অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীধৰ কন্দলি

শ্ৰীধৰ কন্দলি (Shridhar Kandali) মধ্যযুগৰ এগৰাকী বিশিষ্ট অসমীয়া কবি আৰু বৈষ্ণৱ সাহিত্যৰ লেখক। তেওঁ মুখ্যতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত আছিল। তেওঁক ১৫ শতিকাৰ শেষভাগৰ পৰা ১৬ শতিকাৰ মাজভাগলৈকে (শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়ছোৱাত) সক্ৰিয় আছিল বুলি ধৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

শ্ৰীধৰ কন্দলি (Shridhar Kandali) মধ্যযুগৰ এগৰাকী বিশিষ্ট অসমীয়া কবি আৰু বৈষ্ণৱ সাহিত্যৰ লেখক। তেওঁ মুখ্যতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত আছিল। তেওঁক ১৫ শতিকাৰ শেষভাগৰ পৰা ১৬ শতিকাৰ মাজভাগলৈকে (শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়ছোৱাত) সক্ৰিয় আছিল বুলি ধৰা হয়। তেওঁৰ ৰচনা 'ঘুনুচা কীৰ্ত্তন' শংকৰদেৱৰ 'কীৰ্তন ঘোষা'ত সন্নিৱিষ্ট কৰা হৈছিল। শংকৰদেৱৰ জীৱনকাল (১৪৪৯-১৫৬৮) ১৫শ আৰু ১৬শ শতিকাৰ মাজত আছিল। সেয়েহে,তেওঁ ১৭ শতিকাৰ কবি হোৱাৰ সম্ভাৱনা কম। তেওঁ মুখ্যতঃ শংকৰদেৱৰ সময়ৰ বা তাৰ পাছৰ অতি নিকটৱৰ্তী কবি।

ৰচনাৰাজি

শ্ৰীধৰ কন্দলিৰ দুখন গ্ৰন্থ হৈছে 'কাণখোৱা' আৰু কীৰ্তন-ঘোষাৰ অন্তৰ্গত 'ঘুনুচা-কীৰ্তন'। মহাভাৰতৰ “অশ্বমেধ পৰ্ব’’ও তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল৷ তদুপৰি “কানাই ধেমেলীয়া’’ নামৰ এখন হাস্য-ৰসাত্মক পুথিৰ ৰচক বুলিও জনা যায়৷১ কাণখোৱাৰ বিষয়বস্তু শিশু কৃষ্ণ আৰু তেওঁক নিচুকাবলৈ মাতৃ যশোদাই কৰা কাৰ্য৷ নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সৰল প্ৰাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে 'কাণখোৱা'ত প্ৰকাশ কৰিছে।২ ঘুনুচা কীৰ্তনৰ বিষয়বস্তু, কৃষ্ণৰ ইন্দ্ৰদ্যুম্নৰ পত্নী গুণ্ডিচাৰ(ঘুনুচা)ঘৰলৈ যাত্ৰা আৰু সেই কথাত ৰুক্মিণীৰ ঈৰ্ষা আৰু কৃষ্ণৰ ওপৰত খং আৰু অভিমান৷ 'ঘুনুচা-কীৰ্তন'ৰ কাহিনী 'স্কন্দপুৰাণ'ৰ উৎকলখণ্ডৰ কাহিনীৰ আলম লৈ ৰচনা কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ. (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ২৪৮. ISBN 978-81-7339-428-7
  2. ↑ শৰ্মা, ড° সত্যেন্দ্ৰনাথ (সম্পা:). (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. পৃ. ১৫৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীধৰ কন্দলি” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৪৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।