অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰজ্ঞাৰ সাধনা

প্ৰজ্ঞাৰ সাধনা(Progyar Sadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখন মুঠ ২৪ টা প্ৰবন্ধ সম্বলিত। ১৯৯৪ চনৰ মে' মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ মূল্য আছিল ৪০ টকা।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰজ্ঞাৰ সাধনা(Progyar Sadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখন মুঠ ২৪ টা প্ৰবন্ধ সম্বলিত। ১৯৯৪ চনৰ মে' মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ মূল্য আছিল ৪০ টকা। লেখক বৰগোহাঞিয়ে গ্ৰন্থখন তেখেতৰ অনুজ-প্ৰতীম বন্ধু দেব বৰা আৰু কৃষ্ণ প্ৰসাদ দত্তৰ কৰকমলত আগবঢ়াইছে।১

বিৱৰণ

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, প্ৰজ্ঞাৰ সাধনা; স্বাস্থ্যৰ সাধনা; খোজ কঢ়াৰ বিষয়ে; প্ৰকৃতিৰ দান; গদ্যৰ বিষয়ে কিছু চিন্তা ভাৱনা; বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱনত গদ্য; অভিধান, ব্যাকৰণ, মনুষ্যত্ব ইত্যাদি; অসমত আধুনিকতাৰ অগ্ৰদূতঃ হেমচন্দ্ৰ বৰুৱা; বাংলাৰ অপভ্ৰংশ হ’বলৈ অসমীয়া ভাষাৰ বেছি দিন নাই; অসমীয়াৰ দৃষ্টিত বাঙালী; মুছলিম মানসিকতা; বাঘ; কবি; নাদৰ ভেকুলী; বুলেট আৰু বেলট; হিংসা; বিপ্লৱ আৰু সন্ত্ৰাসবাদ; মানুহৰ ভৱিষ্যত; আত্মহত্যাৰ পথ; সময়ানুবৰ্তিতা আৰু শিষ্টাচাৰ; অতীত, বৰ্তমান, ভৱিষ্যত; চেঁচামাত এটা দিন; আচলতে কোনে কৈছিল আৰু কি কৈছিল; আৰু জীৱন-মৃত্যু।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

বাহ্যিক সংযোগ

জীৱনৰ হাতপুথি

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (মে',১৯৯৪). প্ৰজ্ঞাৰ সাধনা. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজ্ঞাৰ সাধনা” প্ৰবন্ধৰ সংশোধন ৫০৩৯০২ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।