অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কনক চন্দ্ৰ ডেকা

কনক চন্দ্ৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ পণ্ডিত৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

কনক চন্দ্ৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ পণ্ডিত৷১

জীৱন

কনক চন্দ্ৰ ডেকাৰ জন্ম হয় নলবাৰী জিলাৰ বেলশৰত। তেওঁ গুৱাহাটীৰ বাণীকান্ত কাকতি চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যপনা কৰে৷ তাৰোপৰি তেওঁ গহপুৰ বি টি কলেজৰ অধ্যক্ষ হিচাপেই কাৰ্যনিৰ্বাহ কৰিছিল৷ ১

সাহিত্যচৰ্চা

কনক চন্দ্ৰ ডেকাই ৬০ খনৰো অধিক তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিছে৷ তেওঁৰ দুখন গ্ৰন্থ প্ৰাক্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই উন্মোচন কৰিছিল৷ তেওঁ উল্লেখযোগ্য সাহিত্যিক অৱদানৰ স্বীকৃতি ৰূপে সাহিত্যিক পেন্সনো লাভ কৰিছিল৷

২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে কনক চন্দ্ৰ ডেকাৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়৷১

তথ্যসূত্ৰ

  1. ↑ (১৬ জানুৱাৰী, ২০১৪). আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনক চন্দ্ৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৬১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।