পীতাম্বৰ কবি এজন কবি সাহিত্যিক আছিল।১ তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্বৰ কবি আনুমানিক শংকৰদেৱতকৈ বয়সত ডাঙৰ আছিল। পীতাম্বৰ কবিৰ জন্মৰ তাৰিখ সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায়। তেওঁ কবি মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পিছৰ কবি। তেওঁ ৰজা বিশ্ব সিংহৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল। খাঁ চৌধুৰী আমানত উল্লা আহম্মদ আৰু ড॰ শশীভূষণ দাস গুপ্তৰ মতে তেওঁৰ অন্যনাম আছিল পীতাম্বৰ সিদ্ধান্ত বাগীশ যি নৰনাৰায়ণৰ সভা পণ্ডিত আৰু ৰাজগুৰু আছিল। সমুদ্ৰ নাৰায়ণৰ বংশাৱলীৰ মতে পীতাম্বৰ সিদ্ধান্ত বাগীশ প্ৰতাপ ভূঞাৰ গুৰু আছিল। চৰিত পুথিৰ মতে তেওঁ পশ্চিম গোৱালপাৰা অঞ্চল অৰ্থাৎ কমতা অঞ্চলৰ লোক।
ৰচনাৱলী
পীতাম্বৰ কবিৰ ৰচনাৱলীৰ ভিতৰত মাত্ৰ চাৰিখনৰ বিষয়েহে তথ্য পোৱা যায়। সেই কেইখন হ'ল- ২
- মাৰ্কণ্ডেয় চণ্ডী
- ঊষা-পৰিণয়
- ভাগৱত দশম স্কন্ধ আৰু
- নল-দময়ন্তী।
পীতাম্বৰ আৰু দুৰ্গাবৰে নিজকে নাৰায়ণ বা শ্ৰীৰামৰ চৰণ সেৱক বুলিলেও বা ঠায়ে ঠায়ে ‘নামৰ মাহাত্ম্য’ ঘোষণা কৰিলেও নৱ-বৈষ্ণৱ সাহিত্যৰ একশৰণৰ একাগ্ৰতা আৰু প্ৰচাৰৰ মনোভাৱ তেওঁলোকৰ দেখা নাযায়। পীতাম্বৰ কবিয়ে ‘উষা-পৰিণয়’ত আদি ৰসাত্মক বৰ্ণনা বা তেনে ৰসৰ আভাস দিও যেন সন্তুষ্টি পোৱা নাই, তেওঁ এইবুলি আক্ষেপ কৰিছে -‘ৰতিৰস নিশেষ কহিতে নযুৱায়। পঢ়িব পাঞ্চালী গুৰু-গৌৰৱ সভায়।।”
মাৰ্কণ্ডেয় চণ্ডী
মাৰ্কণ্ডেয় চণ্ডী মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত 'দেৱী মাহাত্ম্য'ৰ অনুবাদ। আনুমানিক এইখনেই কবিজনাৰ প্ৰথম কাব্য। ইয়াত কবি জনাই ৰজা বিশ্ব সিংহৰ নাম উল্লেখ কৰিছে। কাব্য খনৰ উক্তিৰ পৰা স্পষ্ট হয় যে, বিশ্বসিংহ জীৱিত অৱস্থাতেই বিশ্বসিংহৰ পুত্ৰ সমৰ সিংহৰ অনুৰোধত এই গ্ৰন্থ খনৰ ৰচনা কৰা হৈছিল। গ্ৰন্থখনৰ কাহিনী সমূহ পয়াৰ আৰু ত্ৰিপদী ছন্দত অনুবাদ কৰা।
ঊষা-পৰিণয়
ঊষা-পৰিণয় কবি জনাৰ দ্বিতীয় ৰচনা। কাব্য খনৰ ৰচনাৰ সময় ১৪৫৫ শক, অৰ্থাৎ ১৫৩৩ চন। কবিজনাই এই কাব্য গ্ৰন্থখনক কাব্য নুবুলি গীতহে আখ্যা দিছে।৩ গ্ৰন্থখনৰ মুঠ গীতৰ সংখ্যা ৩৭টা আৰু এই সমূহ মুঠ ১৪টা ৰাগ-ৰাগিণীত আৱদ্ধ। পীতাম্বৰ কবিয়ে এই কাব্য খনক পাঁচালী আখ্যা দিছে। কাব্যখনৰ বিষয় বস্তু হৰিবংশৰ 'বিষ্ণু পৰ্ব'ৰ ১১৬ শ অধ্যায়ৰ পৰা ১২৮ শ অধ্যায়ৰ অন্তৰ্গত।৪
ভাগৱত-পুৰাণ
এইখন পীতাম্বৰ কবিৰ তৃতীয় ৰচনা বুলি কোৱা হয়। পুথিখনৰ ৰচনাৰ সময় সম্পৰ্কে একো তথ্য পোৱা নাযায়। অৱশ্যে তেওঁ পুথিখনত শুক্লধ্বজ বা চিলাৰায়ৰ যশ গাইছে। কবিজনাই কাব্য খনত নিজৰ মৌলিকতাৰ প্ৰৱেশ ঘটাই মূলক বিকৃত নকৰাকৈ ভাগৱত-পুৰাণ ৰ কাহিনী বৰ্ণনা কৰিছে।
নল-দময়ন্তী
নল-দময়ন্তী পীতাম্বৰ কবিৰ চতুৰ্থ ৰচনা। তেওঁ ১৪৫৬ শকত অৰ্থাৎ ১৫৩৪ চনত তেওঁ এই কাব্যখনৰ সৃষ্টি কৰে। কেইখনো কবি জনাৰ পাঁচালী কাব্য।
তথ্যসূত্ৰ
- ↑ (1987). Folk-lore, Volume 28. Indian Publications. পৃ. 30
- ↑ গোস্বামী, মৃণাল জ্যোতি. অসমীয়া সাহিত্যৰ বুৰঞ্জী
- ↑ বৰা, মানৱ জ্যোতি. অসমীয়া পাঁচালি সাহিত্য
- ↑ Das Gupta, Rajatananda. (1982). Art of mediaeval Assam. Cosmo. পৃ. 111
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পীতাম্বৰ কবি” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৪৪ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।