চিলনী (Black Kite, বৈজ্ঞানিক নাম:Milvus migrans) এবিধ মধ্যমীয়া আকাৰৰ মাংসহাৰী চিকাৰী(Bird of prey) চৰাই। অন্যান্য দিবাচৰ (diurnal) মাংসহাৰী চৰাইৰ পৰা ইয়াৰ পাৰ্থক্য এয়ে যে ই সুবিধাবাদী চিকাৰী (opportunistic hunter) আৰু কেতিয়াবা মৃত প্ৰাণীও আহাৰ হিচাপে গ্ৰহণ কৰে (scavenge)। খাদ্যৰ সন্ধানত ইহঁতে প্ৰায়ে আকাশত উৰি ফুৰে। চিলনীৰ কোণীয়া ডেউকা আৰু স্পষ্টকৈ বিভক্ত নেজ (forked tail) ৰ সহায়ত ইয়াক সহজেই চিনাক্ত কৰিব পৰা যায়।
বিৱৰণ
চিলনীৰ আকাৰ অন্যান্য মাংসহাৰী চৰাইতকৈ তুলনামূলক ভাৱে সৰু। ইয়াৰ নেজ কিছু অংশলৈকে বিভক্ত আৰু বৰণ সাধাৰণতে গাঢ় হয়। মতা আৰু মাইকী উভয়ে দেখাত একে। দেহৰ উপৰভাগ মুগা (brown) কিন্তু মূৰ আৰু ডিঙি কিছু শেঁতা বৰণৰ হয়। চকুৰ তলৰ অংশ কিছু গাঢ় হয়। ডেউকা ক'লা বৰণৰ আৰু পথালিকৈ ডাঠ আঁচ (cross bars) থকা দেখা যায়। দেহৰ তলৰ ভাগ শঁতা মুগা ৰঙৰ। চিলনীৰ ঠোঁট ক'লা, কাষটো হালধীয়া। ইয়াৰ ঠেং হালধীয়া। চিলনীৰ এটা স্পষ্ট আৰু তীক্ষ্ণ হুইচেলৰ দৰে মাত (shrill whistle followed by a rapid whinnying call) আছে। ১
ক্ৰমবিৱৰ্তন আৰু টেক্সন’মি
বৰ্তমানলৈকে চিলনীৰ কেইবাটাও উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে। এই উপ-প্ৰজাতি সমূহ হ'ল-
- Milvus migrans migrans (Boddaert, 1783): European Black Kite
ইউৰোপ আৰু পাকিস্তানত প্ৰজনন কৰে বুলি জনা যায়। শীতকালত আফ্ৰিকা লৈ প্ৰব্ৰজন কৰে।
- Milvus migrans lineatus (J. E. Gray, 1831): Black-eared Kite
চাইবেৰিয়া ৰ পৰা আমোৰলেণ্ড (Amurland) আৰু হিমালয়ৰ পৰা উত্তৰ ভাৰত, উত্তৰ ইণ্ডোনেছিয়া আৰু দক্ষিণ চীন, জাপান লৈকে বিস্তৃত।
- Milvus migrans govinda (Sykes, 1832): Small Indian Kite (formerly Pariah Kite)
পূব পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া আদিত পোৱা যায়।২৩
- Milvus migrans affinis (Gould, 1838): Fork-tailed Kite
Sulawesi, পপুৱা নিউ গিনি ( Papua New Guinea) আৰু অষ্ট্ৰেলিয়াত পোৱা যায়।
- Milvus migrans formosanus (Kuroda, 1920): Taiwan Kite
টাইৱান আৰু হাইনান (Hainan) ত বিস্তৃত হৈ আছে।
বিতৰণ

thumb|Milvus migrans' ৰ মূৰ অংশ
চিলনী ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত বহুলভাৱে বিস্তৃত। নাতিশীতোষ্ণ (temperate) অঞ্চলৰ চিলনী সমূহে প্ৰব্ৰজন কৰে বুলি জনা যায় কিন্তু ক্ৰান্তীয় (tropical) চিলনী সমূহ ঘাইকৈ থলুৱা। উদাহৰণস্বৰূপে [ইউৰোপ]]আৰু এছিয়াৰ উপ-প্ৰজাতি যেনে M. m. milvus আৰু M. m. lineatus আদিয়ে শীতকালত ক্ৰন্তীয় অঞ্চললৈ প্ৰব্ৰজন কৰে কিন্তু ভাৰতৰ M. m. govinda (Pariah Kite), বা অষ্ট্ৰেলিয়াৰ M. m. affinis (Fork-tailed Kite) আদি উপ-প্ৰজাতি সমূহ থলুৱা।৪
