অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দৈত্যাৰি ঠাকুৰ

দৈত্যাৰি ঠাকুৰ (Daityari Thakur) শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰ জীৱনভিত্তিক চৰিতপুথি লিখাৰ লগতে একাধিক নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পুত্ৰ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

দৈত্যাৰি ঠাকুৰ (Daityari Thakur) শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। তেওঁ শংকৰদেৱ আৰু মাধৱদেৱ ৰ জীৱনভিত্তিক চৰিতপুথি লিখাৰ লগতে একাধিক নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পুত্ৰ।১

বংশ পৰিচয়

দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ পুত্ৰ৷ ৰামচৰণৰ তিনি পুত্ৰ দৈত্যাৰি, ত্ৰিপুৰাৰি আৰু নৰহৰি৷ দৈত্যাৰি ঠাকুৰৰ দুগৰাকী পত্নী আছিল৷ প্ৰথমাৱস্থাত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰীয়া মথুৰাদাস বুঢ়া আতাই তেওঁক সুন্দৰীদিয়া সত্ৰৰ মেধি পাতিছিল৷২ পিছত পিতৃ ৰামচৰণৰ নিৰ্দেশত কাষৰীয়া ঠাই বামুণালৈ গৈ সত্ৰ পাতে৷ এইখনেই তেওঁ স্থাপন কৰা প্ৰথম সত্ৰ৷ ইয়াৰ পাছত তেওঁ জামলাই, মালচা, খেকাপাৰা, লুকী আদিত সত্ৰ পাতে৷ জীৱনৰ শেষ কালছোৱা তেওঁ কোচবেহাৰৰ মধুপুৰত বাস কৰিছিল৷৩

দৈত্যাৰি ঠাকুৰৰ বংশলতা এনে ধৰণৰ:-

চক্ৰপাণি হৰিসৰস্বতী হৰিপাল ৰামপাল জয়পাল কৃষ্ণপাল কৃপাল গয়াপাল বা ৰামদাস ৰামচৰণ ঠাকুৰ দৈত্যাৰি, ত্ৰিপুৰাৰি, নৰহৰি৷ গয়াপালৰ পত্নী উৰ্বশী মাধৱদেৱৰ ভনীয়েক আছিল৷

সাহিত্য কৰ্ম

দৈত্যাৰি ঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনক কেন্দ্ৰ কৰি “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত্ৰ’’ নামে এখনি চৰিত পুথি ৰচনা কৰে। এই পুথিখন তেওঁ বেহাৰৰ মধুপুৰ থাকোঁতে লিখিছিল৷ পুথিখন ৰচনা কৰোঁতে তেওঁ পিতৃ ৰামচৰণ ঠাকুৰ আৰু মধুপুৰ সত্ৰৰ প্ৰথমজন সত্ৰীয়া বুঢ়ীৰ পো গোবোন্দ আতৈৰ পৰা সহায় পাইছিল৷ পিছত এই পুথিখন হৰিবিলাস আগৰৱালাই ১৯০০ চনত ছপা কৰি প্ৰকাশ কৰে৷৪ সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থত উল্লেখ কৰিছে যে "দৈত্যাৰি ঠাকুৰৰ চৰিত বহু পৰিমাণে নিৰ্ভৰযোগ্য, অতিপ্ৰাকৃত ঘটনাও বৰ বিশেষ নাই।"

ঠাকুৰ ৰচিত নাট দুখন হ'ল- নৃসিংহ যাত্ৰা আৰু স্যমন্ত হৰণ৪। এই নাট দুখনৰ কলাকৌশলত বৰ বিশেষ গুৰুত্ব দেখিবলৈ পোৱা নাযায় যদিও গীতবোৰ যথেষ্ট আকৰ্ষণীয়।১

তথ্যসূত্ৰ

  1. ↑ সত্যেন্দ্ৰনাথ শৰ্মা. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
  2. ↑ ৰায়চৌধুৰী, ড° ভূপেন্দ্ৰ. (২০০৭). মথুৰাদাস বুঢ়া আতাৰ জীৱন সুৰভি. ৰেখা প্ৰকাশন. পৃ. ৯১
  3. ↑ ঠাকুৰ, দৈত্যাৰি. (১৯৫৫ চন). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধবদেৱ. দত্তবৰুৱা পাব্লিছিং প্ৰ: কো: লি:
  4. ↑ দাস, দিগম্বৰ. (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন-জেউতি প্ৰকাশন, বৰপেটা. পৃ. ১৩৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈত্যাৰি ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৫০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।