ড° ৰঞ্জন কলিতা (ইংৰাজী: Dr. Ranjan Kalita) এগৰাকী লেখক, গৱেষক, শিক্ষাবিদ আৰু সমাজকৰ্মী। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কলিতাই ২০১২ চনত অসমীয়া আৰু নেপালী প্ৰৱচন: এটি তুলনামূলক অধ্যয়ন বিষয়ক গৱেষণাপত্ৰৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী লাভ কৰে।১ ইয়াৰ উপৰি তেওঁ ২০১৪ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰপৰা গণ সংযোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰা ড° কলিতা বৰ্তমান ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ। ইয়াৰ উপৰিও তেওঁ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, বালিপৰা আৰু চৰকাৰী আইন মহাবিদ্যালয়, চকীঘাট, তেজপুৰৰ অধ্যক্ষৰূপেও অতিৰিক্ত দায়িত্ব পালন কৰি আছে।২ ড° কলিতাই অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে (২০২২-২৪ আৰু (২০২৪-২৬) কাৰ্যনিৰ্বাহ কৰি আছে।৩ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্ট সভা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলেজ উন্নয়ন সমিতিৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ তেজপুৰৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘৰ সক্ৰিয় সদস্য। তেওঁৰ অধীনত গৱেষণা কাৰ্য সম্পন্ন কৰি কেইবাগৰাকীও গৱেষকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।৪
প্ৰাৰম্ভিক জীৱন
১৯৬৮ চনত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা ৰঞ্জন কলিতাৰ পিতৃ বিনোদ চন্দ্ৰ কলিতা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শৰণাচাৰ্য আৰু মাতৃ প্ৰয়াত নন্দেশ্বৰী কলিতা। তেওঁ উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা শৈক্ষিক জীৱন সমাপ্ত কৰে আৰু বিশ্বনাথ মহাবিদ্যালয়ৰপৰা অসমীয়া সন্মান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে।
উচ্চ শিক্ষা
১৯৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ৰঞ্জন কলিতাই অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১২ চনত তেওঁ ড° সুনীল কুমাৰ দত্ত আৰু ড° উমেশ চন্দ্ৰ ডেকাৰ তত্ত্বাৱধানত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল অসমীয়া আৰু নেপালী প্ৰবাদ: এটি তুলনামূলক অধ্যয়ন। তেওঁ দ্বিতীয়বাৰৰ বাবে স্নাতকোত্তৰ সন্মানৰ অধিকাৰী হয়। ২০২৪ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰপৰা তেওঁ গণ সংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন
১৯৯৩ চনত তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰবক্তা হিচাপে কলিতাৰ কৰ্ম জীৱন আৰম্ভ হয়। পৰৱৰ্তীকালত তেওঁ তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হয়। ২৫ বছৰ সফলতাৰে অধ্যাপনা কৰা ড° কলিতাই ২০১৮ চনত ৰঙাপৰা মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)ৰ স্থায়ী অধ্যক্ষ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, বালিপৰাৰ অধ্যক্ষৰ অতিৰিক্ত দায়িত্ব পালন কৰি আছে। তেওঁ অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে (২০২২-২৪) আৰু (২০২৪-২৬) কাৰ্যনিৰ্বাহ কৰি আছে।৫ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা পৰ্যবেক্ষকৰ দৰে দায়িত্বও পালন কৰি আছে। তেওঁৰ অধীনত গৱেষণা কৰি কাব্যশ্ৰী বৰুৱা আৰু মিতালি কুমাৰীয়ে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।৬ বৰ্তমান তেওঁৰ অধীনত ছয়গৰাকী গৱেষকে বিভিন্ন বিষয়ত গৱেষণা কৰি আছে। অসমৰ প্ৰায় সকলো আগশাৰীৰ কাকত-আলোচনীত তেওঁ সাহিত্য বিষয়ক লিখা-মেলা নিয়মীয়াকৈ কৰি আছে। বৃহত্তৰ শোণিতপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতো তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ আছে।৭ অসম সাহিত্য সভা, অসম নাট্য সন্মিলন আদিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা ড° কলিতা এগৰাকী সুবক্তা হিচাপেও পৰিচিত।
দাম্পত্য জীৱন
ড° ৰঞ্জন কলিতাৰ সহধৰ্মিনীৰ নাম পিকুমণি কলিতা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান অভীপ্সিত কলিতা। অভীপ্সিত বৰ্তমান আই আই টি, বাৰানসীৰ এগৰাকী মেধাৱী শিক্ষাৰ্থী হোৱাৰ লগতে বিৰলা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষক ছাত্ৰ। তেওঁৰ বৰ্তমান স্থায়ী ঠিকনা তেজপুৰ চহৰৰ মূঢ়াতেতেলি অঞ্চলত।
উল্লেখযোগ্য কৃতি
- শোণিতপুৰ: ঐতিহ্য আৰু সংস্কৃতি, সম্পাদনা: ড° ৰঞ্জন কলিতা, প্ৰকাশক: অসম কলেজ শিক্ষক সংস্থা।
- গৱেষকৰ হাতপুথি, সম্পাদনা: ড° ৰঞ্জন কলিতা।
- ভাষা- সাহিত্য আৰু সংস্কৃতি, সম্পাদনা: ড° ৰঞ্জন কলিতা।
- অসমৰ পৰম্পৰাগত সংস্কৃতি, সম্পাদনা: ড° ৰঞ্জন কলিতা।
- মহাক্ষেত্ৰ শোণিতপুৰ, সম্পাদনা: ড° ৰঞ্জন কলিতা।
বঁটা, সন্মান, স্বীকৃতি
- Received ‘Best Principal of the Year, 2020’ Award from Institute Scholars, Bangalore, India
- Received ‘National Eminent Academic Leader Award, 2020” from International Institute of Organized Research, India
- An Award was received from the Rotary Club of Greater Tezpur (Rotary International District 3240) for contribution in the Field of Education. (5th September, 2014)
- A Fellowship was received from the Gorkha Development Council, Govt. of Assam for contribution towards development of Nepali Literature, Language and Culture of Assam. (19 June, 2013)
- International Eminent Principal Award 2021 by I2OR, India-reg
বাহ্যিক সংযোগ
- ব্যক্তিগত ৱেবছাইট
- Message from Principal's Desk (চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ, বালিপৰাৰ অফিচিয়েল ৱেবছাইট)
তথ্যসূত্ৰ
- ↑ a comparative study of Assamese and Nepali proverbs. shodhganga
- ↑ Message from Principal's Desk. Govt. Model College, Balipara
- ↑ (2024-08-01). Assam College Principals' Council Celebrates Diamond Jubilee This Year. Pratidin Time
- ↑ phd degree under supervision of Dr.Ranjan Kalita. access -date=2026-05-15
- ↑ (29 December 2022). 67th conference of Assam College Teachers' Association underway in Lakhimpur. The Sentinel Assam
- ↑ নিয়মীয়া বাৰ্তা, পৃষ্ঠা নং ৭, তেজপুৰ সংস্কৰণ, ১ জানুৱাৰী ২০২৬
- ↑ (28 December 2024). Assam Valley Academy Concludes 15th Annual Cultural and Sports Week with Grand Ceremony. The Sentinel Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জন কলিতা” প্ৰবন্ধৰ সংশোধন ৬০৬৫৮৯ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।