অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰিবৰ বিপ্ৰ

মধ্যযুগীয় অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা…

হালনাগাদ: ৮ মে’ ২০২৬ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মধ্যযুগীয় অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ১ জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।২

আত্ম পৰিচয়

'বব্ৰুবাহনৰ যুদ্ধ' (বব্ৰুবাহ পৰ্ব) কাব্যখনিৰ ভণিতাত তেওঁ নিজৰ আত্মপৰিচয় এনেদৰে দিছে:

জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰজা

কামাখ্যা গোঁসানী দেন্ত বৰ।

সপুত্ৰ সবান্ধৱে নিতে সবান্ধৱে মনোনীতে

জীৱন্তোক সহস্ৰ বত্সৰ।৷

তাহান ৰাজ্যত গত সৰ্বজন মনোনীত

অশ্বমেধ পদমধ্যে সাৰ।

বিপ্ৰ হৰিহৰ কবি হৰিৰ চৰণ সেৱি

পদবন্ধে কৰিলো প্ৰচাৰ।৷১

মাথোঁ হৰিবৰ বিপ্ৰই নহয়, হেম সৰস্বতী আৰু কবিৰত্ন সৰস্বতী আদিয়েও কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণ আৰু তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ কথা লিখিছে। হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।৩

সাহিত্যৰ ভাষা

হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷১ যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। তেওঁৰ ভাষাৰ বিষয় ড° মহেশ্বৰ নেওগে লিখিছে- "হৰিবৰৰ ভাষা আৰু ৰচনাশৈলী সহজ আৰু সৰল। জতুৱা খণ্ডবাক্যৰ প্ৰয়োগত তেওঁক প্ৰাক্‌শংকৰী কবিসকলৰ ভিতৰত মাধৱ কন্দলিৰ পাছতে ধৰিব লাগিব। তেওঁ পদ, দুলড়ি আৰু ছবিছন্দ মাত্ৰ ব্যৱহাৰ কৰিছে আন প্ৰাক্‌শংকৰী কবিসকলৰ দৰেই। অকল প্ৰাক্‌শংকৰী কবি বুলিয়েই নহয়, ৰচনাৰ সাধাৰণ সৌষ্ঠৱৰ গুণতো হৰিবৰ বিপ্ৰ অসমীয়া সাহিত্যৰ এজন ডাঙৰ কবি।"২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। প্ৰকাশক - প্ৰতিমা দেৱী। লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৭-৫৯
  2. ↑ নেওগ, মহেশ্বৰ. (১৯৮৬). মহেশ্বৰ নেওগ ৰচনাৱলী- প্ৰথম খণ্ড. ডক্টৰ মহেশ্বৰ নেওগ প্ৰকাশন ন্যাস পৰিষদ. পৃ. ৫২০-২৯
  3. ↑ ভৰালী, হেমন্ত কুমাৰ. (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. চিত্ৰলেখা পাব্লিকেশ্বন্‌ছ. পৃ. ২৯৮-২৯৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিবৰ বিপ্ৰ” প্ৰবন্ধৰ সংশোধন ৬০৫২৯১ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।