দণ্ডিনাথ কলিতা (Dandinath Kalita) এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।১
জন্ম
১৮৯০ চনৰ ৩০ জুনত শোণিতপুৰ জিলাৰ তেজপুৰৰ ওচৰৰ কেতেকীবাৰী গাঁৱত দণ্ডিনাথ কলিতাৰ জন্ম হয়১। তেখেতৰ পিতাকৰ নাম আছিল মংগলৰাম আৰু মাকৰ নাম জানকীবালা। তেওঁলোকৰ আদি পুৰুষ আছিল উজনি অসমৰ। মানৰ অসম আক্ৰমণৰ সময়ত তাৰ পৰা আহি কেতেকীবাৰীতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁলোকৰ বংশৰ উপাধি পোনতে 'শইকীয়া'হে আছিল বুলি জনা যায়। পিছলৈ 'কলিতা' উপাধি গ্ৰহণ কৰে। দণ্ডিনাথ কলিতাৰ পিতৃদত্ত নাম দণ্ডিৰাম কলিতাহে আছিল।১
শিক্ষা
দণ্ডিনাথ কলিতাই কাঁহদল প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে। ১৯০২ চনত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰাই ১৯১১ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ লয়। কিন্তু পৰীক্ষাৰ সময়ত হাতৰ আঙুলিৰ গাঁঠিৰ পাবত বিষ হোৱা বাবে তেখেতে বি.এ. পৰীক্ষা দিব নোৱাৰিলে আৰু শিক্ষা অসম্পূৰ্ণ হৈ ৰয়। পিছত ঢাকাৰ পৰা এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এল.টি. উত্তীৰ্ণ হয়।১
সাহিত্যিক অৱদান
উপন্যাস
- ফুল (১৯০৮)
- সাধনা (১৯২৮)
- গণ-বিপ্লৱ (১৯৪০)
- হত্যাকাৰী কোন (১৯৪৭)
- অদৃষ্ট (১৯৪৮)
- আৱিষ্কাৰ (১৯৫১)
কবিতা পুথি
- ৰহঘৰা (১৯১৬)
- ৰগৰ (১৯২২)
- বহুৰূপী (১৯২৬)
- অসম সন্ধ্যা (১৯৪৯)
- বীণাৰ ঝংকাৰ (১৯৫১)
গল্প সংকলন
- সাতসৰী (১৯২৩)
সাধু
- সংস্কৃত নাটকৰ সাধু (দুটা খণ্ডত)
- সতী-কাহিনী
- অকণিৰ ৰামায়ণ
ব্যঙ্গ কাহিনী
- আত্মানন্দৰ আত্মকাহিনী
নাটক
- সতীৰ তেজ (১৯৩১)
- পৰাচিত (১৯৪৬)
- কীচক বধ (১৯৫০)
- মুক্তিৰ অভিযান (১৯৪১)
- অগ্নিপৰীক্ষা (১৯৪৬)
- পোহনীয়া কুকুৰ (১৯৪৬)
- নগৰৰ বিহুতলী (১৯৪৬)
জীৱনী গ্ৰন্থ
- কৰ্মবীৰ চন্দ্ৰনাথ (১৯২৪)
- গোহাঞিবৰুৱা (১৯৪৬)
পাঠ্যপুথি
- প্ৰদীপ (সম্পাদনা)
- সাহিত্য মুক্তাৱলী (সম্পাদনা)
- সংস্কৃত ব্যাকৰণাদৰ্শ
- Anglo Sanskrit Word Book
মৃত্যু
১৯৫৫ চনৰ ১৫ মে'ত তেজপুৰৰ লম্বোদৰ বৰা পথৰ নিজা বাসভৱনত দণ্ডিনাথ কলিতাৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ সমীন কলিতা. (২০০১). শতাধিক অসমীয়া সাহিত্যিক. ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ১০৫-১০৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দণ্ডিনাথ কলিতা” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৫৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।