ভাৰতবৰ্ষত M. m. govinda উপ-প্ৰজাতিৰ জনসংখ্যাই আটাইতকৈ বেছি আৰু ইহঁতক মানুহৰ ঘন আবাদীপূৰ্ণ অঞ্চলতে ঘাইকৈ দেখা যায়। ই বনাঞ্ছলত বসবাস নকৰে। ১৯৬৭ চনত নতুন দিল্লীত ১৫০ বৰ্গ কিল'মিটাৰ জোৰা এটা অঞ্চলত অধ্যয়ন কৰি মুঠ ২২০০যোৰ চিলনী পোৱা গৈছিল। ১৫
আচৰণ
খাদ্য
চিলনীয়ে সাধাৰণতে আকাশত উৰি থাকি চিকাৰৰ সন্ধান কৰে। চিকাৰ দেখিলে চোঁ মাৰি নামি আহি জীৱন্ত অৱস্থাতে ধৰি নিয়ে। ই এবিধ সুযোগসন্ধানী চিকাৰী। মাছ, নিগনি, চৰাই আদি ইয়াৰ প্ৰধান খাদ্য। ৬ ইহঁত সাধাৰণতে ধোঁৱা বা জুইৰ প্ৰতি আকৰ্ষিত হয় কাৰণ এনে অৱস্থাত পলাবলৈ ধৰা চিকাৰ ধৰিবলৈ সহজ। ৭ এই আচৰণৰ বাবেই অষ্ট্ৰেলিয়াৰ অধিবাসীসকলে চিলনীয়ে জ্বলি থকা ডাল আদি শুকান ঘাঁহনিত পেলাই জুই লগাব পাৰে বুলি বিশ্বাস কৰে। ৮ ভাৰতৰ চিলনী সমূহ নগৰ অঞ্চলত বসবাস কৰাত অভ্যস্ত। সেয়ে ইহঁতক ঘন আবাদীপূৰ্ণ ঠাইতো দেখিবলৈ পোৱা যায়। আনকি কোনো কোনো অঞ্চলত ই চোঁ মাৰি আহি মানুহৰ পৰা খাদ্যবস্তু কাঢ়ি নিয়াৰো বাতৰি পোৱা যায়। ১৯ চিলনীয়ে কেতিয়াবা অন্য চিলনীৰ বাহতো চিকাৰ কৰে।১০ তদুপৰি চিলনীয়ে কেতিয়াবা কণী বা পোৱালিৰ আশাত টোকোৰা চৰাইৰ বাহ চিঙি কঢ়িয়াই লৈ যোৱা দেখা যায়১১
প্ৰজনন
ভাৰতত চিলনীৰ প্ৰজনন শীতকালত আৰম্ভ হয়। বাৰিষাৰ সময়লৈকে পোৱালিয়ে উৰিব পৰা হয়। চিলনীয়ে গছৰ ডালিৰে বাহ সাজে। ১২ চিলনীয়ে বাহটো কেতিয়াবা উজ্জ্বল সামগ্ৰী যেনে বগা পলিথিনৰে সজোৱাৰ তথ্য পোৱা গৈছে। ১৩ মতা-মাইকী উভয়ে মিলি বাহ সাজে আৰু পোৱালিৰ যত্ন লয়। এবাৰত ২-৩টা কণী পাৰে।৯১৪ পোৱালি জন্মৰ পৰা দুমাহ পৰ্যন্ত বাহত থাকে। ১৫ পোৱালিৰ মাজত দন্দ্ব হয় আৰু আটাইতকৈ দুৰ্বল পোৱালিটো প্ৰায়ে মৃত্যুমুখত পৰে। ১৬ জ্নমৰ দুবছৰৰ পিছৰ পৰা চিলনী প্ৰজননক্ষম হৈ উঠে।
লগতে চাওক
- Desai, J. H.; Malhotra, A. K. (1982). Annual gonadal cycle of Black Kite Milvus migrans govinda. J. Yamashina Inst. Orn.. পৃ. 143–150
- Hardy, J. (1985). Black Kite capturing small passerines. Australasian Raptor Association News. পৃ. 14
- American Ornithologists' Union. (2000). Forty-second supplement to the American Ornithologists' Union Check-list of North American Birds. Auk. পৃ. 847–858
- Crochet Pierre-André. (2005). Recent DNA studies of kites. Birding World. পৃ. 486–488
- Forsman Dick. (2003). Identification of Black-eared Kite. Birding World. পৃ. 156–60
বাহ্যিক সংযোগ
- Black Kite videos, photos & sounds
- Black Kite - Species text in The Atlas of Southern African Birds
- Ageing and sexing (PDF) by Javier Blasco-Zumeta
তথ্যসূত্ৰ
- ↑ Whistler, Hugh. (1949). Popular handbook of Indian birds. Gurney and Jackson, London. পৃ. 371–373. ISBN 1-4067-4576-6
