অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছমীৰা মখমলবাফ

ছমীৰা মাখমালবাফ (ফাৰ্চী: سمیرا مخملباف; জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৮০) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু লেখক মহচেন মাখমালবাফৰ কন্যা। ছমীৰা মাখমালবাফক "ইৰানী নতুন ঢৌ"ৰ অন্যতম অংশ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছমীৰা মাখমালবাফ (ফাৰ্চী ভাষা: سمیرا مخملباف; জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৮০) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ।১২ তেওঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু লেখক মহচেন মাখমালবাফৰ কন্যা।৩ ছমীৰা মাখমালবাফক "ইৰানী নতুন ঢৌ"ৰ অন্যতম অংশ হিচাপে গণ্য কৰা হয়।৪৫ তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত দুবাৰকৈ জুৰী বঁটা লাভ কৰাকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিছে।৬

কেৰিয়াৰ

১৭ বছৰ বয়সত দুখন ভিডিঅ' প্ৰযোজনা পৰিচালনা কৰাৰ পাছত মাখমালবাফে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ দ্য এপল পৰিচালনা কৰে।৭ তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত দ্য এপল প্ৰদৰ্শন কৰিছিল। ১৯৯৮ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত দিয়া এক সাক্ষাৎকাৰত ছমীৰা মাখমালবাফে উল্লেখ কৰিছিল যে খাতামীৰ ৰাষ্ট্ৰপতিত্বৰ বাবে ইৰাণত সৃষ্টি হোৱা নতুন পৰিস্থিতি আৰু পৰিৱৰ্তিত পৰিৱেশৰ বাবেই দ্য এপল চলচ্চিত্ৰখনে প্ৰাণ পাই উঠিছিল। এই চলচ্চিত্ৰখন দুবছৰৰ ভিতৰত ১০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসবলৈ আমন্ত্ৰিত হৈছিল আৰু ৩০খনতকৈও অধিক দেশৰ ছবিগৃহত প্ৰদৰ্শিত হৈছিল। ২০০০ চনত তেওঁ ২২সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল।৮

মাখমালবাফ বহুতো বঁটাৰ বিজেতা আৰু মনোনীত প্ৰাৰ্থী হৈছে। তেওঁ পৰিচালনা কৰা ব্লেকব'ৰ্ডছ (২০০১) আৰু এট ফাইভ ইন দ্য আফটাৰনুন (২০০৩) চলচ্চিত্ৰৰ বাবে দুবাৰকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ গোল্ডেন পাম বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ ক্ৰমে ২০০১ আৰু ২০০৩ চনত দুয়োখন ছবিৰ বাবে কাঁ মহোৎসৱৰ জুৰী বঁটা (Prix du Jury) লাভ কৰে। ইয়াৰ উপৰি ছমীৰা মাখমালবাফে ১৯৯৮ চনত দ্য এপল চিনেমাৰ বাবে লণ্ডন চলচ্চিত্ৰ মহোৎসৱত ছাদৰলেণ্ড ট্ৰফী আৰু ২০০২ চনত ৱেনিছ চলচ্চিত্ৰ মহোৎসৱত ১১'০৯"০১ ছেপ্টেম্বৰ ১১ ছবিৰ বাবে ইউনেস্কো বঁটা লাভ কৰে। ২০০৩ চনত ব্ৰিটিছ বাতৰি কাকত দ্য গাৰ্ডিয়ানৰ সমালোচকৰ পেনেলে বৰ্তমান সময়ৰ কাম কৰি থকা বিশ্বৰ ৪০ গৰাকী শ্ৰেষ্ঠ পৰিচালকৰ তালিকাত মাখমালবাফৰ নাম অন্তৰ্ভুক্ত কৰিছিল।৯

টু লেগড হৰ্চ চলচ্চিত্ৰখনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত আফগানিস্তানত শ্বুটিং কৰি থকা অৱস্থাত মাখমালবাফ আৰু তেওঁৰ দলটো এক আক্ৰমণৰ বলি হৈছিল। বজাৰ এখনৰ চালৰ ওপৰত অতিৰিক্ত শিল্পী হিচাপে সোমাই পৰা এজন ব্যক্তিয়ে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত ছবিখনৰ কাম-বন্ধ হৈ পৰে। এই আক্ৰমণত দলটোৰ ছয়গৰাকী সদস্য গুৰুতৰভাৱে আহত হয় আৰু এটা ঘোঁৰাৰ মৃত্যু হয়। এক সাক্ষাৎকাৰত মাখমালবাফে কৈছিল: "মই সৰু ল'ৰাবোৰক মাটিত বাগৰি পৰা দেখিছিলোঁ আৰু গোটেই ৰাস্তাটো তেজেৰে উপচি পৰিছিল... মোৰ প্ৰথম ভাৱ হৈছিল যে মই মোৰ দেউতাকক আৰু কেতিয়াও দেখা নাপাম।" এই প্ৰত্যাহ্বানৰ মাজতো তেওঁ চলচ্চিত্ৰখন সম্পূৰ্ণ কৰে আৰু ২০০৮ চনত ফ্ৰান্সত ইয়াৰ প্ৰাৰম্ভিক মুক্তি দিয়া হয়।

টু লেগড হৰ্চ সম্পূৰ্ণ কৰাৰ পাছত মাখমালবাফে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনয়ন লাভ কৰে আৰু অৱশেষত ঘেণ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ছান ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু তালিন ব্লেক নাইটছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হয়।

তথ্যসূত্ৰ

  1. ↑ BBC News · MIDDLE EAST · Iranian director makes history. news.bbc.co.uk
  2. ↑ Cannes 2003 - Samira Makhmalbaf Receives The Jury Prize. www.theguardian.com
  3. ↑ Whitaker, Sheila. (2000-12-10). Keep it in the family. The Observer
  4. ↑ (2020-10-19). The Wunderkind Iranian Director Who Stopped Making Films. The New Yorker
  5. ↑ Vincent, Sally. (2004-04-03). Beyond words. The Guardian
  6. ↑ Samira MAKHMALBAF. Festival de Cannes
  7. ↑ Weale, Sally. (2000-12-15). Angry young woman. The Guardian
  8. ↑ 22nd Moscow International Film Festival (2000). MIFF
  9. ↑ Bradshaw, Peter, Xan Brooks, Molly Haskell, Derek Malcolm, Andrew Pulver, B. Ru Rich, and Steve Rose. "The World's 40 Best Directors." The Guardian. Guardian News and Media, 13 Nov. 2003. Web. 30 Apr. 2012

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছমীৰা মখমলবাফ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৯০ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।