অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাম গগৈ

ৰাম গগৈ(Ram Gogoi, জন্ম:, মৃত্যু: ৯ ছেপ্টেম্বৰ, ১৯৯৪) ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল।

হালনাগাদ: ৬ মে’ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

ৰাম গগৈ(Ram Gogoi, জন্ম:, মৃত্যু: ৯ ছেপ্টেম্বৰ, ১৯৯৪) ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল। সৰ্বহাৰা জনতাৰ মুক্তিৰ বাবে তেওঁৰ শাণিত কলমৰ পৰা ওলোৱা কবিতাবোৰ হৈ পৰিছিল বেদনাৰ দলিল। সেয়েহে তেওঁ জনতাৰ কবি, পথাৰ কবি, প্ৰতিবাদী কবি, দৰদী কবি হিচাপে আজিও খ্যাত।১২৩৪

জন্ম আৰু পাৰিবাৰিক জীৱন

১৯৩২ চনৰ জুন মাহৰ ২০ তাৰিখে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২নং ঘূৰণীয়া গাঁৱত ৰাম গগৈৰ জন্ম হয়।১ তেওঁৰ পিতৃৰ নাম আছিল লোকনাথ গগৈ আৰু মাতৃ‍ৰ নাম আছিল ৰহিলা গ‍গৈ। লোকনাথ গ‍গৈ চাহ বাগিছাৰ কেৰাণী আছিল। লোকনাথ গগৈৰ ন জন সতি সন্ততিৰ ভিতৰত ৰাম গ‍গৈ পঞ্চমজন আছিল।

শৈক্ষিক জীৱন

ৰাম গ‍গৈয়ে তিনিআলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱনৰ পাতনি মেলে। তাৰ পিছত টিংখাং হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ি ১৯৫০ চনত খোৱাং হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে।১

চাকৰি কাল

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত নাহৰকটীয়া, চাচনী, টিংখং অঞ্চলৰ কেইবাখনো বিদ্যালয়ত অস্থায়ীভাৱে শিক্ষ‍কতা কৰিছিল। পাছত চাচনীৰ গেথু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষ‍ক হিচাপে চাকৰি কৰি ১৯‍৯২ চনত অৱসৰ গ্ৰ‍হণ কৰে।১

ব্যক্তিগত জীৱন

১৯৫৬ চনত ৰাম গ‍গৈয়ে নিৰলা চাংমাইৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।৫ তেওঁলোকৰ পাঁচজন পুত্ৰ আৰু সাতগৰাকী কন্যাসন্তান আছিল।১

সাহিত্যিক জীৱন

টিংখাং হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘প্ৰণতি’ত তেওঁৰ কাব্য প্ৰতিভাৰ বীজ অংকুৰিত হয়। তাতে তেওঁৰ কেইবাটাও কবিতা প্ৰকাশ পায়। ১৯৫২ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ‘ৰামধেনু’ৰ পাত‍তেই মাটিৰ স্বপ্ন, হে পৃথিৱী অন্তৰতমা,পথাৰ, এটম বোমা আদি কবিতাৰে ৰাম গ‍গৈয়ে আত্মপ্ৰতিষ্ঠা লাভ কৰে। ১৯৬২ চনত ড॰ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা ‘সাদিনীয়া নৱযুগ’ আলোচনীত তেওঁৰ ভালেকেইটা বলিষ্ঠ কবিতা প্ৰকাশিত হয়।১

১৯‍৯২ চনত অসম চৰকাৰ‍ৰ পৰা ৰাম গ‍গৈয়ে সাহিত্যিক পেঞ্চন লাভ কৰে।

ৰাম গ‍গৈৰ প্ৰকাশিত সাহিত্য সম্ভাৰ

কাব্য সংকলন

  1. মাটিৰ স্বপ্ন (১৯৬৩)
  2. হে পৃথিৱী অন্তৰতমা (১৯৮৫)
  3. কোমল গান্ধাৰ (১৯‍৯৪)

উপন্যাস

  1. স্বপ্ন হৃদয় নদী
  2. সমুদ্ৰ সুদূৰ
  3. বিশল্যকৰণী

গল্প‍পুথি

  1. কেঞাবন

ৰাজনৈতিক জীৱন

ৰাজনৈতিক আৰু সামাজিক জীৱনত ৰাম গ‍গৈয়ে মাৰ্ক্সবাদী ধ্যান-ধাৰণাৰে সংগঠকৰ ভূমিকা পালন কৰিছিল। ১৯৬২ চনত নাহৰকটীয়াৰ জয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজয়বৰণ কৰিবলগীয়া হয়। ১৯৬‍৬-৬৭ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ ৰাজ্যিক পৰ্যায়ৰ সদস্য হৈ উক্ত দলৰ মুখপত্ৰ ‘সমাজতন্ত্ৰ’ নামৰ কাকত সম্পাদনা কৰে।

বিষয়বাব

  • ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি১
  • ১৯৮৬-৮৭ চনত নাহৰকটীয়া শাখা সাহিত্য সভাৰ সভাপতি১
  • ১৯৮৭-৮‍৮ চনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি১
  • ১৯‍৯০-৯১ চনৰ অসম সাহিত্য সভাৰ উপ-সভাপতি
  • ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কৰা ‘সদৌ অসম কবি সন্মিলন’ৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল।

