত আছিল।
-
উপেন ৰাভা হাকাচাম
উপেন ৰাভা হাকাচাম (জন্ম: ১৯৬১ - ) উপেন ৰাভা হাকাচাম একাধাৰে গৱেষক আৰু ৰাভা ভাষা-সাহিত্যৰ সাধক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।
-
কনক চন্দ্ৰ ডেকা
কনক চন্দ্ৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ পণ্ডিত৷
-
কবীন্দ্ৰ পুৰকায়স্থ
কবীন্দ্ৰ পুৰকায়স্থ (Kabindra Purkayastha; ১৫ ডিচেম্বৰ ১৯৩১ – ৭ জানুৱাৰী ২০২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৮ চনৰপৰা ১৯৯৯ চনলৈকে অটল বিহাৰী বাজপেয়ী চৰকাৰত যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।
-
কমল কুমাৰ তাঁতী
কমল কুমাৰ তাঁতী ( Kamal Kumar Tanti) হৈছে এগৰাকী অসমীয়া কবি, অনুবাদক, অধ্যপক, প্ৰবন্ধ লেখক আৰু সমালোচক। তেখেতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ অসমৰ চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰি আহিছে।
-
কমলা ভট্টাচাৰ্য
কমলা ভট্টাচাৰ্য এজনী ভাৰতীয় ছাত্ৰী। তেওঁ অসমৰ বৰাক উপত্যকাৰ বঙালী ভাষাৰ আন্দোলনত ১৯৬১ চনত শিলচৰত ছহিদ হয়।