অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰবীণ ফুকন

প্ৰবীণ ফুকন (Prabin Phukan; মৃত্যু ১৪ এপ্ৰিল ১৯৮৫) এজন অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা এজন সুদক্ষ খেলুৱৈ আছিল। তেওঁ সপ্তম অসমীয়া চলচ্চিত্ৰ পাৰঘাটৰ পৰিচালক আছিল। লাচিত বৰফুকন (১৯৬১) তেওঁ লক্ষ্যধৰ চৌধুৰীৰ সৈতে যুটীয়াভাবে পৰিচালনা কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৩ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

প্ৰবীণ ফুকন (Prabin Phukan; মৃত্যু ১৪ এপ্ৰিল ১৯৮৫) এজন অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা এজন সুদক্ষ খেলুৱৈ আছিল।১ তেওঁ সপ্তম অসমৰ চলচ্চিত্ৰ পাৰঘাটৰ পৰিচালক আছিল। লাচিত বৰফুকন (১৯৬১) তেওঁ লক্ষ্যধৰ চৌধুৰীৰ সৈতে যুটীয়াভাবে পৰিচালনা কৰিছিল। বিভিন্ন নাটকত অভিনয় কৰাৰ উপৰিও তেওঁ দুখনকৈ অসমীয়া ছবি- পাৰঘাট (১৯৪৯)২ আৰু লখিমীৰ (১৯৫৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৩

জন্ম আৰু পৰিচয়

প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা প্ৰবীণ ফুকনৰ (১৯১২-১৯৮৫) গুৱাহাটীত জন্ম।৪ দেউতাক নবীনচন্দ্ৰ ফুকন ৰঙিয়াৰ হ'লেও তেওঁ আছিল লাচিত বৰফুকনৰ বংশধৰ।৪ মাতৃ অময়া ফুকন। লতাশিল এল পি স্কুলৰ পৰা প্ৰবীণ ফুকনে প্ৰথমিক শিক্ষা সাং কৰে। কটন কলেজিয়েট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিছিল যদিও খেলা-ধূলাত ব্যস্ত থাকি স্নাতক ডিগ্ৰী লোৱা নহ'ল।৪ তেওঁ কেইবছৰমান কামৰূপ একাডেমী স্কুলত শিক্ষকতা কৰিছিল। ফুটবল, টেনিছ, বেডমিণ্টন আদি খেলত সুনাম অৰ্জন কৰিছিল। ফুকন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমটো উপদেষ্টা মণ্ডলীৰ সদস্য আছিল।৪পিয়ানোবাদক হিচাপেও সুখ্যাতি লাভ কৰিছিল। ৰাজ্য চৰকাৰৰ সাহিত্যিক পেঞ্চন (১৯৭৬) লাভ কৰা ফুকনক গুৱাহাটী শিল্পী সংঘই ‘নাট্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰিছিল। ৪

সাহিত্য কৃতি

কাল পৰিণয় শীৰ্ষক নাটকেৰে নাট্যকাৰ ৰূপে আত্মপ্ৰকাশ কৰা ফুকনৰ দ্বাৰা ৰচিত নাটকৰ সংখ্যা প্ৰায় ৩০খন।তেওঁৰ কেইখনমান নাটক হ’ল- আসাম হলিউড, মণিৰাম দেৱান, লাচিত বৰফুকন, শতিকাৰ বান, বিশ্বৰূপা আদি। বহুৰূপী, দুই দোস্ত, কমাৰ্চিয়েল মেৰেজ, বংশধ্বজৰ কীৰ্তি, বহ্বাৰম্ভে লঘূক্ৰিয়া, ৰাম-টাঙোন আদি কেইখনমান তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য প্ৰহসন। তেওঁ অঁনাতাৰ কেন্দ্ৰৰ বাবেও নাট ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত আছে- নদ আৰু নদী, ছাইক্লন, নপতা ফুকন, অভাৰব্ৰিজ, চতুৰঙ্গী, সমিধান, নীলমাধৱ আদি।১

অসমীয়া চলচ্চিত্ৰ লাচিত বৰফুকন (১৯৬১) আৰু মণিৰাম দেৱানৰ (১৯৬৪) কাহিনী আৰু চিত্ৰনাট্য ফুকনৰ একে নামৰ মঞ্চনাটৰ আধাৰত ৰচনা কৰা হৈছিল।৫৬

১৯৮৫ চনৰ ১৪ এপ্ৰিলত ফুকনৰ মৃত্যু হয়।১

তথ্যসূত্ৰ

  1. ↑ প্ৰবীণ ফুকনৰ মণিৰাম দেৱান. Sapatgram College
  2. ↑ (১৯৯৫). মঞ্চলেখা, পৃঃ ৩০৯, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী
  3. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮). শশী শিশু প্ৰকাশন, গুৱাহাটী
  4. ↑ জলীন প্ৰকাশ চেতিয়া সম্পাদিত. (২০২৩). প্ৰবীণ ফুকনৰ মণিৰাম দেৱান নাটক. অসম বুক ট্ৰাষ্ট. পৃ. বেটুপাতৰ লেখক পৰিচিতি
  5. ↑ মঞ্চলেখা, পৃষ্ঠা ৩২৩, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  6. ↑ অৰুণলোচন দাস. (২০০১). এবাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতাঅসমীয়া নাট্যকাৰঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণ ফুকন” প্ৰবন্ধৰ সংশোধন ৩৫১৪৯২ (২৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।