কবিতা আবৃতিকাৰ হিচাপে তেওঁৰ কণ্ঠ অতি সুৰীয়া আছিল।

  • ১৯৮৫ চনত কলিকতাত অনুষ্ঠিত ‘অসম বাংলা কবিতা সন্মিলন’ত অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে।১
  • ১৯৮৬ চনত ভূপাল চহৰত অনুষ্ঠিত ‘বিশ্ব কবি সন্মিলন’ত তেওঁ অসমক প্ৰতিনিধিত্ব কৰি কবিতা পাঠ কৰে।১
  • কলিকতাৰ আমেৰিকান উচ্চায়ুক্তই শ্বিলঙত আয়োজন কৰা এক প্ৰতিনিধিত্বমুলক কবি সন্মিলনতো অংশগ্ৰহণ কৰে। এই সন্মিলনত প্ৰকাশিত ‘An Evening With The Poet’ নামৰ কাব্য সংকলনত তেওঁৰ দুটা ইংৰাজী কবিতা প্ৰকাশ হয়।১
  • চীন চৰকাৰ‍ৰ আমন্ত্ৰণক্ৰমে মহাচীনৰ প্ৰতিষ্ঠা দিৱসত ভাৰতক প্ৰতিনিধিত্ব কৰি কবি সন্মিলনত অংশগ্ৰহণ কৰাৰ সুনাম অৰ্জন কৰে।১

মৃত্যু

কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯‍৯৪ চনৰ ৯ ছেপ্টেম্বৰ তাৰিখে ৰাম গ‍গৈয়ে নশ্বৰ দেহ ত্যাগ কৰে।১

জীৱন দৰ্শন

ৰাম গ‍গৈ প্ৰকৃত‍তে এগৰাকী প্ৰগতিশীল সমাজ সচেতন ব্যক্তি। তেওঁ কবিতাৰে মেহনতী জনগণক বিপ্লৱৰ বাট‍ত মুক্তিত সপোন দেখুৱাইছে।৬ কাৰণ পুঁজিপতি, শোষক গোষ্ঠীয়ে শ্ৰমজীৱী জনগণৰ বাক্ স্বাধীনতা কাঢ়ি লৈ যোৱা আৰ্তস্বৰৰ বীভৎস বেদনা কবিয়ে কাণপাতি শুনিছে। শ্ৰমৰ মৰ্যাদা দিব নোখোজা শোষক শ্ৰেণীৰ বিলাসবহুল জীৱন যাপনৰ স্বপ্ন ধূলিসা‍ৎ কৰিবলৈ তীৰ্যক, বিদ্ৰূপ আৰু ব্যংগাত্মক বহু কবিতা লিখিছে।৪ তেওঁৰ কবিতাত আছে মাটি আৰু মানুহৰ প্ৰতি গভীৰ ভালপোৱা, প্ৰকৃতিপ্ৰেম, মানৱ জীৱনৰ সংঘাত আৰু নিৰ্যাতনৰ হুবহু চিত্ৰ। সেয়েহে ৰাইজৰ দুখ-যন্ত্ৰণা, মুখৰ মাত তেওঁৰ কলমৰ আগেৰে নিৰ্ভীকভাৱে ওলাই আহিছিল। ‘পথাৰ’ তেওঁৰ এটি অন্যতম জনপ্ৰিয় কবিতা।৭ এই কবিতাটোৰ বাবে অসমৰ প্ৰথিতযশা সাহিত্যিক টিংখাঙৰ ড॰ মহেন্দ্ৰ বৰাই ৰাম গ‍গৈক ‘জনতাৰ কবি’ৰূপে স্ৱীকৃতি দিছিল। সকলোধৰণত বৈষম্য আঁতৰাই ১৯৮৭ চনত জন্মলাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো কবিতাৰ সংগঠন ‘সদৌ অসম কবি সন্মিলন'৮৯ৰ একেখন পতাকাৰ তলত একেখন মঞ্চত অসমৰ কবিকুলক ঠিয় কৰাই ‘কবিতাই মাত মাতিব লাগিব’ বুলি কাব্যমঞ্চ গঠন কৰি থৈ গৈছে।১০১১

বাহ্যিক সংযোগ

  1. সদৌ অসম কবি সন্মিলন
  2. অসম সাহিত্য সভা
  3. librarydevi.blogspot.com/2019/12/pothaar-poem-of

তথ্যসূত্ৰ

  1. ↑ ৰাম গ‍গৈ কবিতা সমগ্ৰ, পৰাগজ্যোতি মহন্ত, সদৌ অসম কবি সন্মিলন, ২০১৯
  2. ↑ আধুনিক অসমীয়া কবি আৰু কবিতা, ভণিতা নাথ, পূৰ্বায়ণ প্ৰকাশন, ISBN 978-81-92955-57-5
  3. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, জুন ২০১১
  4. ↑ (২০১৩). অসমীয়া কাব্য পৰিক্ৰমা. দত্ত প্ৰকাশন. ISBN 978-81-910937-2-8
  5. ↑ poetrywithoutfear.com/patharar-kabi-ram-gogoir-k
  6. ↑ muktosinta.org/assamese-protest-poetry/
  7. ↑ ভণিতা নাথ. (২০১৯). আধুনিক অসমীয়া কবি আৰু কবিতা (ৰামধেনুৰ পৰা সাম্প্ৰতিকলৈ). পূৰ্বায়ণ প্ৰকাশন. ISBN 978-81-92955-57-5
  8. ↑ www.asomiyapratidin.in/all-assam-kabi-sanmilan-a link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
  9. ↑ assam.nenow.in/poet-ram-gogoi-remembered-in-his-
  10. ↑ ((সদৌ অসম কবি সন্মিলন))
  11. ↑ poetrywithoutfear.com/asamiya-kabitar-dhvajvabah

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম গগৈ” প্ৰবন্ধৰ সংশোধন ৬০৪৬৮৫ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।