অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোণেশ্বৰ বৰা

সোণেশ্বৰ বৰা (Soneswar Borah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ গোলাঘাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৮ চনত তেওঁ জনতা দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অসমৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সোণেশ্বৰ বৰা (Soneswar Borah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ গোলাঘাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৮ চনত তেওঁ জনতা দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অসমৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ পথ-প্ৰদৰ্শক হিচাপে অভিহিত কৰা হয়। দুখীয়া কৃষকসকলৰ ভূমি সম্প্ৰসাৰণৰ বাবে কৃষকসকলে বৰাক কৃষক পিতৃ নামেৰে সন্মান যাচিছিল।১ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ২০১০ চনৰ ১৩ ডিচেম্বৰত ৮৬ বছৰ বয়সত গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সোণেশ্বৰ বৰাই শেষ নিশ্বাস ত্যাগ কৰে।২

জন্ম আৰু শৈশৱ

১৯২৬ চনৰ ৬ মে’ত গোলাঘাট জিলাৰ ফৰকাটিংৰ ৰূপকলীয়া দ-গাৱঁত সোণেশ্বৰ বৰাৰ জন্ম হয়। হামদৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰম্ভ কৰা বৰাই ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে।১

কৰ্মজীৱন

১৯৪২ চনত সোণেশ্বৰ বৰাই ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰে২ আৰু ১৯৪৩ চনত মৃত্যু বাহিনীত যোগদান কৰে। ১৯৪৬ চনত তেওঁ সমাজবাদী পাৰ্টীত যোগ দিয়ে। ১৯৫০ চনত তেওঁ ঘিলাধাৰী কৃষক সত্যাগ্ৰহৰ সূচনা কৰে আৰু ইয়াৰ বাবে ১০ মাহ কাৰাবাস খাটিব লগাত পৰে। ইয়াৰ পিছতে ১৯৫১ চনত বৰাই দুখীয়া কৃষকসকলৰ বাবে দৈয়াং ভূমি আগ্ৰাসনৰ আৰম্ভণি কৰে আৰু ইয়াৰ বাবে কৃষকসকলে তেওঁক কৃষক পিতৃ নামেৰে সন্মান জনায়। ১৯৬২ চনত তেওঁ সমাজবাদী পাৰ্টীৰ পৰা অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্ব্বিতা (গোলাঘাট) কৰে যদিও পৰাজিত হয়। পৰৱৰ্তী সময়ত যথাক্ৰমে ১৯৬৭ আৰু ১৯৭২ চনত সমাজবাদী পাৰ্টীৰ পৰাই তেওঁ গোলাঘাটৰ বিধায়ক ৰূপে নিৰ্বাচিত হয়। ১৯৭৮ চনত জনতা দলৰ প্ৰাৰ্থীৰূপে বিধায়ক নিৰ্বাচিত হৈ বৰাই কৃষি আৰু সমবায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।১২ সোণেশ্বৰ বৰাক অসমত ক্ষুদ্ৰ চাহ খেতিৰ বাটকটীয়া ৰূপে জনা যায়। তেওঁৰ উদ্যোগতে ক্ষুদ্ৰ চাহ খেতিয়ে অসমত জনপ্ৰিয়তা আৰু প্ৰসাৰ লাভ কৰে। কৃষক, দৈয়াং মুক্তি আন্দোলন আৰু চাহখেতিৰ বিষয়ে তেওঁৰ প্ৰায় ৩০খন গ্ৰন্থ আৰু ভালেসংখ্যক লেখা প্ৰকাশ পাইছে।৩১

অসমত সমবায় বেংকৰ ধাৰণা প্ৰয়াত বৰাৰ উদ্যোগতে গঢ় লৈ উঠিছিল। পিছলৈ অসম গ্ৰামীণ বেংক হিচাপে একত্ৰীকৰণ কৰা লখিমী গাঁ‌ৱলীয়া বেংক আৰু প্ৰাগজ্যোতিষ গাঁ‌ৱলীয়া বেংক সোণেশ্বৰ বৰাৰে চিন্তাৰ ফচল বুলি কোৱা হয়।২

স্মৃতিচিহ্ন

সোণেশ্বৰ বৰাৰ স্মৃতিত ২০১৬ চনত গোলাঘাট জিলাৰ সৰুপানীত এখন প্ৰাথমিক চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ (13 December 2010). Socialist leader Soneswar Bora dead. The Assam Tribune
  2. ↑ Ritupallab Saikia. (14 December 2010). Former Minister Soneswar Bora passes away. Assam Times
  3. ↑ বিভিন্ন. (২০০৮). প্ৰসংগ চাহ. অসম চাহ কৰ্মচাৰী সংঘ. পৃ. ৬৪-৬৫
  4. ↑ (9 January 2016). Minister Ajanta Neog iugurates Soneswar Bora PHC. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণেশ্বৰ বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৯৪ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।