অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবীন্দ্ৰ পুৰকায়স্থ

কবীন্দ্ৰ পুৰকায়স্থ (Kabindra Purkayastha; ১৫ ডিচেম্বৰ ১৯৩১ – ৭ জানুৱাৰী ২০২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৮ চনৰপৰা ১৯৯৯ চনলৈকে অটল বিহাৰী বাজপেয়ী চৰকাৰত যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

হালনাগাদ: ৮ জুলাই ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কবীন্দ্ৰ পুৰকায়স্থ (Kabindra Purkayastha; ১৫ ডিচেম্বৰ ১৯৩১ – ৭ জানুৱাৰী ২০২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৮ চনৰপৰা ১৯৯৯ চনলৈকে অটল বিহাৰী বাজপায়ী চৰকাৰত যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ অসমত ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা আছিল।

তেওঁৰ পুত্ৰ কনদ পুৰকায়স্থ বৰ্তমান অসমৰ ৰাজ্যসভাৰ এগৰাকী সাংসদ।

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনৰ ১৫ ডিচেম্বৰ তাৰিখে চিলেট জিলাৰ (বৰ্তমান বাংলাদেশত) কমাৰখালত পুৰকায়স্থৰ জন্ম হৈছিল।১ তেওঁ গৌহাটী বিশ্ববিদ্যালয়ত এম এ অধ্যয়ন কৰিছিল। তেওঁ শ্ৰীভূমিৰ ৰামকৃষ্ণ বিদ্যাপীঠৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনৈতিক কৰ্মজীৱন

পুৰকায়স্থই ১৯৫০ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিল আৰু সংগঠনটোত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ প্ৰসাৰিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৮০ চনত তেওঁ দলটোৰ এজন প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁ ১৯৯১ চনত অসমৰ শিলচৰ লোকসভা সমষ্টিৰপৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮ চনত তেওঁ একেটা সমষ্টিৰপৰাই পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। ২০০৯ চনত শিলচৰৰপৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ হেভীৱেইট প্ৰাৰ্থী সন্তোষ মোহন দেৱ আৰু সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ বদৰুদ্দিন আজমলক পৰাস্ত কৰি তেওঁ পঞ্চদশ লোকসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ সপক্ষে মোদীৰ ঢৌ থকা সত্ত্বেও সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ) হাতত তেওঁ পৰাজিত হয়। সামাজিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টী - অসমৰ 'পিতৃপুৰুষ' হিচাপেও পৰিচিত আছিল। ২০২৬ চনত ভাৰত চৰকাৰে তেখেতক মৰণোত্তৰভাৱে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

মৃত্যু

২০২৬ চনৰ ৭ জানুৱাৰী তাৰিখে, ৯৪ বছৰ বয়সত পুৰকায়স্থৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ Fifteenth Lok Sabha members bioprofile – Shri Kabindra Purkayastha. Lok Sabha website
  2. ↑ (7 January 2026). Kabindra Purkayastha, the Patriarch of Assam BJP Passes Away at 94. Barak Bulletin

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিবিদপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবীন্দ্ৰ পুৰকায়স্থ” প্ৰবন্ধৰ সংশোধন ৬১৬৩০৭ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।