অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সনন্ত তাঁতি

সন‍ন্ত তাঁতি (Sananta Tanty; ৪ নৱেম্বৰ ১৯৫২-২৫ নৱেম্বৰ ২০২১) সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি। তেওঁ অসমৰ কালীনগৰ চাহবাগিচাৰ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বঙলা ভাষাত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ…

হালনাগাদ: ১৮ মে’ ২০২৫ ৫০৩ শব্দ · ৩ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

সন‍ন্ত তাঁতি (Sananta Tanty; ৪ নৱেম্বৰ ১৯৫২-২৫ নৱেম্বৰ ২০২১) সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি। তেওঁ অসমৰ কালীনগৰ চাহবাগিচাৰ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বঙলা ভাষাত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ উপৰিও ২০১৮ বৰ্ষত 'কাইলৈৰ দিনটো আমাৰ হ’ব' কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১

২০২১ চনৰ ২৫ নবেম্বৰত দীৰ্ঘদিনীয়া ৰোগত ভুগি থকা তাঁতিৰ ৬৯ বছৰ বয়সত নতুন দিল্লীৰ এপ’লো হাস্পাটালত মৃত্যু হয়।২

প্ৰাৰম্ভিক জীৱন

১৯৫২ চনৰ ৪ নৱেম্বৰত অসমৰ কৰিমগঞ্জ জিলাৰ কালীনগৰ চাহ বাগিচাত সন‍ন্ত তাঁতিৰ জন্ম হয়। তেওঁৰ পিতৃ‍ৰ নাম আছিল লোকনাথ তাঁতি, মাতৃৰ নাম আছিল বৈতৰণী তাঁতি।৩

সনন্ত তাঁতিয়ে তেওঁৰ ওপজা ঠাই কালীনগৰ চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলি প্ৰায় দুই কিলোমিটাৰ নিলগত থকা ৰামকৃষ্ণ নগৰত অৱস্থিত ৰামকৃষ্ণ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰে। একে বছৰতে শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজ৪ত কলেজীয়া জীৱনৰ পাতনি মেলে যদিও আৰ্থিক অৱস্থাৰ বাবে সেই শিক্ষা অসমাপ্ত ৰাখি চাকৰিত যোগদান কৰে। যোৰহাটত চাকৰি কৰি থকা অৱস্থাত যোৰহাট এমালগেমেটেড কলেজত নৈশ শাখাত পঢ়াশুনা কৰে আৰু অৱশেষত ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাবে ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৩

চাকৰি কাল

১৯৭১ চনত সনন্ত তাঁতিয়ে যোৰহাটত থকা অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত (পূৰ্ব নাম অসম চাহবাগিচা ভবিষ্যনিধি আৰু বৃত্তিনিধি আঁচনি) কৰ্মচাৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। পৰবৰ্ত্তী সময়ত তেওঁ ক্ৰমান্বয়ে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত জেষ্ঠ জনসংযোগ বিষয়া আৰু উপ-ভবিষ্যনিধি আয়ুক্ত হিচাবে কাৰ্য নিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে যদিও অৱসৰৰ পাচত পুনৰ ডেৰ বছৰকাল বৰ্ধিত সময়ৰ বাবে একেটা কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাবে দায়িত্ব পালন কৰে।৩

ব্যক্তিগত জীৱন

১৯৮৬ চনৰ ১৮ ফেব্ৰুৱাৰীত উত্তৰ লখিমপুৰ নিবাসী কেশৰাম কাকতিৰ জীয়ৰী মিনতি কাকতিৰ (পাছলৈ মিনতি তাঁতি) সৈতে সনন্ত তাঁতি বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুই পুত্ৰ স্বাগত (জন্ম: ১৯৮৮ চন) আৰু তথাগত (জন্ম: ১৯৯৪ চন)।

বিষয়বাব

  • অসম চৰকাৰৰ শিশু সাহিত্য ন্যাসৰ কাৰ্য নিৰ্বাহক সমিতিৰ সদস্য,
  • অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সমিতিৰ মনোনীত সদস্য,
  • আকাশবাণী গুৱাহাটীৰ উপদেষ্টা সমিতিৰ সদস্য,
  • সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সদস্য৫,
  • পাব্লিক ৰিলেশ্যন ছ’চাইটি (উত্তৰ-পূব মণ্ডল)ৰ কাৰ্য নিৰ্বাহক সমিতিৰ সদস্য।৩

