হস্তীবিদ্যাৰ্ণৱ, সুকুমাৰ বৰকাইথে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। আহোম স্বৰ্গদেউ চুতণফা (১৭১৩-১৭৪৫) আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত হস্তীবিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে বিস্তৃত সচিত্ৰ বৰ্ণনা আছে।১ ইয়াৰ চিত্ৰ সমূহৰ বাবে হস্তীবিদ্যাৰ্ণৱ বিশেষভাৱে জনাজাত।
হস্তীবিদ্যাৰ্ণৱ গভীৰভাৱে অধ্যয়ন, পৰ্যবেক্ষণ আৰু পাৰম্পৰিক সমলৰ সহায়ত ৰচনা কৰা হৈছিল। হাতী ৰজাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ জীৱ আছিল। যুদ্ধ-বিগ্ৰহৰ বাদেও ক্ষমতাৰ প্ৰতীক হিচাপেও হাতীৰ মহত্ব আছিল।২ পশু চিকিৎসা বিষয়ক এইখন অমূল্য গ্ৰন্থ।
১৭৩৪ চনত সুকুমাৰ বৰকাইথে অনুবাদ কৰা ‘হস্তীবিদ্যাৰ্ণৱ-সাৰসংগ্ৰহ’ পুথিখন পাছত প্ৰায় অবিকৃত ৰূপত পোৱা গৈছে। তাত থকা ব্যাখ্যামূলক চিত্ৰসমূহো বৰ যত্নসহকাৰে অংকন কৰা হৈছিল। এই কিতাপখন অসম প্ৰকাশন পৰিষদে ১৯৭৬ চনত প্ৰতাপচন্দ্ৰ চৌধুৰীৰ সম্পাদনাত একেই ৰূপত পুনৰ প্ৰকাশ কৰে।
বিষয়বস্তু
আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ অনুৰোধত সুকুমাৰ বৰকাইথে হস্তীবিদ্যাৰ্ণৱ ৰচনা কৰিছিল। ৰাজ অনুগ্ৰহত ৰচনা কৰা বাবে ইয়াৰ বিষয়বস্তু মূলতঃ ৰাজ্যৰ স্থিতিৰ দৃষ্টিভংগীৰে লিখা হৈছিল। ৰাজ্যৰ বাবে কোনবোৰ হাতী উপযুক্ত, কেনেকৈ হাতীক সম্ভ্ৰান্ত লোকৰ বাবে আৰু যুদ্ধ বিগ্ৰহৰ বাবে প্ৰশিক্ষিত কৰিব পাৰি ইত্যাদি ইয়াৰ মূল বিষয়। ইয়াৰ লগতে হাতীৰ লগত ব্যৱহৃত ৰছী, হাতীত উঠিবলৈ নিৰ্দেশনা, অংকুশৰ বিষয়ে, হাতীৰ ৰক্ষণাবেক্ষণ, চিকিৎসা আৰু ব্যৱস্থাপনাৰ বিষয়ে ইয়াত চৰ্চা কৰা হৈছে।
হস্তীবিদ্যাৰ্ণৱত হাতীৰ বিভিন্ন চৰিত্ৰ সমূহৰ বিষয়ে প্ৰণালীবদ্ধভাবে আলোচনা কৰা হৈছে। ৰজাৰ বাবে হাতীৰ বিষয়ে জ্ঞান থকা অনিবাৰ্য আছিল। কেৱল জ্ঞানী ৰজায়ে হাতীৰ বিশেষ জাত চিনিব পাৰে বুলি ইয়াত উল্লেখ কৰা হৈছে।
হস্তীবিদ্যাৰ্ণৱক আটাইতকৈ পুৰণি অসমীয়া বিজ্ঞান বিষয়ক গ্ৰন্থ হিচাপেও অভিহিত কৰা হয়।
শিল্পী সকল
হস্তীবিদ্যাৰ্ণৱৰ অলংকৰণৰ বাবে ৰজায়ে ৰাজস্থানৰ পৰা দুগৰাকী চিত্ৰশিল্পী ক্ৰমে দিলবৰ আৰু দোছাইক আনিছিল। তেওঁলোক খুব সম্ভৱ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ দৃশ্যৰ লগত চিনাকী নাছিল। ছবি সমূহৰ বাবে বিখ্যাত হলেও ইয়াত অসমৰ দৃশ্য সমূহ উচ্চ পৰ্যায়ৰ নহয়। মোগল শৈলীৰ লগত স্থানীয় অসমীয়া শৈলীৰ চিত্ৰৰ ইয়াত সংমিশ্ৰণ দেখা যায়। অগৰু গছৰ পৰা তৈয়াৰ কৰা সাঁচিপাতত হস্তীবিদ্যাৰ্ণৱ লিখা হৈছিল। হস্তীবিদ্যাৰ্ণৱক অসমৰ আটাইতকৈ বেছি অলংকৃত গ্ৰন্থ হিচাপে বিবেচনা কৰা হয়।
বৰ্তমান অৱস্থান
বৰ্তমান হস্তীবিদ্যাৰ্ণৱ পাণ্ডুলিপি অসমৰ গুৱাহাটীত অৱস্থিত ইতিহাস আৰু পুৰাতত্ব সঞ্চালকালয়ত সংৰক্ষিত অৱস্থাত আছে। ১৯শ শতিকাৰ আৰম্ভণিতে ৰচনা কৰা মাজুলীৰ আউনীআতি সত্ৰৰ হাতী-পুথি আৰু হস্তীবিদ্যাৰ্ণৱ বেলেগ বেলেগ গ্ৰন্থ।৩
তথ্যসূত্ৰ
- ↑ Barkaith, S. (1734). Hastividyarnava. Edited with an introduction by P.C. Choudhury. Guwahati: Publication Board, Assam
- ↑ Barua, M. (2005). The Elephant in Assamese History and Mythology. Kaziranga National Park Centenary Celebration Volume P. 34-39. Forest Department of Assam, Govt. of Assam
- ↑ srimanta.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হস্তীবিদ্যাৰ্ণৱ” প্ৰবন্ধৰ সংশোধন ৪৩৯৭২২ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।