হেমেন্দ্ৰ কুমাৰ গগৈ (১৯৪০-২০২০) একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে। লখিমপুৰ জিলাৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰি অহা ব্যক্তিসকলৰ ভিতৰত অন্যতম।১ তেখেতৰ মৃত্যু হয় ২০২০ চনৰ ১ মাৰ্চ তাৰিখে।
জন্ম
হেমেন্দ্ৰ কুমাৰ গগৈৰ জন্ম হয় ১৯৪০ চনত, ঢকুৱাখনা কোঁৱৰ গাঁৱত। পিতৃৰ নাম কুলনাথ গগৈ আৰু মাতৃৰ মান লক্ষ্যপ্ৰভা গগৈ।
শিক্ষা
হেমেন্দ্ৰ কুমাৰ গগৈয়ে প্ৰাথমিক শিক্ষা লাভ কৰে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত। তেখেতে ১৯৪৯ চনত উত্তৰ লখিমপুৰ মহকুমাৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি প্ৰাইমেৰী বৃত্তি লাভ কৰে। ১৯৫২ চনত এই মহাবিদ্যালয়ৰ পৰাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি মজলীয়া পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ ১৯৫৯ চনত হায়াৰছেকেণ্ডৰী পঢ়িবলৈ যায় কটন কলেজলৈ।
বৈবাহিক জীৱন
তেওঁৰ পত্নীৰ নাম-চন্দ্ৰপ্ৰভা গগৈ। প্ৰথম সন্তানৰ নাম সংগীতা গগৈ। দ্বিতীয় সন্তানৰ নাম সৌৰভ কুমাৰ গগৈ (মৃত্যু-২০১১) আৰু তৃতীয় সন্তানৰ নাম লোপামুদ্ৰা গগৈ।২
কৰ্মজীৱন
১৯৬৬ চনৰ জুলাই মাহত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক অধ্যাপক হিচাপে যোগদান কৰি ১৯৮৯ চন পৰ্যন্ত পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰ পাছত ১৯৮৯ চনৰ পৰা ২০০১ চনলৈকে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়।৩৪
সাহিত্যৰাজি
উপন্যাস
- উৰিবৰ বাবে, ১৯৭১ চনত 'নীলাচল'ত প্ৰকাশিত
নাটক
- ভিতৰি নেৰিবা বেথা
- হেমি ল'জত ইলেকচন কেম্পেইন
- এক, দুই, তিনি
- দান
- বিহমেটেকা
- সোণৰ আঙঠি
- স্বৰ্গাৰোহণ
- স্বপ্নশেষ
- নেপথ্য সংলাপ
- চোৰ
- ঠিকনা
প্ৰবন্ধ সংকলন
- তাপ-বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিষয়ক পাঠ্য-পুথি, ১৯৭৫
গল্পপুথি
- আবেলি (প্ৰথম প্ৰকাশ-১৯৯২)
প্ৰসঙ্গ পুথি
- হেমেন্দ্ৰ কুমাৰ গগৈ, সম্পাদক- অৰবিন্দ ৰাজখোৱা, উদয় গগৈ আৰু হেমন্ত শৰ্মা, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
- হেমেন্দ্ৰ কুমাৰ গগৈ ৰচনা সমগ্ৰ, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৮, সম্পাদক-অৰবিন্দ ৰাজখোৱা, হেমন্ত শৰ্মা
তথ্যসূত্ৰ
- ↑ হেমেন্দ্ৰ কুমাৰ গগৈ, সম্পাদক- অৰবিন্দ ৰাজখোৱা (লেখক), উদয় গগৈ আৰু হেমন্ত শৰ্মা, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
- ↑ হেমেন্দ্ৰ কুমাৰ গগৈ, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
- ↑ the assam tribune, 11,03, 2020, page no 3
- ↑ হেমেন্দ্ৰ কুমাৰ গগৈ, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেন্দ্ৰ কুমাৰ গগৈ” প্ৰবন্ধৰ সংশোধন ২৬৪৬২৬ (২৪ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।