গ্ৰন্থপঞ্জী

সন‍ন্ত তাঁতিয়ে লিখা গ্ৰন্থসমূহ হৈছে:৬

  • উজ্জ্বল নক্ষত্ৰৰ সন্ধানত ( কবিতা পুথি, ট্ৰেণ্ড, গুৱাহাটী, জানুৱাৰী ১৯৮১),
  • মই মানুহৰ অমল উৎসৱ ( কবিতা পুথি, এল বি এছ পাব্লিকেশ্যন, গুৱাহাটী, নৱেম্বৰ ১৯৮৫),
  • নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, আগষ্ট ১৯৯০),
  • শব্দত অথবা শব্দহীনতাত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৩),
  • মৃত্যুৰ আগৰ ষ্টপেজত ( কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৬),
  • টোপনিতো কেতিয়াবা বাৰিষা আহে (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৭),
  • ধোঁৱা ছাইৰ সপোন (কবিতা পুথি, পুথি নিকেতন, গুৱাহাটী, ১৯৯৯),
  • দীৰ্ণ বসন্তৰ সৌৰভ (কবিতা পুথি, জাৰ্ণাল এম্প'ৰিয়াম, নলবাৰী, ২০০২),
  • আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৪),
  • মই (কবিতা পুথি, সেউজী সেউজী, নৱেম্বৰ, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৮),
  • মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০১০),
  • কাইলৈৰ দিনটো আমাৰ হ’ব (কবিতা পুথি, আঁক-বাক, গুৱাহাটী, ডিচেম্বৰ ২০১৩),
  • মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে (কবিতা পুথি, ফেকাল্টি বুক্ছ, গুৱাহাটী, এপ্ৰিল ২০১৭),
  • 'Selected Poems Sananta Tanty' (অনুবাদক: দিব্যজ্যোতি শৰ্মা, আই ৰাইট ইম্প্ৰিণ্ট, নতুন দিল্লী, ২০১৭)
  • কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে (কাব্যগ্ৰন্থ, প্ৰকাশকঃ আঁক-বাক, গুৱাহাটী)।
  • সন‍ন্ত তাঁতিৰ কবিতা সমগ্ৰ (সম্পাদক: কুশল দত্ত, পেপিৰাচ প্ৰকাশন, গুৱাহাটী),

পুৰস্কাৰ আৰু সন্মান

সন‍ন্ত তাঁতিয়ে লাভ কৰা পুৰস্কাৰ তথা সন্মানসমূহ হৈছে:৬৭৮

  • ১৯৯২ চনত অসম কবি সমাজে আগবঢ়োৱা মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা,
  • ২০০২ চনত দলিত সাহিত্য অকাডেমি (অসম শাখা)য়ে আগবঢ়োৱা বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ,
  • ২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা ওচমান আলী সদাগৰ সমন্বয় বঁটা,
  • ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়োৱা ক্ৰান্তিকাল সাহিত্য সন্মান,
  • ২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা,
  • ২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনে আগবঢ়োৱা শিৰীষ-অইল সাহিত্য বঁটা,
  • ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,
  • ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা৯,
  • ২০১৮ চনত ভাৰত চৰকাৰ‍ৰ অধীনস্থ সাহিত্য অকাডেমিয়ে 'কাইলৈৰ দিনটো আমাৰ হ’ব'১০ কাব্য সংকলনৰ বাবে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা১৭,
  • ২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা।

তথ্যসূত্ৰ

  1. ↑ (ডিছেম্বৰ, ২০১৮). ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা
  2. ↑ (25 November 2021). Assamese Poet Sananta Tanty Dies in New Delhi at 69. DY365
  3. ↑ সন‍ন্ত তাঁতি. (২০২০). সন‍ন্ত তাঁতিৰ কবিতা সমগ্ৰসন‍ন্ত তাঁতিৰ কবিতা সমগ্ৰ ( পেপিৰাচ প্ৰকাশন, গুৱাহাটী, ২০২০)
  4. ↑ (1970). St. Anthony's College
  5. ↑ (২০১৮). সাহিত্য অকাডেমি অসমীয়া ভাষা উপদেষ্টা সমিতি
  6. ↑ (December 16, 2018). মণিকূট - অসমীয়া ই আলোচনী
  7. ↑ (2018). SAHITYA AKADEMI AWARDS IN ASSAMESE (1955-2019)
  8. ↑ (২০১৭). অন্তৰ্জা (স্মৃতিগ্ৰন্থ), ৰীতা বৰুৱা, সদৌ অসম কবি সন্মিলন (দুলীয়াজান অধিৱেশন), ২০১৭
  9. ↑ সনন্ত তাঁতি, ৰীতা চৌধুৰী আৰু য়েছে দৰজে ঠংচিলৈ অসম উপত্যকা সাহিত্য বঁটা
  10. ↑ নাথ, প্ৰাণজ্যোতি. (২০১৯). গ্ৰন্থ আলোচনাঃ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত সনন্ত তাঁতীৰ কাব্যগ্ৰন্থ "কাইলৈৰ দিনতো আমাৰ হ'ব"

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম উপত্যকা সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সনন্ত তাঁতি” প্ৰবন্ধৰ সংশোধন ৫০৯৭৬৮ (১৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।