শৰ্মিষ্ঠা প্ৰীতম (Sarmistha Pritam) এগৰাকী অসমীয়া লেখিকা, ঔপন্যাসিকা আৰু আত্মজীৱনীকাৰ। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে।১ ২০২০ বৰ্ষৰ বাবে উত্তৰ-পুৰুষৰ মঞ্চই তেওঁক ‘অক্লান্ত উত্তৰ-পুৰুষ বঁটা’ প্ৰদান কৰে। ২ ৩ ২০২১ চনৰ ডিচেম্বৰ মাহত শৰ্মিষ্ঠা প্ৰীতমৰ জীৱন-আধাৰিত ‘ৰ'দৰ পাখি’ নামৰ চলচ্চিত্ৰখন ২০২৪ চনত গোৱাত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামাৰ শাখালৈ নিৰ্বাচিত হয়।৪৫৬ তেওঁৰ 'ৰং' নামৰ উপন্যাসখন ইংৰাজী ভাষালৈ 'Beneath the Simolu Tree' নামেৰে অনূদিত হয়। গ্ৰন্থখন ক্ৰছৱৰ্ডৰ ২০২৪ চনৰ গ্ৰন্থ বঁটাৰ 'দীঘলীয়া তালিকা' (longlist)লৈ নিৰ্বাচিত হৈছে।
শিক্ষা
- ২৩৮ নং ফুলগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰম্ভ।
- ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ইংৰাজী আৰু সমাজ অধ্যয়ন বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ।
- ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ।
- ৰহা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ।
চমু জীৱনী


শৰ্মিষ্ঠা প্ৰীতমৰ জন্ম হৈছিল ১৯৮৭ চনৰ ১৮ ডিচেম্বৰত অসমৰ নগাঁও জিলাৰ ফুলগুৰিত। তেখেতৰ পিতৃৰ নাম অভয় বৰুৱা আৰু মাতৃ ৰেণু বৰুৱা। ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি ফুলগুৰি হাইস্কুলৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে। তেখেতে ৰহা হাইস্কুলৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰহা মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে। সৰুৰে পৰা সাহিত্যত ৰাপ থকা শৰ্মিষ্ঠাৰ নানা প্ৰবন্ধ অসমৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ হৈছে। শৰ্মিষ্ঠা প্ৰীতম সৰুৰে পৰা "স্পাইনেল মাছ্কুলাৰ এট্ৰ'ফী" (Spinal muscular Atrophy) নামৰ ৰোগত আক্ৰান্ত৭।
অনুষ্ঠান
শৰ্মিষ্ঠা প্ৰীতম "অকণিৰ কবিতা ঘৰ"ৰ (ৰহা) লগত জড়িত। তেওঁ ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য আৰু এই মঞ্চৰ জৰিয়তে মৰণোত্তৰ দেহদান কৰিছে।
সাহিত্যিক জীৱন
সৰুৰে পৰা অসমৰ কেইবাখনো বাতৰি কাকত আৰু আলোচনীত তেখেতৰ প্ৰবন্ধ প্ৰকাশ পাইছে। তেখেতৰ আত্মজীৱনী '"শৰ্মিষ্ঠা প্ৰীতমৰ আত্মকথা"'ত নিজৰ জীৱনৰ সকলো কথা বলিষ্ঠ আৰু সবলভাৱে প্ৰকাশ কৰিছে। বৰ্তমানলৈকে তেখেতৰ আত্মজীৱনীৰ চাৰিটা খণ্ড প্ৰকাশ পাইছে। তেখেতৰ সাহিত্যৰাজিসমূহ হ’ল-
- ডাৱৰীয়া আকাশৰ বেলি
- দোকমোকালি (কবিতা সংকলন)
- আলফুলৰ সপোন (শিশু উপন্যাস)
- আত্মকথা (আত্মজীৱনীমূলক) আলিবাট প্ৰকাশন, ২০১১
- অন্তহীন (জীৱনীমূলক আখ্যান) আলিবাট প্ৰকাশন, ২০১৩
- ৰং (উপন্যাস), আলিবাট প্ৰকাশন, ২০১৬
- বলুকাত বিয়লি বেলা (উপন্যাস), জ্যোতি প্ৰকাশন, ২০১৭
- পৰাণ নিগৰে (উপন্যাস), বনফুল প্ৰকাশন, ২০১৯
- নীল সাগৰৰ শংখধ্বনি (উপন্যাস), আলিবাট প্ৰকাশন, ২০২৫
আন ভাষালৈ অনুবাদ
শৰ্মিষ্ঠা প্ৰীতমৰ "আত্মকথা" গ্ৰন্থখন 'নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া'ই ভাৰতৰ সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত কৰিছে। ইতিমধ্যে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ (Sun On My Face) আৰু হিন্দী অনুবাদ (মেৰা জীৱন মেৰী কহানী) প্ৰকাশ হৈ ওলাইছে। ইতিমধ্যে গ্ৰন্থখনৰ বাংলা সংস্কৰণ বাংলাদেশৰ "ভাষা চিত্ৰ" নামৰ অভিজাত প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে। ৮
শৰ্মিষ্ঠা প্ৰীতমৰ 'ৰং' নামৰ উপন্যাসখন ৰঞ্জিতা বিশ্বাসে ইংৰাজী ভাষালৈ Beneath the simolu tree৯ নামেৰে অনুবাদ কৰে। ১৬ জানুৱাৰী, ২০২৪ চনত প্ৰকাশিত হোৱা গ্ৰন্থখনৰ প্ৰকাশক ছায়মন এণ্ড হাষ্টাৰ।
বঁটা আৰু সন্মান
- ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা, আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে১০
- গিৰিন্দ্ৰনাথ গগৈ সোঁৱৰণী যুৱ সাহিত্য বঁটা, ২০১২১১
- গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, ২০১৭
- দেৱচন্স বিশেষ সাহিত্য বঁটা, ২০১৭
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা 'নেশ্যনেল ফেল'শ্বিপ', ২০১৭
- হোমেন বৰগোহাঞি সাহিত্য বঁটা, ৰং উপন্যাসৰ বাবে
- অক্লান্ত উত্তৰ-পুৰুষ বঁটা, ২০২০
- ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা, ২০২০
- ভিউফাইণ্ডাৰ বঁটা, ২০২৩ (শিল্পকৰ্মৰ বাবে)
- অনন্যা বঁটা, ২০২৪
- ৰং উপন্যাসৰ ইংৰাজী অনুবাদ Beneath the simolu tree ক্ৰছৱৰ্ডৰ ২০২৪ চনৰ 'গ্ৰন্থ বঁটা'ৰ দীঘলীয়া তালিকাৰ বাবে নিৰ্বাচিত। ১২ ১৩
অন্যান্য মিডিয়াত
অসমৰ চলচ্চিত্ৰ পৰিচালিকা ববী শৰ্মা বৰুৱাই শৰ্মিষ্ঠা প্ৰীতমৰ জীৱন-আধাৰিত 'ডেউকা' নামেৰে এখনি ছবি নিৰ্মাণ কৰে। ১৪অৱশ্যে কাৰিকৰী কাৰণত ছবিখনৰ নামটো পৰৱৰ্তী সময়ত 'ৰ'দৰ ফুল'লৈ পৰিৱৰ্তন কৰা হয়। ছবিখনে ২০২৪ চনত গোৱাত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হয়। ৬৪৫
ব্যক্তিগত জীৱন
২০২৩ চনত লেখক, গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে শৰ্মিষ্ঠা প্ৰীতম বিবাহপাশত আৱদ্ধ হয়।১৫
বাহ্যিক সংযোগ
*, অসমীয়া অনলাইন ডট কম, আহৰণ: ২৮ মাৰ্চ, ২০১৩।
- আত্মকথা, গ্ৰন্থ সংযোগ
তথ্যসূত্ৰ
- ↑ Literary Awards. এনাজৰী
- ↑ (৭ ডিচেম্বৰ, ২০২০,). লেখিকা শৰ্মিষ্ঠা প্ৰীতমক ‘অক্লান্ত উত্তৰ-পুৰুষ বঁটা’ উত্তৰ-পুৰুষ মঞ্চৰ. দৈনন্দিন বাৰ্তা. পৃ. ১
- ↑ (৬ ডিচেম্বৰ, ২০২০). বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমক আজি প্ৰদান কৰিব উত্তৰ-পুৰুষ মঞ্চৰ সৰ্বোচ্চ সন্মান ‘অক্লান্ত উত্তৰ-পুৰুষ বঁটা’. দৈনন্দিন বাৰ্তা. পৃ. ৫
- ↑ (October 26, 2024). IFFI Goa: ভাৰতৰ ৫৫ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শাখালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া চলচ্চিত্ৰ. নিউজ ১৮
- ↑ (২৬ অক্টোবৰ ২০২৪). entertainment/three-assamese-film-selected-for-indian-penorama-assam-news-ass24102407511 আকৌ এটা ভাল খবৰ: পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি. ইটিভি ভাৰত
- ↑ (26 October). Assamese,Galo, Garo among 5 NE films set for IFFI. Times of India
- ↑ উপেন্দ্ৰ বৰকটকী. শাৰীৰিক প্ৰত্যাহ্বানযুক্ত লেখিকাৰ সৃষ্টি প্ৰতিভা. Assameseonline.com
- ↑ Anindita Acharjya. (September 21, 2022). A young author has written off her disabilities to create a new chapter in life. The Echo of India. পৃ. ২
- ↑ Beneath The Simolu Tree. simonandschuster
- ↑ Awards given away in Girindranath Gogoi's memory. দ্য চেণ্টিনেল
- ↑ শৰ্মিষ্ঠা প্ৰীতম. (নৱেম্বৰ,২০১৯). পৰাণ নিগৰে. বনফুল. পৃ. বেটুপাতৰ চতুৰ্থ পৃষ্ঠা. ISBN 978-93-81710-78-4
- ↑ Crossword Book Award 2024 Longlist. ক্ৰছৱৰ্ড
- ↑ Chatterji,Shoma A. (May 15, 2024). Review: Beneath the simolu tree. Hindustan Times
- ↑ (Dec 19, 2021). New Assamese Film Deuka: আহি আছে নতুন অসমীয়া ছবি 'ডেউকা' (ৱাকিং ইন দা এয়াৰ). ইটিভি ভাৰত
- ↑ (14 July 2023). বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ দাম্পত্য জীৱনৰ আৰম্ভণিৰ পবিত্ৰ মুহূৰ্তৰ সাক্ষী হ'ল বহুকেইজন বিশিষ্ট ব্যক্তি, চাওক ফটো. News18 Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্মিষ্ঠা প্ৰীতম” প্ৰবন্ধৰ সংশোধন ৬০৪৫৩৭ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।