আচাৰ্য ইলাৰাম দাস (১৯২৯ - ২০০৩) মহাপুৰুষ শংকৰদেৱৰ একান্ত অনুগামী একশৰণ নাম ধৰ্মৰ প্ৰচাৰক, বক্তা, সাধক পণ্ডিত আৰু সমাজ সংস্কাৰক। তেওঁ এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আছিল। ২০০১ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
১৯২৯ চনৰ ২৩ ডিচেম্বৰ তাৰিখে অবিভক্ত নগাঁও জিলাৰ (বৰ্তমান মৰিগাঁও জিলা) জালুগুটি নামৰ সৰু গাঁও এখনৰ কৈৱৰ্ত জনগোষ্ঠী পৰিয়ালত ইলাৰাম দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কালিৰাম দাস আৰু মাতৃ খোপাদৈ দাস। পাঁচ সন্তানৰ পৰিয়ালৰ তাৰো জ্যেষ্ঠ সন্তান আছিল। সৰুৰে পৰা তেওঁ বৈষ্ণৱ ভাৱধাৰাৰ প্ৰতি আকৃষ্ট আছিল।
তেওঁ ১৯৪৫ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। জালুগুটি অঞ্চলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ইলাৰাম প্ৰথম ব্যক্তি আছিল। তাৰপিছত তেওঁ ১৯৪৭ চনত নগাঁও বিশ্ববিদ্যালয়ৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয়।
ধৰ্মীয় জীৱন
ইলাৰাম দাসে নগাঁও জিলাৰ নন্দীৰাম আতাৰ একশৰণ নামধৰ্ম পালনাম সমাজত যোগদান কৰিছিল। তাৰপিছত তেওঁ ১৪ বছৰ কাল মহাপুৰুষ শংকৰদেৱ ধৰ্মীয় দৰ্শন অধ্যয়ন কৰিছিল। তেওঁ পালনাম সমাজত বৰগীত, ঘোষ, লেছাৰী আদি পৰিবেশন কৰি বহুতো মানুহক ইয়াৰ প্ৰতি আকৃষ্ট কৰিছিল। তেওঁ নগাঁও জিলাৰ ১৪টা প্ৰাথমিক পালনাম সমাজৰ সাধাৰণ সম্পাদকৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৫০ চনত তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘত যোগদান কৰে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক আয়োজক, শৰণ কমিটিৰ সদস্য আৰু ১৯৬৮ চনৰ পৰা দুটা কাৰ্যকাল উপ-পদাধিকাৰ আছিল। তেওঁ নগাঁও শংকৰ মিছনৰ প্ৰতিষ্ঠাপক লোকসেৱক হলধৰ ভূঞা আৰু ৰামকান্ত মুক্তিয়াৰ আতাৰ সহযোগী আছিল। তেওঁ ১৯৭৩ চনৰ ৭ ডিচেম্বৰ তাৰিখে "এক শৰণ ভাগৱতী সমাজ" নামেৰে সামাজিক আৰু সাংস্কৃতিক সংগঠন প্ৰতিষ্ঠা কৰে।২
সমাজ সংস্কাৰ
আচাৰ্য ইলাৰাম দাসে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এক শৰণ ভাগৱতী সমাজ দুয়ো সংগঠনৰ লগত জড়িত থাকোঁতে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল। তেওঁ বিশেষকৈ অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাত আগভাগ লৈছিল। তদুপৰি পিছপৰা সমাজত শিপাই থকা বিভিন্ন ধৰণৰ মাদক দ্ৰৱ্য, জুৱা আদিৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে তেওঁ যুঁজঁ দিছিল। তেওঁ মহাপুৰুষীয়া আদৰ্শৰে চৰকাৰক সদায় সহযোগ আগবঢ়াইছিল। সমাজত অস্পৃশ্যতা ৰোধ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। ইয়াৰ বাবে তেওঁ ভিন ভিন বৰ্ণ আৰু জাতিৰ মাজত বিবাহ অনুষ্ঠিত কৰিছিল। তেওঁ জনজাতি আৰু চাহ বাগিচাৰ শ্ৰমিক সকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে বিদ্যালয়, চিকিৎসালয়, দক্ষতা বিকাশ কেন্দ্ৰ আদি স্থাপন কৰিছিল। নাৰী শিক্ষাৰ বাবেও আচাৰ্য ইলাৰাম দাসে কাৰ্য হাতত লৈছিল। ইয়াৰ বাবে তেওঁ সতী ৰাধিকা শান্তি মাতৃ সেৱা সমাজ গঠন কৰিছিল। ইয়াৰ লগতে তেওঁ গ্ৰামোদ্যোগ আৰু সামাজিক বনানিকৰণৰ বাবেও অৱদান আগবঢ়াইছিল।৩
সাহিত্য কীৰ্তি
- নামঘোষা ৰসামৃত
- মহাপুৰুষ ধৰ্ম আৰু কৰ্মকাণ্ড (বৰপেটাৰ মনোৰঞ্জন দাসৰ সৈতে)
- যুৱ সমাজ, তৰুণ বিদ্যাৰ্থী সমাজৰ লক্ষ্য আৰু উদ্দেশ্য
- পালনাম তত্ত্ব
- নিত্য প্ৰসংগৰ আৰ্হি
- মহাপুৰুষীয়া বিবাহ প্ৰণালী
- যুৱ সমাজৰ প্ৰাৰ্থনা পুস্তিকা
- বিশ্বজ্যোতি
মৃত্যু
২০০৩ চনৰ ১৯ অক্টোবৰ অৰ্থাৎ ১ কাতি তাৰিখে আচাৰ্য ইলাৰাম দাসৰ মহাপ্ৰয়াণ ঘটে। তেওঁৰ স্মৃতিত অসম চৰকাৰে মৰিগাঁও জিলাত ১১ কোটি টকাৰে এক সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কাৰ্যসূচী হাতত লৈছে।
তথ্যসূত্ৰ
- ↑ পুৰস্কাৰ সমূহ. directorculture.assam.gov.in
- ↑ assam.nenow.in. (2019-01-07). একশৰণ ভাগৱতী সমাজৰ ১৫ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন. নৰ্থ ইষ্ট নাও
- ↑ দাস, ভদ্ৰেশ্বৰ. বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাসৰ সম্পৰ্কত বৌদ্ধিক মহলৰ মতামত. drhariswellfuture.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলাৰাম দাস” প্ৰবন্ধৰ সংশোধন ৫১৩৮৩৩ (৩০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।