বীৰেন বৰকটকী (Biren Borkataki) (১৯২৪-২০০২) বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক, সমালোচক আৰু শিক্ষাবিদ আছিল তেওঁ। ১৯৪২ চনত মোহনদাস কৰমচান্দ গান্ধীৰ লগত স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কাৰাবাসো খাটিছিল। অসম সাহিত্য সভালৈ আগবঢ়োৱা বৰঙণিৰ বাবে বৰকটকীদেৱক ১৯৮৬ চনত কামপুৰত বহা অসম সাহিত্য সভাৰ ৫২তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল১২।
জন্ম আৰু শিক্ষা
শিক্ষাবিদ তথা বিশিষ্ট কবি বীৰেন বৰকটকীৰ ১৯২৪ চনৰ ২৩ মাৰ্চত শোণিতপুৰ জিলাৰ বগলীবাৰীত জন্ম হয়। প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা চতিয়াত গ্ৰহণ কৰাৰ পিছত ১৯৪২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯৪৯ চনত কাশী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছত ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।২
কৰ্মজীৱন
বীৰেন বৰকটকীদেৱে জামুগুৰি হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰি কৰ্মময় জীৱনৰ আৰম্ভনি কৰে। পিছত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ১৯৪৩ চনত সাদিনীয়া অসমীয়া কাকতৰ সহকাৰী সম্পাদক হোৱাৰ উপৰিও দৈনিক অসমীয়া, নতুন অসমীয়া আৰু দৈনিক অসম কাকতৰ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ মাজতে ১৯৪২ চনত মহাত্মা গান্ধীৰ লগ লাগি স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কেইবাবাৰো কাৰাবাস খাটিব লগিয়া হৈছিল। তেওঁ ৰামধেনু আলোচনীৰ সম্পাদনাৰ লগতো জড়িত আছিল।২
মৃত্যু
এইগৰাকী বিশিষ্ট কবি, সাহিত্যিকৰ ২০০২ চনৰ ৪ নৱেম্বৰ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে।
সাহিত্যিক অৱদান
ৰচনা সংকলন
- মন্বন্তৰ, (কবিতা)
- চিৰন্তন,(কবিতা)
- চিনাকি পৃথিৱী,(কবিতা)
- কুমাৰী পৃথিৱী, (অনুবাদ গ্ৰন্থ)
- প্ৰেম আৰু শঙ্কাৰে, (অনুবাদ গ্ৰন্থ)
- ভৰলীৰ পাৰে পাৰে, (উপন্যাস)
- পিতামহ, (উপন্যাস)
- মৃত্যু গচকি আনা জয়জিনি,(উপন্যাস)
- পাশ্চাত্য সাহিত্যত এভুমুকি, (আলোচনামূলক গ্ৰন্থ)
- সাহিত্যৰ পটভূমি, (আলোচনামূলক গ্ৰন্থ)
- সাহিত্য-সংস্কৃতিৰ দুটি এটি, (আলোচনামূলক গ্ৰন্থ)
- ইংৰাজী ৰমন্যাসিক কবিৰ কাব্য প্ৰতিভা, (আলোচনামূলক গ্ৰন্থ)
অন্যান্য গ্ৰন্থ
- খোজতে মিলাও খোজ,
- শিশু মনৰ সাধু,
- মহৰ্ষি টলষ্টয়ক বুজাৰ চেষ্টাৰে,
- সৃষ্টি তুলিকাৰ প্ৰাণ,
- বেজবৰুৱাৰ সাহিত্য প্ৰতিভা,
- ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ।
তথ্যসূত্ৰ
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃ. ১৫১,১৫২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেণ বৰকটকী” প্ৰবন্ধৰ সংশোধন ৫৮৬৯১২ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।