তৰুণ চন্দ্ৰ পামেগাম (Tarun Chandra Pamegam, মিচিং: Torun Sondro Pa:megam জন্মঃ ১৬ আগষ্ট ১৯২৪) অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।১২ তেওঁ অসম চৰকাৰৰ মিচিং সমাজৰ পৰা প্ৰথম সাহিত্যিক পেন্সন পোৱা ব্যক্তি। ১৯৭৪ চনৰ অসম সাহিত্য সভাৰ তেওঁ উপ-সভাপতিও আছিল।২
চমু জীৱনী
তৰুণ চন্দ্ৰ পামেগামৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৬ আগষ্টত মাজুলীৰ ২ নং বৰগঞা গাঁৱত২। তেওঁ কমলাবাৰীৰ হেমচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু যোৰহাট চৰকাৰী হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰে। সেই সময়তে তেওঁ সাদিনীয়া ’তৰুণ অসম’ কাকতত ’উঠা এটি ক্ষণ, মিৰি ছাত্ৰগণ, আহা কৰোঁ পণ, নহ’বা বিমন’ নামৰ কবিতা এটি প্ৰকাশেৰে সাহিত্য চৰ্চা আৰম্ভ কৰে। স্কুলত পঢ়ি থকা কালতে তেওঁ আৱাহন আৰু জয়ন্তী কাকতত মিচিং সামাজিক ৰীতি-নীতি সম্পৰ্কীয় ভালেমান প্ৰবন্ধ প্ৰকাশ কৰে। ২ সেই সময়তে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ পিতৃ বুধবৰ পামেগামৰ মৃত্যু হোৱাত তেওঁ শিক্ষা আধাতে সামৰি মাজুলীলৈ উভতি আহে।
পৰৱৰ্ত্তীকালত তেওঁ শ্বিলঙলৈ গৈ বায়ুসেনা বাহিনীত যোগ দিয়ে। প্ৰায় ডেৰবছৰ কাল তেওঁ মু্ম্বাই, লাহোৰ, আম্বালা আদিত কৰ্মৰত হৈ থাকি পুনৰ মাজুলীলৈ উভতি যায়। ১৯৪৪ চনত তেওঁ মাজুলীত জেংৰাইমুখ এম ই স্কুল প্ৰতিষ্ঠা কৰি শিক্ষকতা আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ ১৯৪৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।২
১৯৪৫ চনৰ পতা প্ৰায় তিনিবছৰ ধৰি পামেগামে ’আৰোহণ' নামৰ এখন তিনিমহীয়া আলোচনী সম্পাদনা কৰিবলৈ লয়।২ ১৯৫২ চনত তেওঁ গড়মূৰ সত্ৰৰ এম ই স্কুলত প্ৰধান শিক্ষক ৰূপে কাৰ্য নিৰ্বাহ কৰে। সেই সময়ছোৱাতে তেওঁ মাজুলী মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৫ চনত স্নাতক ডিগ্ৰীও লাভ কৰে।২
১৯৫৩-৫৬ সময়ছোৱাত তেওঁ ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ তত্ত্বাৱধানত মিচিং লোকগীত আৰু লোকসাধু সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে অসমৰ প্ৰায়বোৰ মিচিং গাওঁ ভ্ৰমণ কৰিছিল।২
সাহিত্য চৰ্চাৰ লগতে তেওঁ মিচিং গীত কবিতাও ৰচনা কৰিছিল আৰু সুৰ দি নিজে গাইছিল। ১৯৫০ চনত ’কা:য়ুমনৌ অইয়া, চ:য়ুমবিতই (ধুনীয়াকৈ চেনেহীজনী, সুন্দৰকৈ নাচি দিয়া) শীৰ্ষক এটা স্বৰচিত মিচিং আধুনিক গীত শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ পৰা পোন প্ৰথম প্ৰচাৰিত হয়। তেওঁৰ গীতমূহ পৰৱৰ্ত্তী কালত ‘তৰুণ চন্দ্ৰ পা:মেগা:মকৌ আনুনি:তম নামৰ এখন সংকলনত প্ৰকাশ পাইছে।২
তৰুণ চন্দ্ৰ পামেগাম ১৯৮৯ চনত দুৰাৰোগ্য পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শিক্ষকতাৰ পৰা স্বেচ্ছাৰে অৱসৰ লয়। ১৯৮৩ চনৰ ৩০ আগষ্টত তেওঁৰ মৃত্যু হয়।৩
সাহিত্যিক অৱদান
তৰুণ চন্দ্ৰ পামেগামে কেইবাটাও ৰচনা কৰি থৈ গৈছে। সেতু তেওঁৰ এখন অনাতাঁৰ প্ৰযুক্তি নাটক।৪ এই নাটকে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিছিল। মিচিং লোকগীতৰ বিষয়ে ৰচিত মিচিং সকলৰ লোক গীত তেওঁৰ অন্য এখন গ্ৰন্থ।৫ তৰুণ চন্দ্ৰ পামেগামৰ গ্ৰন্থসমূহ হ'ল২:
- চকামকা (কবিতা সংকলন), ১৯৪৩
- নাৰী (কবিতা সংকলন), ১৯৪৪
- সমাজৰ শেষ সীমা (উপন্যাস)
- পাহাৰ পুৰী (উপন্যাস)