- ↑ Agoramoorthy, G. (2005). Disallow caste discrimination in biological and social contexts. Current Science. পৃ. 727
- ↑ Blanford WT. (1896). Fauna of British India. Birds. Volume 3. Taylor and Francis, London. পৃ. 374–378
- ↑ Badley, John and Philip Hyde. (2006). The Black-eared Kite in Lincolnshire - a new British bird. Birding World. পৃ. 465–470
- ↑ Galushin V M. (1971). A huge urban population of birds of prey in Delhi, India. Ibis. পৃ. 552
- ↑ Narayanan, E. (1989). Pariah Kite Milvus migrans capturing Whitebreasted Kingfisher ((Halcyon smyrnensis))'. J. Bombay Nat. Hist. Soc.''. পৃ. 445
- ↑ Hollands, David. (1984). Eagles, hawks, and falcons of Australia. Nelson. ISBN 0-17-006411-5
- ↑ Chisholm AH. (1971). The use by birds of tools and playthings. Vict. Nat.. পৃ. 180–188
- ↑ Ali, S & S D Ripley. (1978). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 226–230. ISBN 0-19-562063-1
- ↑ Veiga, J. P. and Hiraldo, F. (1990). Food habits and the survival and growth of nestlings in two sympatric kites (Milvus milvus and Milvus migrans). Holarct. Ecol.. পৃ. 62–71
- ↑ Wesley,H Daniel; Relton,A; Moses,A Alagappa. (1991). A strange predatory habit of the Pariah Kite Milvus migrans'. J. Bombay Nat. Hist. Soc.''. পৃ. 110–111
- ↑ Sergio, Fabrizio; Paolo Pedrini and Luigi Marchesi. (2003). Adaptive selection of foraging and nesting habitat by black kites (Milvus migrans) and its implications for conservation: a multi-scale approach. Biological Conservation. পৃ. 351–362
- ↑ Sergio, F; J. Blas; G. Blanco; A. Tanferna; L. López; J. A. Lemus; F. Hiraldo. (2011). Raptor Nest Decorations Are a Reliable Threat Against Conspecifics. Science. পৃ. 327–330
- ↑ Kimiya Koga, Satoshi Siraishi and Teru Aki Uchida. (1989). Breeding Ecology of the Black-eared Kite Milvus migrans lineatus in the Nagasaki Peninsula, Kyushu. Jap. J. Ornithol. পৃ. 57–66
- ↑ Desai,JH; Malhotra,AK. (1979). Breeding biology of the Pariah Kite Milvus migrans at Delhi Zoological Park. Ibis. পৃ. 320–325
- ↑ Viñuela, Javier. (1999). Sibling aggression, hatching asynchrony, and nestling mortality in the black kite ( Milvus migrans ). Behavioral Ecology and Sociobiology. পৃ. 33–45
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলনী” প্ৰবন্ধৰ সংশোধন ৬৩২১৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।