অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিমাংশু প্ৰসাদ দাস

হিমাংশু প্ৰসাদ দাস (Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ‌ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হিমাংশু প্ৰসাদ দাস (Himanshu Prasad Das) অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ‌ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। ছাকিৰা আহিব বকুলতলৰ বিহুলৈ তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ।১

জন্ম আৰু শিক্ষা

১৯৮২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ আমৰাংগা বৰিহাটত হিমাংশু প্ৰসাদ দাসৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম সমুদ্ৰনাথ দাস। আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা দাসে কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ (১ আগষ্ট, ২০২০). হিমাংশু প্ৰসাদ দাসৰ সৈতে সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. ফটাঢোল

সম্পৰ্কিত শ্ৰেণী

অসমীয়া নাট্যকাৰঅসমীয়া কবিঅসমীয়া ভাষাৰ গীতিকাৰঅসমীয়া অভিনেতাঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমাংশু প্ৰসাদ দাস” প্ৰবন্ধৰ সংশোধন ৫২৭৭৫৬ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।