ড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ।১ তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।২ তেওঁৰ তিনিখন গল্প সংকলন, দুখন উপন্যাস, গণিত বিষয়ক ৰচনা পুথি আৰু এখন ভিন্নধৰ্মী ৰচনাৰ পুথিৰ উপৰিও এখন প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। কলিতাৰ গল্প প্ৰকাশ (আলোচনী), গৰীয়সী আদি আলোচনীত প্ৰকাশ হৈছে। তাৰোপৰি তেখেত আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি আদি দৈনিক বাতৰিকাকতৰো স্তম্ভ-লেখক। কাকতত ধাৰাবাহিক ৰূপে প্ৰকাশ হোৱা কলিতাৰ 'অকপটে' আৰু 'মোৰ আৰু পৃথিৱীৰ' দুটি জনপ্ৰিয় শিতান।৩
জন্ম আৰু শিক্ষা
অসমৰ কামৰূপ(গ্ৰাম্য) জিলাৰ বামুন্দিত মৃণাল কলিতাৰ জন্ম হৈছিল।১ পিতৃ ধীৰেন্দ্ৰ চন্দ্ৰ কলিতা আৰু মাতৃ কুসুম কলিতা। মৃণাল কলিতা এজন কৃতী ছাত্ৰ আছিল। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰি উৰ্ত্তীণ হৈছিল। স্নাতক পৰীক্ষাত, গণিত বিষয়ত কটন কলেজৰপৰা তেওঁ প্ৰথম স্থান লাভ কৰি বছৰটোৰ শ্ৰেষ্ঠ স্নাতকৰ সম্মান লাভ কৰিছিল। ৪সমান্তৰালভাৱে কটন মহাবিদ্যালয় সপ্তাহ আৰু গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহত তেওঁ শ্ৰেষ্ঠ সাহিত্যিকৰ সম্মানো লাভ কৰিছিল।
কৰ্মজীৱন
মৃণাল কলিতা পেছাত এগৰাকী অধ্যাপক। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ৰূপে কৰ্মৰত।১ ছাত্ৰাৱস্থাৰেপৰা সাহিত্য চৰ্চা কৰি অহা কলিতা মূলতঃ গল্পকাৰ ৰূপে পৰিচিত। সৰল ভাষা আৰু বিষয়-বস্তুৰ বৈচিত্ৰ্য কলিতাৰ গল্পৰ বৈশিষ্ট্য।১ অনুশীলন, অযান্ত্ৰিক অনুশীলন, মৃত্যুৰ সিপাৰে কলিতাৰ গল্প-সংকলন। কলিতাৰ গল্প বঙালী, উড়িয়া আৰু ইংৰাজী ভাষালৈ অনূদিত হৈছে।৪ তেখেতৰ 'বকুল ফুলৰ দৰে (গ্ৰন্থ)' বহুপঠিত উপন্যাসখনৰ বৰ্তমানলৈকে পঞ্চাছ তাতকৈও অধিক সংস্কৰণ প্ৰকাশ পাইছে। ৪ গ্ৰন্থ আকাৰে প্ৰকাশৰ আগেয়ে উপন্যাসখন বাৰ ওঠৰ নামৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰকাশিত আলোচনীখন ধাৰাবাহিক ৰূপে প্ৰকাশ হৈ আছিল। অসমৰ বিভিন্ন কাকত-আলোচনীৰ স্তম্ভ-লেখক ৰূপে কলিতাৰ যথেষ্ট সংখ্যক নিৱন্ধ আৰু আত্ম-জীৱনীমূলক ৰচনা প্ৰকাশ পাইছে। এই ৰচনা আৰু নিৱন্ধসমূহৰ একত্ৰিত সংকলন 'গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু' আৰু 'অকপটে'। জীয়ৰী ৰিবৰিবক লৈ কলিতাই 'ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী' নাম দি এটি কাহিনী সংকলন শিশুসকলৰ বাবে লিখি উলিয়াইছে। ৫
সাহিত্যৰাজি
- অনুশীলন (গল্প সংকলন)
- অযান্ত্ৰিক অনুশীলন (গল্প সংকলন) ৬
- মৃত্যুৰ সিপাৰে (গল্প সংকলন)
- বকুল ফুলৰ দৰে (গ্ৰন্থ) (উপন্যাস)
- অভিমন্যু (উপন্যাস)
- ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (শিশুৰ বাবে কাহিনীৰ সংকলন)
- গণিতৰ বৰ্ণিল জগত ( গণিত বিষয়ক পুথি) (ড° জোনালী চৌধুৰীৰ সৈতে একেলগে)৭
- গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ভিন্নধৰ্মী ৰচনা সংকলন)
- অকপটে (প্ৰৱন্ধ সংকলন)
- কাঠ হোৱা চকুলোৰ গান (উপন্যাস)
স্বীকৃতি
২০১১ চনত, কলিতাই সাহিত্য অকাডেমি ৰ আমন্ত্ৰণ ক্ৰমে কেৰালা সাহিত্য অকাডেমিৰ প্ৰেক্ষাগৃহত 'মাই ৱৰ্ল্ড মাই ৰাইটিং' শীৰ্ষক বক্তৃতা প্ৰদান কৰিছিল। ২০২১ চনত জুলাইত কমনৱেল্থ ফাউেণ্ডশ্যনৰ কমনৱেল্থ ৰাইটাৰচ্ নামৰ অনুষ্ঠানটোৰ আলোচনী ‘Adda’ত তেখেতৰ ‘অযান্ত্ৰিক’ নামৰ গল্পটোৰ পল্লৱী কোঁৱৰে কৰা অনুবাদ ‘Not a Machine’ প্ৰকাশ হৈছে।৮ কলিতাৰ গল্প অসম ৰাজ্যিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে আৰু তেওঁৰ গণিত বিষয়ক গৱেষণা পত্ৰ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, নেদাৰলেণ্ড আৰু বুলগেৰিয়াৰ ৰিচাৰ্ছ জাৰ্ণালত প্ৰকাশ পাইছে। কলিতাই ২০২১ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘বকুল ফুলৰ দৰে (গ্ৰন্থ)’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।৯১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ মৃণাল কলিতা. (২০১৯). অসমীয়া সাহিত্য চয়নিকা. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড. পৃ. ৬৯-৭০
- ↑ Faculty - Department of Mathematics. Pandu College
- ↑ মৃণাল কলিতা. (জানুৱাৰী, ২০০২১). অকপটে মোৰ আৰু পৃথিৱীৰ. বান্ধৱ. পৃ. প্ৰচ্ছদ
- ↑ মৃণাল কলিতা. (মাৰ্চ, ২০২১). বকুল ফুলৰ দৰে. বান্ধৱ. পৃ. মূল পাত
- ↑ প্ৰকাশ আলোচনী, জুলাই, ২০১৮, পৃষ্ঠা-৩১
- ↑ প্ৰকাশ আলোচনী, জুলাই, ২০১৮, পৃষ্ঠা-৩১
- ↑ প্ৰকাশ আলোচনী, জুলাই, ২০১৮, পৃষ্ঠা-৩১
- ↑ Not a Machine. Adda Stories
- ↑ Assam novelist, poet get Sahitya Akademi Award. The Times of India
- ↑ ভালখবৰ! অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা. News18 Assam-NorthEast
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণাল কলিতা” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৪৩ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।