অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কবিৰত্ন সৰস্বতী

কবিৰত্ন সৰস্বতী (Kabiraj Chakravarty, আনুমানিক ১৫ শতিকা) কমতা ৰজা ইন্দ্ৰনাৰায়ণৰ সময়ৰ কবি আছিল। বৰপেটা অঞ্চলৰ 'ছোটশিলা' নামে গাঁৱত জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল।

হালনাগাদ: ৮ মে’ ২০২৬ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কবিৰত্ন সৰস্বতী (Kabiraj Chakravarty, আনুমানিক ১৫ শতিকা) কমতা ৰজা ইন্দ্ৰনাৰায়ণৰ সময়ৰ কবি আছিল। বৰপেটা অঞ্চলৰ 'ছোটশিলা' নামে গাঁৱত জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল। আৰু পুত্ৰ কবিৰত্ন দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ সমসাময়িক আছিল। কৱিয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ 'জয়দ্ৰথ বধ' অনুপৰ্বৰ ভাঙনি কৰিছিল। মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ কৱিৰত্নৰ বংশধৰ।১২

কবিৰত্ন সৰস্বতীৰ বংশধৰ হ'ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন সৰস্বতীৰ পৰা ৰামচৰণ ঠাকুৰলৈ সাত পুুৰুষৰ ব্যৱধান আছে বুুলি জানিব পৰা যায়।২

সাহিত্যিক পৰিচয়

কবিৰত্ন সৰস্বতীয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ জয়দ্ৰথ বধৰ কাহিনীটো কাব্য আকাৰেৰে বৰ্ণনা কৰিছে৷ অসমীয়া সাহিত্যৰ চানেকীৰ প্ৰথম খণ্ডত উদ্ধৃত কৰা 'কৈলাশ বৰ্ণনা' অংশটোৰ পৰা তেওঁ কাব্য প্ৰতিভাৰ উমান পাব পাৰি৷২

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ. (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ. ৪৭
  2. ↑ সত্যেন্দ্ৰনাথ শৰ্মা. (১৯৯৬). ((অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত)). প্ৰকাশক- প্ৰতিমা দেৱী. পৃ. ৫৫-৫৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিৰত্ন সৰস্বতী” প্ৰবন্ধৰ সংশোধন ৬০৫২৮৮ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।