অৰুণলোচন দাস(Arunlochan Das) হৈছে অসম, ভাৰতৰ এগৰাকী চিত্ৰ-সাংবাদিক আৰু সমালোচক৷১ ১৯৭৬ চনতে কৰ্মজীৱনৰ পাতনি মেলা অৰুণলোচন দাসে পৰৱৰ্তী সময়ত অসমৰ বহুতসংখ্যক কাকত-আলোচনীত চলচ্চিত্ৰ সম্পৰ্কীয় ভালেমান লেখা-মেলা কৰে৷ 'অৱকাশ', 'কাদম্বৰী', 'চিত্ৰ সংবাদ' আদি একাধিক কাকত-আলোচনীৰ সম্পাদনাৰ লগতো তেখেত জড়িত আছিল৷ ১৯৯৬ চনৰ পৰা তেখেতে 'লাইমলাইট ডাইৰেক্টৰী'ৰ নিয়মীয়া প্ৰকাশৰ লগত জড়িত হৈ পৰে৷ চলচ্চিত্ৰ বিষয়ক গ্ৰন্থৰ বাবে ৰাজ্যিক বঁটা লাভ কৰা অৰুণলোচন দাসে '১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত', 'এৰি অহা দিনবোৰত অসমীয়া চিনেমা', 'কি নাম দি মাতিম' ইত্যাদি তথ্যসমৃদ্ধ গ্ৰন্থ লিখি থৈ গৈছে৷২ তেখেত 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷
জন্ম আৰু পৰিয়াল
অৰুণলোচন দাসে ১৯৫৪ চনৰ ২৯ মে'ত গুৱাহাটীৰ উজান বজাৰত জন্মগ্ৰহণ কৰিছিল৷ ৩ তেখেতে মঙলদৈত পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত গুৱাহাটীত কলেজীয়া শিক্ষা সাং কৰে৷ উজানবজাৰৰ জাহাজঘাটত কিছু বছৰ থকাৰ পাছত তেখেত পাছলৈ গুৱাহাটীৰ অনিল নগৰৰ স্থায়ী বাসিন্দা হয়৷ তেখেতৰ ককায়েক হৈছে ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আৰু অসমৰ চিত্ৰ সাংবাদিকৰ এগৰাকী আৰম্ভণি-কালৰে ব্যক্তি কমললোচন দাস৷ ভালেসংখ্যক অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা নিয়ন্ত্ৰক ৰাজীৱলোচন দাস আৰু শিশু সাহিত্যত সাহিত্য অকাডেমিপ্ৰাপ্ত সাহিত্যিক-সাংবাদিক যুগললোচন দাস তেখেতৰ দুই ভ্ৰাতৃ৷
কৰ্মজীৱন
আৰতি দাস বৈৰাগীৰ 'জোনবিৰি' আলোচনীখনৰ জৰিয়তে অৰুণলোচন দাসে ১৯৭৬ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল৷ ইয়াৰ প্ৰায় তিনি বছৰৰ পাছত অৰ্থাৎ, ১৯৭৯ চনত 'ৰূপকাৰ' আলোচনীখনৰ জৰিয়তে তেখেতে চলচ্চিত্ৰ সাংবাদিকতা জগতত প্ৰৱেশ কৰে৷ একেটা বৰ্ষতে তেখেতে প্ৰথম বহুৰঙী অফছেটত মুদ্ৰিত চলচ্চিত্ৰ আলোচনী 'অৱকাশ'ৰ সম্পাদনাৰ লগত জড়িত হৈছিল৷ ২'৮০ৰ দশকত অৰুণলোচন দাসে 'কাদম্বৰী' নামৰ এখন সাংস্কৃতিক মাহেকীয়া আলোচনী সম্পাদনা কৰে৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক কাকত 'চিত্ৰ সংবাদ'ৰ সহযোগী সম্পাদকৰ পদতো তেখেতে ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে অধিষ্ঠিত হৈছিল৷ ১