- অগ্নি যুগৰ ফিৰিঙতি (ডিটেকটিভ উপন্যাস)
- ফৰমুলা (নাটক)
- চোৰ (অনাতাঁৰ নাটক)
- সেতু (অনাতাঁৰ নাটক)
- পৰাচিত (অনাতাঁৰ নাটক)
- ফেঁহুজালি (অনাতাঁৰ নাটক)
- সংকল্প (অনাতাঁৰ নাটক)
- তৰুণচন্দ্ৰ পামেগাম ৰচনাৱলী (প্ৰথম খণ্ড) অসম সাহিত্য সভা-সংকলক ভৃগুমুনি কাগয়ুং আৰু সহযোগী সম্পাদক দীলিপ কুমাৰ ফুকন। ১৯৮৯
- Prominant Mesing Personalities of Assam (Part-1), Edited by Nabin Taye 1993
- মিচিং সংস্কৃতিৰ আলেখ্য–সম্পাদনা ভৃগুমুনি কাগয়ুং। ১৯৮৯, পৰিবৰ্ধিত সংস্কৰণ
- মিচিং আনুনিঃতম-(মিচিং আধুনিক গীত) শচন্দ্ৰ পামেগান -(সম্পাদনা ভৃগুমুনি কাগয়ুং)। প্ৰথম প্ৰকাশ ১৯৮৫, দ্বিতীয় প্ৰকাশ ১৯৮৮
- অসমৰ জনজাতি গীতি সংকলন— সংকলক ভৃগুমুনি কাগয়ুং -১৯৮৭।
- Folk songs of the Misings-Ednor Birendra Nath Dutta, 1992
- তশচন্দ্ৰৰ ৰচনাৱলী গ্ৰন্থৰ কবিতা শাখাত 'প্ৰথম কুকুৰাৰ ডাক’, ‘মইনাৰ মাত' আদি পচিশটা পদ্য, গীতৰ শাখাত ‘কায়ুমনৌ অইয়া’, ‘কাজৌ মলাঃজে অকুম্ আঁইয়া আদি ষোল্লটা গীত; উপন্যাস শাখাত, ‘পাহাৰ পুৰী', 'সমাজৰ শেষ সীমাত’ আৰু 'অগ্নিযুগৰ ফিৰিঙতি' এই তিনিখন উপন্যাস, একাঙ্কিকা নাট শাখাত সেতু’, ‘পৰাচিত', ‘ফেহুজলি, সংকল্প, ‘চোৰ', সন্ধি' এই দুখন নাট, মিচিং সাধুকথা শাখাত, ‘গাহৰি আৰু কুকুৰা', আকাশখন ওখ হল কেনেকৈ’আদি সাতত্ৰিশটা সাধু, সিদ্ধি সাধু শাখাত “বেটা আৰু ঘৈণী’,তই নেই’আদি ছটা গল্প, গল্পৰ লেছেৰিশাখাত 'আলহী', ওভতনি আদি বাৰটা গল্প, আত্মকাহিনী শাখাত সৈনিক জীৱন’,পিতাম্বৰপ্ৰভুৰ সান্নিধ্যৰ সোঁৱৰণ এই দুটা আত্মজীৱনীমূলক কাহিনী সন্নিবিষ্ট হৈছে
- মিচিং আলু নিঃতম’ হত “কায়ুম নৌ অইয়া” “কাজী মালাঃজী”আদি পোন্ধৰটা স্বৰচিত মিচিং আধুনিক গীত সংকলিত হৈছে। অসমৰ জনজাতি গীতি সংকলন গ্ৰত দৃশ্বন ভাঙামাঞ্চাই”(শীতৰ নিয়ৰ সৰা নাছিল) আৰু “অঃনাম পৌততাঃ ন, দৌংকুৱংকা” (পোহনীয়া চৰাইটো উৰি যোৱাগৈ) আদি দুটা স্বৰচিত আধুনিক মিচিং গীত সন্নিবিষ্ট হৈছে। মিচিং সংস্কৃতিৰ আলেখ্য এই নিম্নোক্ত প্ৰবন্ধসমূহ সন্নিবিষ্ট হৈছে। যেনে - “মিৰি বা মিচিং’, ‘মিচিং সমাজৰ সাংস্কৃতিক জীৱন ধাৰা’, ‘মুৰংঘৰ’, ‘আলি আই লৃগাং, মিচিং সমাজত সমবায় প্ৰথা', 'বয়ন শিলত মিচিং জীয়ৰী’, ‘মিচিং ধৰ্মবিশ্বাস আৰু গেনা’, ‘মিচিঙৰ জন্ম মৃত্যুৰ শুছি’, ‘পঃৰাগ’, ‘মিচিং ঘৰআৰু ঘৰ লোৱা আদি।
বঁটা আৰু সন্মান
- সাহিত্যিক পেন্সন, অসম চৰকাৰ; ১৯৭৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ বিবেকানন্দ গগৈ. বিন্যাস আলোচনী, তৰুণ চন্দ্ৰ পামেগামৰ সাহিত্য আৰু জীৱন. নৰ্থ লখিমপুৰ কলেজ সাহিত্য সভা. পৃ. ১১
- ↑ ’তৰুণ চন্দ্ৰ পামেগামৰ জীৱন আৰু সাহিত্যকৰ্ম’- ভানু দলে; প্ৰান্তিক ১ ছেপ্টেম্বৰ ২০২০; পৃষ্ঠা ৩৩-৩৪
- ↑ Some great Assamese in the last 1000 years. Assam Portal Online since 1997
- ↑ (Thursday, February 16, 2012). AIR Dibrugarh celebrates 43 years. The Assam Tribune
- ↑ Folksongs of the Misings / collected and compiled by late Tarun Chandra Pamegam; editor, Birendranath Datta. University of Pennsylvania. Penn Libraries
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰুণ চন্দ্ৰ পামেগাম” প্ৰবন্ধৰ সংশোধন ৬৩৩৩৪৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।