মৃদুল হালৈ (Mridul Haloi) এগৰাকী অসমীয়া কবি আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ পাতত তেওঁ কবি হিচাপে আত্মপ্ৰকাশ কৰে। অকলে আছোঁ কুশলে আছোঁ কাব্য সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটা আৰু সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে।
চমু জীৱনী
১৯৮৮ চনৰ ৫ ফেব্ৰুৱাৰীত পাগলাদিয়া নদী নদীৰ পাৰত অৱস্থিত নলবাৰী জিলাৰ চেংনৈ (বালিতাৰা)ত মৃদুল হালৈৰ জন্ম হয়। তেওঁৰ পিতৃ বালিতাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোৱৰ্ধন হালৈ আৰু মাতৃ অণিমা হালৈ। বালিতাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ শংকৰদেৱ একাডেমী, নলবাৰীত অধ্যয়ন কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰে।
সাহিত্যকৃতি
... ভাব আৰু ভাষাৰ মাধুৰ্য মৃদুলৰ কবিতাত আছে। তেওঁৰ কবিতাৰ চিন্তা-ঐতিহ্য আমাৰ সংস্কৃতিৰ পৰা সৃষ্টি হোৱা, বিদ্যায়তনিক আধুনিকতাৰ পৰা তেওঁ দূৰৈত, ৰোমাণ্টিক, কিন্তু বাস্তৱ জগতক তেওঁ অস্বীকাৰ কৰা নাই। আধুনিকতাৰ অৱক্ষয়ধৰ্মীতাৰ বিপৰীতে জীৱন আকাংক্ষাক পৰম (absolute) মৰ্যাদা দিয়া এইজন কবিৰ ছোঁঘৰত নীৰৱতা আৰু নিসংগতা লুকাই আছে। সেয়েহে তেওঁ লিখা কবিতাবোৰ পঢ়ি, ভাল কবিতাবোৰ সাম্প্ৰতিক জীৱনৰ হাই-উৰুমি, কোহালৰ পৰা তুলি অনা ব্যাখ্যা নহয় বুলি আমি পতিয়ন গৈছোঁ। বহুদিনৰ মূৰৰ্ত মৃদুলৰ কেইটামান কবিতাই কবিতা পঢ়াৰ virgin অনুভূতিৰ মুখামুখি কৰোৱাইছে।১
— অৰিন্দম বৰকটকী
স্কুলীয়া দিনৰ পৰা কবিতাৰ চৰ্চা আৰম্ভ কৰা হালৈৰ প্ৰথম কবিতা 'শৰৎ' শিশু আলোচনী মৌচাক (আলোচনী)ত প্ৰকাশিত হয়। কলেজত পঢ়ি থকা সময়ত তেওঁ কবিতাৰ প্ৰতি অধিক আগ্ৰহী হয় আৰু ২০০৬ চনত প্ৰান্তিক আলোচনীত কবিতা প্ৰকাশিত হোৱাৰ পিছত কবিতা সম্বন্ধে অধিক সচেতন হয়। কবি নীলমণি ফুকনক আদিগুৰু হিচাপে মানি অহা হালৈৰ প্ৰথম কাব্য সংকলন “অকলে আছোঁ কুশলে আছোঁ” ২০১০ চনত প্ৰকাশ পায়। এই সংকলনটিত ২০০৬ চনৰ পৰা ২০১০ চনলৈ ৰচিত কবিতাসমূহ সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনটিৰ বাবে তেওঁ ২০১৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা আৰু ২০১৫ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে। ২০১৪ চনত তেওঁৰ দ্বিতীয় কাব্যপুথি “আমাৰ ভাল হ’ব” প্ৰকাশিত হয়।২ ইয়াৰ উপৰিও তেওঁ নীলমণি ফুকনৰ কবিতাৰ নেপথ্য " নামৰ আন এখন গ্ৰন্থ সম্পাদনা কৰে য'ত নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ সৈতে সম্পাদকৰ কথোপকথন, কবিতাৰ সৃষ্টিৰ আঁৰৰ কথা আৰু কবিতাৰ সৈতে জড়িত কিছু চিত্ৰকৰ্ম সংযোজিত হৈছে। ২০১৬ চনত প্ৰকাশিত এই কিতাপখনৰ প্ৰকাশক আঁক-বাক।
কাব্যশৈলী
মূলতঃ নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য আৰু নীলিম কুমাৰৰ দ্বাৰা অনুপ্ৰাণিত হোৱা হালৈৰ কবিতাত আইতাকৰ মুখত শুনা লোকগীত, পদ, লোককথা আদিৰ যথেষ্ট প্ৰভাৱ আছে বুলি তেওঁ স্বীকাৰ কৰিছে। তদুপৰি আইতাকক অকালতে হেৰুওৱাৰ ফলত তেওঁৰ কবিতালৈ এক বিষণ্ণতা অথবা নিসংগতাবোধ অহা বুলিও তেওঁ কৈছে।৩ সাহিত্য অকাডেমিৰ বঁটা প্ৰদান পুস্তিকাত হালৈৰ কবিতাত ব্যৱহৃত ঠাঁচ সমূহে গভীৰ মানৱীয় সম্বন্ধক ৰেখাংকিত কৰিছে তথা যথাৰ্থ বোধ স্বৰূপে কাৰ্য কৰে বুলি উল্লেখ কৰা হৈছে। হৰেকৃষ্ণ ডেকাই কৈছে "তেওঁৰ অনুচ্চ কণ্ঠৰ কবিতাবোৰত নিসংগতা, বিষাদ, বিচ্ছেদৰ বেদনা মৰ্মস্পৰ্শী হৈ প্ৰকাশ পাইছে।" ১
সাংবাদিকতা
২০১২ চনৰ পৰাই মৃদুল হালৈয়ে নিয়মীয়া বাৰ্তা কাকতত উপ-সম্পাদক হিচাপে কাম কৰে।৩ তাৰ পিছত তেওঁ দৈনিক জনমভূমি কাকতৰ সম্পাদনা বিভাগত কাম কৰে। ইয়াৰ লগতে তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ অসমীয়া আলোচনী এই সময়তো সহকাৰী সম্পাদক হিচাপে কাম কৰে। সম্প্ৰতি তেওঁ দৈনিক অসম কাকতৰ উপ-সম্পাদক হিচাপে কৰ্মৰত হৈ আছে।
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
- ↑ মৃদুল হালৈ. অকলে আছোঁ, কুশলে আছোঁ. আঁক-বাঁক
- ↑ (2018-07-01). A few poems of Mridul Haloi
- ↑ দীপাংকৰ দত্ত. কবি মৃদুল হালৈৰ সৈতে আলাপ. আমাৰ অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃদুল হালৈ” প্ৰবন্ধৰ সংশোধন ৩২৬৬১৩ (৫ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।