অৰুণলোচন দাসে ১৯৭৯ চনত ‘লাইমলাইট’ নামৰ সংস্থাটোৰ জন্ম দিয়ে।২ এই সংস্থাটিৰ বেনাৰতেই তেখেতে শতাধিক ছবিৰ প্ৰচাৰৰ ডিজাইন কৰে। অসমৰ শিল্পীসকলৰ ফোন নম্বৰ, ঠিকনা সন্নিৱিষ্ট কৰি তেওঁলোকৰ জীৱনীৰ সংকলন 'লাইমলাইট ডাইৰেক্টৰী' তেখেতে ১৯৯৬ চনৰ পৰা নিয়মীয়াকৈ প্ৰকাশ কৰে৷ অসমৰ বহু বাতৰি-কাকত আৰু আলোচনীৰ পাতত তেখেতে চলচ্চিত্ৰ সম্পৰ্কীয় অনেক প্ৰবন্ধ-পাতি লিখিছে৷ ১
অৰুণলোচন দাস পুলক গগৈৰ দ্বাৰা পৰিচালিত ‘সাদৰী’ ছবিখনৰ সহকাৰী পৰিচালক হিচাপে জড়িত হৈছিল। ইয়াৰোপৰি তেখেত অসমৰ চলচ্চিত্ৰ-নিৰ্মাতা, গল্পকাৰ-সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰায়কেইখন ছবিৰে প্ৰচাৰ সচিবৰ দায়িত্বত আছিল। ২
অৰুণলোচন দাস 'সাংস্কৃতিক সাংবাদিক সংস্থা, অসম'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ মৃত্যুৰ আগলৈকে তেখেত সংস্থাৰ উপদেষ্টাৰ পদ অলংকৃত কৰি ৰাখিছিল৷ ৩
গ্ৰন্থৰাজি
- ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (দুটা খণ্ডত)
- শ্বুটিং ৰিপ'ৰ্ট
- এৰি অহা দিনবোৰত অসমীয়া চিনেমা
- কি নাম দি মাতিম
- অসমীয়া চলচ্চিত্ৰ (১৯৩৫-১৯৯১)
- অসমীয়া চিনেমাৰ কথা
- অসমৰ সুৱদিসুৰীয়া গীত২
- অসমীয়া ছুপাৰহিট গীত
- ৰাইজক সাবটিম কণ্ঠৰ সুৰেৰে (জয়ন্ত হাজৰিকাৰ গীত-সংকলন)
- উইণ্ডমিল আৰি টিউলিপ ফুলৰ দেশত (ভ্ৰমণ কাহিনী)২
বঁটা আৰু সন্মান
- এৰি অহা দিনবোৰত অসমীয়া চিনেমা শীৰ্ষক গ্ৰন্থখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা
- ৰাজ্য চৰকাৰৰ সাংবাদিক পেন্সন লাভ।
মৃত্যু
হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত ১২ অক্টোবৰৰ পৰা অৰুণলোচন দাস চিকিৎসাধীন হৈ আছিল৷ অৱশেষত ২০২৩ বৰ্ষৰ ২৩ অক্টোবৰ তাৰিখে, সোমবাৰে বিয়লি ২ বজাত চিত্ৰ-সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭১ বছৰ৷১ ৪
তথ্যসূত্ৰ
- ↑ (২৫ অক্টোবৰ ২০২৩). সাংবাদিক, চিত্ৰ সমালোচক অৰুণলোচন দাসৰ দেহাৱসান. দৈনিক অসম. পৃ. ১ আৰু ৬
- ↑ (২৪ অক্টোবৰ ২০২৩). হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈঃ শিৱাণু বৰা. দৈনন্দিন বাৰ্তা
- ↑ (২৩ অক্টোবৰ). প্ৰবীণ সাংস্কৃতিক সাংবাদিক-বিশিষ্ট লেখক অৰুণ লোচন দাসৰ দেহাৱসান. ইটিভি ভাৰত
- ↑ (October 23, 2023). Assam: Senior cine journalist and film critic Arun Lochan Das no more. Hill Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণলোচন দাস” প্ৰবন্ধৰ সংশোধন ৫৪০১৯৪ (২৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।