মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ (Mor Priyo Manuh Socrates) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।
তথ্যসূত্ৰ
- ↑ বৰগোহাঞি, হোমেন. (2010). মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ. ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 81-7665-109-5
- ↑ Awards 1955–2007 সাহিত্য অকাডেমি Official website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ” প্ৰবন্ধৰ সংশোধন ৩৮২৭২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।