অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

উচ্চাকাংক্ষা

উচ্চাকাংক্ষা (Ussakansya) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

উচ্চাকাংক্ষা (Ussakansya) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে।১

বিৱৰণ

গ্ৰন্থখন ১১টা পাঠত ভাগ কৰি লেখকে প্ৰথম পাঠত এখন গাঁৱৰ মজলীয়া বিদ্যালয়ৰ ন-দহ বছৰীয়া এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ পৰাই আৰম্ভ কৰিছে য’ত তেওঁৰ স্কুলীয়া দিনত হোৱা অভিজ্ঞতা আলোচনা কৰিছে। দ্বিতীয় পাঠটোত মজলীয়া বিদ্যালয়ৰ সাহিত্য বিষয়ৰ শিক্ষকজনে 'উচ্চাকাংক্ষা'ৰ অৰ্থ খুব সহজ-সৰল ভাষাৰে শিকায়।১ তৃতীয় পাঠত ইংৰাজ ঔপন্যাসিক ছাৰ ৱাল্টাৰ স্কটৰ উদ্ধৃতিৰে নিৰক্ষৰ লোকসকলো যে অজ্ঞানী নহয় সেই কথা লিখিছে। চতুৰ্থ পাঠত ছক্ৰেটিছে নিজৰ সন্তানক কেনেকুৱা হোৱাটো বিচাৰিছিল আৰু আব্ৰাহাম লিংকনে ডাঙৰ ল'ৰাজনক পাঠশালাত ভৰ্তি কৰোৱাৰ সময়ত শিক্ষকলৈ লিখা চিঠিখন সবিস্তাৰে বৰ্ণনা কৰিছে। পঞ্চম পাঠত অশেষ ধৈৰ্যৰ সহায়েৰে জীৱনত কৃতকাৰ্যতা অৰ্জন কৰা কেইজনমান মানুহে যেনে— বোপদেৱ, ড° টমাছ কুপাৰ, টমাছ কাৰ্লাইল, টমাছ আলভা এডিছন, গিমাৰ্ডিনি, অৰ্জুন, উইলিয়াম কেৰীৰ সঁচা কাহিনী বৰ্ণনা কৰিছে। ষষ্ঠ পাঠত এজন হতাশাগ্ৰস্ত ডেকাই লেখকৰ ওচৰত উপদেশ বিচাৰি আহোঁতে তেখেতে ফ্লেমষ্টডৰ কাহিনী কৈ কিদৰে উৎসাহিত কৰিলে তাকে লিপিবদ্ধ কৰিছে। সপ্তম পাঠত লিও টলষ্টয়, জৰ্জ ৱাশ্বিংটন, আব্ৰাহম লিংকনৰ নিচিনা মহান মনীষীসকলে কেনেদৰে শিষ্টাচাৰ মানি চলিছিল আৰু শিষ্টাচাৰ নহ'লে মানুহে জীৱনত যে উন্নতি কৰিব নোৱাৰে সেই কথা কৈছে। অষ্টম পাঠত কিতাপ পঢ়াৰ উপৰি আজৰি সময়খিনি সুচিন্তিতভাৱে কামত লগালে যে উপকৃত হ’ব পাৰি সেই কথা কৈছে। নৱম পাঠত প্ৰতিজন মানুহৰে সমাজ তথা আন মানুহৰ প্ৰতি থকা দায়িত্বৰ কথা উদাহৰণসহ লিখিছে। দশম পাঠত জীৱ-জন্তু, গছ-গছনি, মাছ-কাছ আদি সকলো জীৱৰ কাৰণেও মানুহে কৰিবলগীয়া বহুত থাকে সেই কথা লিখিছে। একাদশ পাঠত প্ৰত্যেকজন মানুহে একান্তভাৱে পালন কৰিবলগীয়া কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছে। যেনে— নিজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি আৰু প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি।২

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।৩ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ বৰগোহাঞি, হোমেন. (1999). উচ্চাকাংক্ষা. ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
  2. ↑ গগৈ, মানস প্ৰিয়. (18 মে' 2021). ককাক বিদায় দিব নোৱাৰোঁ. নিয়মীয়া বাৰ্তা. পৃ. 28 মে' 2021
  3. ↑ Awards 1955–2007 সাহিত্য অকাডেমি Official website
  4. ↑ indilens.com/?s=homen+borgohain ! Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উচ্চাকাংক্ষা” প্ৰবন্ধৰ সংশোধন ৫৯৩৫৮৪ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।